IPL 2025: মুম্বাই ইণ্ডিয়ানছত কোনে ঠাই ল’ব পাণ্ডিয়াৰ ? চৰ্চাত তিনিগৰাকী খেলুৱৈৰ নাম
আই পি এল ২০২৫ ৰ দ্বিতীয় দিনাৰ মেচত মুখামুখি হ'ব চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ । কিন্তু প্ৰথমখন খেলত মুম্বাই ইণ্ডিয়ানছ দলত নাথাকে অধিনায়ক পাণ্ডিয়া । তেন্তে কোন হ'ব দলটোৰ অধিনায়ক?

মুম্বাই ইণ্ডিয়ানছ
ইতিমধ্যে ঘোষণা হ’ল আই পি এল ২০২৫ ৰ সময়সূচী । উদ্বোধনী মেচত মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু । দ্বিতীয় দিনা অনুষ্ঠিত হ’ব দুখনকৈ মেচ । প্ৰথমখন মেচ হ’ব ছান ৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত । দ্বিতীয়খন মেচত খেল পথাৰত দেখা যাব তীব্ৰ ৰণ । কাৰণ খেলপথাৰত নামিব মহেন্দ্ৰ সিং ধোনী । চেন্নাই ছুপাৰ কিংছে অভিযান আৰম্ভ কৰিব মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে । কিন্তু এই মেচখনত মুম্বাইক কোনে নেতৃত্ব দিব ?
আই পি এলৰ নিলামৰ পাছত মুম্বাই ইণ্ডিয়ানছৰ ফালৰ পৰা জনোৱা হৈছিল যে তেওঁলোকৰ অধিনায়ক পদত থাকিব হাৰ্দিক পাণ্ডিয়া । কিন্তু যোৱা বছৰৰ আই পি এলত নীতি উলংঘাৰ অভিযোগত এখন মেচৰ পৰা বহিষ্কাৰৰ শাস্তি প্ৰদান কৰা হৈছিল পাণ্ডিয়াক । ফলত মুম্বাইৰ এইবাৰৰ অভিযানত আৰম্ভনিৰ মেচত নেতৃত্ব দিব নোৱাৰিব হাৰ্দিকে । তেন্তে তেওঁৰ স্থানত কোনে নেতৃত্ব দিব দলটোক ? এই ক্ষেত্ৰত চৰ্চা হৈছে তিনিটা নাম ।
মুম্বাই ইণ্ডিয়ানছক দীৰ্ঘ সময় ধৰি নেতৃত্ব দিছিল ৰোহিত শৰ্মাই । ৰোহিতৰ অধিনায়কত্বতেই পাঁচবাৰকৈ খিতাপ দখল কৰিছে মুম্বাই দলে । কিন্তু যোৱাটো ছিজনত ৰোহিতৰ স্থানত হাৰ্দিকক দিয়া হয় অধিনায়কৰ দায়িত্ব । এতিয়া এখন মেচৰ বাবে ৰোহিতে অধিনায়কত্ব কৰিব নে নকৰে সেয়া নিশ্চিত নহয় । দ্বিতীয় বিকল্প হিচাপে আছে যশপ্ৰীত বুমৰাহ । যদি বুমৰাহ সুস্থ হৈ উঠে তেন্তে তেওঁ নেতৃত্ব দিব পাৰে । অৱশ্যে ভাৰতৰ টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱকো এই সুবিধা প্ৰদান কৰা হ’ব পাৰে ।