শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কেৱল নামটোৱেই নহয়, সুনীল নাৰিনৰ সৈতে ভাৰতৰ আছে আন এক সম্পৰ্ক

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অতি পৰিচিত নাম সুনীল নাৰিন । প্ৰায় এটা যুগ তেওঁ আই পি এল খেলিছে । কলকাতা নাইট ৰাইডাৰ্ছৰ অবিচ্ছেদ্য অংগ সুনীল । বছৰৰ পাছত বছৰ ধৰি চমকপ্ৰদ প্ৰদৰ্শন কৰি আহিছে তেওঁ । চলিত ছিজনতো দৃষ্টি আকৰ্ষণ কৰিছে সুনীলে । কিন্তু সমৰ্থকৰ এটা আক্ষেপ, সুনীলক হঁহা দেখা পোৱা নায় ।

কেৱল নামটোৱেই নহয়, সুনীল নাৰিনৰ সৈতে ভাৰতৰ আছে আন এক সম্পৰ্ক
পত্নীৰ সৈতে সুনীল নাৰিনেImage Credit source: Instagram
raj-saikia
Raj Saikia | Updated On: 18 Apr 2025 16:39 PM

সুনীল নাৰিনৰ সৈতে ভাৰতৰ সম্পৰ্ক কি? প্ৰথমটো অৱশ্যেই তেওঁৰ নাম । কিংবদন্তি ভাৰতীয় ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ নামেৰেই তেওঁৰ নামকৰণ হৈছিল । অৱশ্যে আন এক সম্পৰ্কও আছে । সুনীল নাৰিনৰ প্ৰথম জীৱন সংগী । তেওঁ আছিল ভাৰতীয় বংশোদ্ভৱ । প্ৰথম বুলি কোৱাৰ কাৰণ, ইতিমধ্যে বিবাহ বিচ্ছেদ হৈছে তেওঁলোকৰ । কিন্তু সুনীলৰ প্ৰেম-জীৱন তেওঁৰ বলৰ দৰেই ৰহস্যময় ।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অতি পৰিচিত নাম সুনীল নাৰিন । প্ৰায় এটা যুগ তেওঁ আই পি এল খেলিছে । কলকাতা নাইট ৰাইডাৰ্ছৰ অবিচ্ছেদ্য অংগ সুনীল । গম্ভীৰৰ সতীৰ্থ হিচাপে আই পি এলত জয় কৰিছিল ট্ৰফী । একেদৰে গম্ভীৰৰ মেন্টৰ শ্বিপতো । বছৰৰ পাছত বছৰ ধৰি চমকপ্ৰদ প্ৰদৰ্শন কৰি আহিছে তেওঁ । চলিত ছিজনতো দৃষ্টি আকৰ্ষণ কৰিছে সুনীলে । কিন্তু সমৰ্থকৰ এটা আক্ষেপ, সুনীলক হঁহা দেখা পোৱা নায় ।

হাতত বেট লৈ দুৰ্দান্ত ইনিংছ খেলাই হওক বা বলিঙত প্ৰতিপক্ষক তচনচ কৰাই হওক, সুনীলৰ অভিব্যক্তি একেই থাকে । ইয়াকে লৈ সামাজিক মাধ্যমত বিভিন্ন মিমো দেখা যায় । আনকি খুহুতীয়া ভিডিঅ’ও দেখা যায় । সুনীল নাৰিন আৰু কেকেআৰৰ সাফল্য আৰু ব্যৰ্থতা সমৰ্থকৰ বাবে অজ্ঞাত নহয় । কেকেআৰৰ সমৰ্থকৰ প্ৰিয় তাৰকাগৰাকীৰ জীৱনত এভুমুকি মাৰোঁ আহক ।

সুনীল নাৰিনৰ প্ৰথম পত্নী নন্দিতা কুমাৰ । ক্ৰিকেটৰ সৈতে তেওঁৰ কোনো যোগসূত্ৰ নাছিল । কিন্তু কেৰিবিয়ানত শ্বাহৰুখ খান যে জনপ্ৰিয় সেই কথা দুনাই কোৱাৰ প্ৰয়োজন নাই । কেৰিবিয়ান প্ৰিমিয়াৰ লীগতো এটা দল ক্ৰয় কৰিছে বলীউডৰ বাদশ্বাহে । নন্দিতা আৰু সুনীল নাৰিনেও কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক শ্বাহৰুখৰ সৈতে ফটো উঠিছিল । ভাৰতীয় মূলৰ নন্দিতাৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত ২০১৩ চনত বিবাহপাশত আবদ্ধ হয় সুনীল । কিন্তু বিবাহিত জীৱনত সোনকালেই দেখা যায় ফাঁট । বিচ্ছেদৰ অন্তত দুয়োজনেই পৃথক পৃথক পথেৰে আগবাঢ়িছে । যদি মত আৰু মনৰ মিল নাথাকে তেন্তে সম্পৰ্ক নিটিকে ।

সুনীল নাৰিনৰ বৰ্তমানৰ সংগী এঞ্জেলিয়া সুচিত । পেছাত ফেশ্বন ডিজাইনাৰ । ট্ৰিনিদাদত তেওঁৰ নিজা ফেশ্বন কালেকশ্যন আছে । সুনীল নাৰিনে কেতিয়া এঞ্জেলিয়াক বিয়া কৰাইছিল সেয়া স্পষ্ট নহয় । অৱশ্যে কেইবাটাও খবৰ অনুসৰি ২০২০ চনত তেওঁলোকৰ বিবাহ হয় । তেওঁলোকৰ এজন পুত্ৰও আছে ।

তেওঁলোকৰ বিভিন্ন পোষ্টৰ পৰা অনুমান কৰিব পাৰি যে তেওঁলোকে সুখী জীৱন যাপন কৰিছে । সুনীল নাৰিনে যেনেকৈ এঞ্জেলিয়া আৰু তেওঁৰ সন্তানৰ সৈতে বিভিন্ন ছবি পোষ্ট কৰে, তেনেকৈ এঞ্জেলিয়াইও কৰে । বিভিন্ন অনুষ্ঠানৰ ছবি, লগতে ভ্ৰমণৰ ছবি পোষ্ট কৰে দুয়ো । এই ছবিবোৰত অৱশ্যে সুনীল নাৰিনৰ মুখখন একেবাৰে গম্ভীৰ দেখা নাযায় । দুই এখন হাঁহিমুখীয়া ছবিও আছে ।

প্ৰতিবেদক- দীপাংকৰ ঘোষাল, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা