কোহলী প্ৰেমে কাৰাগাৰলৈ পঠিয়ালে যুৱককঃ খেলপথাৰতে ঘটিছিল এনে…
ক্ৰিকেট বিশ্বত বিৰাট কোহলীৰ জনপ্ৰিয়তা সকলোৰে বিদিত। ইডেনৰ গেলাৰীতো কালি দেখা গ’ল তাৰ দৃশ্য। ঘৰুৱা দল কলকাতাৰ লগতে কোহলী তথা আৰচিবিৰ অনুৰাগীয়েও কালি ভিৰ কৰে ইডেনত। পিছে মেচখনৰ সামৰণিৰ পিছতে কাৰাগাৰলৈ যাবলগা হৈছে কোহলীৰ এগৰাকী অনুৰাগী।

শনিবাৰৰ পৰা আৰম্ভ হৈছে আই পি এল ২০২৫। প্ৰতিযোগিতাৰ ১৮ সংখ্যক ছিজনত কালি প্ৰথমখন মেচত মুখামুখি হৈছিল কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মাজত অনুষ্ঠিত হৈছিল। কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত অনুষ্ঠিত এই মেচখন উপভোগৰ বাবে হাজাৰ হাজাৰ অনুৰাগীয়ে ভিৰ কৰিছিল ষ্টেডিয়ামৰ গেলাৰী। অৱশ্যে ইডেনৰ ঘৰুৱা দৰ্শকৰ সমুখত ডিফেণ্ডিং চেম্পিয়ন কেকেআৰে পৰাজয়েৰে ছিজন আৰম্ভ কৰিবলগা হয়। আনহাতে সহজ জয়েৰে আৰচিবিয়ে ঘটাইছে প্ৰত্যাশিত আৰম্ভণি।
এইপৰ্যন্ত খিতাপ জয় কৰিলেও নোৱাৰিলেও অনুৰাগীৰ মাজত আৰচিবি দলৰ অত্যন্ত জনপ্ৰিয়তা আছে। বিশেষকৈ ক্ৰিকেট ইতিহাসৰে এগৰাকী অন্যতম শ্ৰেষ্ঠ বেটাৰ বিৰাট কোহলীৰ বাবে বহু অনুৰাগীৰ মন জয় কৰি আহিছে ফ্ৰেন্সাইটোৱে। ইডেনৰ গেলাৰীতো কালি দেখা গ’ল আৰচিবিৰ জনপ্ৰিয়তা। ঘৰুৱা দল কলকাতাৰ লগতে আৰচিবিৰ অনুৰাগীয়েও ভিৰ কৰে ইডেনত। পিছে মেচখনৰ সামৰণিৰ পিছতে কাৰাগাৰলৈ যাবলগা হৈছে এগৰাকী অনুৰাগী।
কলকাতাৰ বিপক্ষে মেচখনত দলক জয়ৰ লক্ষ্যত উপনীত কৰাই বিৰাট কোহলীয়ে ৩৬টা বলত ৫৯ ৰানৰ এক অপৰাজিত অৰ্ধশতকীয় ইনিংছ খেলে। ত্ৰয়োদশ অভাৰৰ অন্তিমটো বলত অৰ্ধশতক সম্পূৰ্ণ কৰে কোহলীয়ে। সেই সময়তে কোহলীৰ এগৰাকী অনুৰাগীয়ে বেৰিকেড ভাঙি খেলপথাৰত প্ৰৱেশ কৰে। গেলাৰীৰ পৰা খেলপথাৰত প্ৰৱেশ কৰি যুৱকজনে কোহলীৰ কাষত উপস্থিত হয় আৰু ভৰিৰ ওচৰত পৰি সাষ্টাংগে সেৱা কৰে।
অনুৰাগীজনৰ এই মৰম তথা সন্মান দেখি কোহলীয়ে তেওঁক তুলি লৈ সাৱটি ধৰে। অৱশ্যে সেইসময়তে নিৰাপত্তাৰক্ষী জোৱানসকল সেই স্থানত উপস্থিত হয় আৰু যুৱকজনক খেলপথাৰৰ বাহিৰলৈ উলিয়াই নিয়ে। প্ৰিয় তাৰকাগৰাকীৰ স্পৰ্শ লাভ কৰিলেও পিছে এই মৰম প্ৰকাশ কৰিবলৈ গৈ এতিয়া কাৰাগাৰলৈ যাবলগা হৈছে যুৱকজন। নিৰাপত্তা ভংগৰ অভিযোগত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণেৰে যুৱকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।