Vaibhav Suryavanshi: জয়পুৰত ‘বৈভৱ’নামা! আই পি এলত সৃষ্টি হ’ল নতুন ইতিহাস, স্তম্ভিত ক্ৰিকেট বিশ্ব
Vaibhav Suryavanshi: বয়স মাথোঁ এক সংখ্যা। প্ৰায়েই জ্যেষ্ঠতাৰ ক্ষেত্ৰত ব্যৱহৃত হয় এই বাক্যশাৰী। কনিষ্ঠ লোকৰ কৃতিত্বৰ ক্ষেত্ৰতো যে এই বাক্যটি ব্যৱহাৰ কৰিব পাৰি, তাৰেই যেন আজি ইঙ্গিত দিলে বৈভৱ সূৰ্যবংশীয়ে। আই পি এল ইতিহাসৰ সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে ইতিপূৰ্বেই অভিলেখ ৰচা বৈভৱে আজি জয়পুৰত অনন্য কৃতিত্ব ৰচি সমগ্ৰ ক্ৰিকেট বিশ্বক চমকিত কৰি তোলে।

বয়স মাথোঁ এক সংখ্যা। প্ৰায়েই জ্যেষ্ঠতাৰ ক্ষেত্ৰত ব্যৱহৃত হয় এই বাক্যশাৰী। কনিষ্ঠ লোকৰ কৃতিত্বৰ ক্ষেত্ৰতো যে এই বাক্যটি ব্যৱহাৰ কৰিব পাৰি, তাৰেই যেন আজি ইঙ্গিত দিলে বৈভৱ সূৰ্যবংশীয়ে। মাত্ৰ ১৪ বছৰ বয়সতে অভিষেক ঘটাই আই পি এল ইতিহাসৰ সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে ইতিপূৰ্বেই অভিলেখ ৰচা বৈভৱে আজি জয়পুৰত অনন্য কৃতিত্ব ৰচি সমগ্ৰ ক্ৰিকেট বিশ্বক চমকিত কৰি তোলে। ক্ৰিকেট মানেই অভিলেখ ভঙা পতাৰ খেল। পিছে আজি বৈভৱ সূৰ্যবংশীয়ে যি কৰি দেখুৱালে সেয়া আছিল সকলোৰে কল্পনাৰ বাহিৰত।
আই পি এলৰ আজিৰ মেচত গুজৰাট টাইটানছৰ বিপক্ষে ৰাজস্থান ৰয়েলছৰ এই কিশোৰ বেটাৰগৰাকীয়ে খেলিলে স্বপ্নৰ ইনিংছ। চলিত ছিজনত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰা গুজৰাটৰ বলিং আক্ৰমণক বিধ্বস্ত কৰি বৈভৱ সূৰ্যবংশীয়ে এক অবিস্মৰণীয় শতকীয় ইনিংছ খেলে। মাত্ৰ ৩৮টা বলত ৭টা চাৰি আৰু ১১টা ছয় কোবাই বৈভৱে আজি খেলে ১০১ ৰানৰ এক দুৰ্দান্ত ইনিংছ। এই ইনিংছটোৰে তেওঁ সমগ্ৰ ক্ৰিকেট বিশ্বকে আশ্চৰ্যচকিত কৰি তোলাৰ লগতে সৃষ্টি কৰিছে কেইবাটাও অভিলেখ।
মাত্ৰ ১৪ বছৰ ৩২দিনত শতক অৰ্জন কৰি বৈভৱে আই পি এলৰ লগতে সমগ্ৰ বিশ্বতে টি-২০ত শতক অৰ্জন কৰা সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। অৱশ্যে কেৱল টি-২০ বুলিয়েই নহয়, ক্ৰিকেট ইতিহাসত যিকোনো ফৰ্মেটত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপেও পৰিগণিত হৈছে বৈভৱ। বৈভৱে নিজৰ এই মাৰমুখী শতক মাত্ৰ ৩৫টা বলহে সম্পূৰ্ণ কৰে। ইয়াৰ লগে লগে তেওঁ আই পি এলত শতক অৰ্জন কৰা দ্ৰুততম ভাৰতীয় বেটছমেন হিচাপেও পৰিগণিত হয়।
ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ইউছুফ পাঠানৰ নামত। ২০১০ চনত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ হৈ খেলিয়েই এই অভিলেখ অৰ্জন কৰিছিল ইউছুফে। এতিয়া ১৫ বছৰৰ পাছত তেওঁৰ এই অভিলেখ ভংগ কৰিলে বৈভৱ সূৰ্যবংশীয়ে। সামগ্ৰিকভাৱে দ্ৰুততম শতক অৰ্জনৰ ক্ষেত্ৰত দ্বিতীয় স্থানলৈ উন্নীত হৈছে বৈভৱ। ৩০টা বলত শতক অৰ্জনেৰে এইক্ষেত্ৰত শীৰ্ষস্থানত আছে ক্ৰীছ গেইল।
কেৱল এয়াই নহয়, বৈভৱ সূৰ্যবংশীয়ে আই পি এলৰ ইনিংছত সৰ্বাধিক ছয় কোবোৱা ভাৰতীয় বেটছমেনৰ অভিলেখো ৰচিছে। নিজ ইনিংছত ১১টা ছয় কোবাই বৈভৱে আজি মুৰলী বিজয়ৰ নামত থকা অভিলেখ স্পৰ্শ কৰে। আই পি এল কেৰিয়াৰৰ প্ৰথম ৩ খন মেচত সৰ্বাধিক ছয় কোবোৱা বেটছমেন হিচাপে পৰিগণিত হৈছে বৈভৱ। ১৬টা ছয়েৰে এইক্ষেত্ৰত বৈভৱে ব্ৰেণ্ডন মেককালামৰ নামত থকা ১৫টা ছয়ৰ অভিলেখ ভংগ কৰে।