আই পি এলত এতিয়াৰ পৰা নাথাকিব অধিনায়ক নিলম্বনৰ শাস্তিঃ খেলিব পাৰিব নেকি পাণ্ডিয়াই!
বিচিচিআইৰ নতুন নিয়ম অনুসৰি আই পি এল ২০২৫ ছিজনত শ্ল’ অভাৰ ৰেটৰ বাবে এতিয়া কোনো দলৰ অধিনায়ক নিলম্বনৰ সন্মুখীন হ’ব নালাগে। এই নিয়ম গ্ৰহণৰ পিছত এতিয়া বিগত সংস্কৰণৰ শাস্তি স্বৰূপে এখন মেচৰ পৰা নিলম্বিত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই ৰেহাই লাভ কৰিব নেকি, সেই লৈ চৰ্চা চলিছে।

আই পি এল ২০২৫ৰ প্ৰাকক্ষণত বিচিচিআইয়ে প্ৰৱৰ্তন কৰিছে বহুকেইটা নিয়ম। এই নিয়মসমূহৰ পৰিপ্ৰেক্ষিতত এইবাৰ আই পি এল অধিক উপভোগ্য হৈ উঠিব বুলি আশা কৰা হৈছে। নতুন নিয়ম প্ৰৱৰ্তনৰ সমান্তৰালকৈ এইবাৰ আই পি এলত পূৰ্বৰ কিছু নিয়ম ত্যাগৰো সিদ্ধান্ত লোৱা হৈছে। বিচিচিআইৰ এই সিদ্ধান্ত এতিয়া চৰ্চাৰ কাৰণ হৈ পৰিছে। এই সিদ্ধান্ত অনুসৰি আই পি এল ২০২৫ ছিজনত শ্ল’ অভাৰ ৰেটৰ বাবে এতিয়া কোনো দলৰ অধিনায়ক নিলম্বনৰ সন্মুখীন হ’ব নালাগে। এই সিদ্ধান্ত এক বিশেষ কাৰণত যথেষ্ট আলোচিত হৈছে।
আইচিচিৰ নিয়ম অনুসৰি যদি কোনো অধিনায়কক শ্ল’ অভাৰ ৰেটৰ বাবে দোষী সাব্যস্ত কৰা হয়, তেতিয়া জৰিমনা বিহা হয় আৰু ডেমেৰিট পইণ্টো যোগ কৰা হয়। বিচিচিআইয়ে এতিয়া আইচিচিৰ নিয়ম অনুসৰি শ্ল’ অভাৰ ৰেটৰ শাস্তি প্ৰদান কৰিব। অৰ্থাৎ এতিয়া নতুন নিয়মৰ অধীনত যদি অধিনায়কজনক দোষী সাব্যস্ত কৰা হয়, তেতিয়া জৰিমনা বিহা হ’ব আৰু ডেমেৰিট পইণ্টো যোগ কৰা হ’ব।
প্ৰতিবেদন অনুসৰি যদি কোনো দলৰ শ্ল’ অভাৰ ৰেটৰ গোচৰক অধিক গুৰুতৰ বুলি গণ্য কৰা হয়, তেতিয়া এই গোচৰ লেভেল-২ৰ অধীনলৈ আহিব আৰু চাৰিটা ডিমেৰিট পইণ্ট পোনপটীয়াকৈ প্ৰদান কৰা হ’ব। এজন অধিনায়কে ৪ ডিমেৰিট পইণ্ট পোৱাৰ লগে লগে মেচ ৰেফাৰীয়ে অধিনায়কৰ মেচ মাচুলৰ ১০০ শতাংশ কৰ্তন কৰিব পাৰে বা অতিৰিক্ত ডেমেৰিট পইণ্ট প্ৰদান কৰিব পাৰে।
কিন্তু যদি কোনো অধিনায়কে অধিক হাৰত ডিমেৰিট পইণ্ট লাভ কৰে, তেতিয়া ভৱিষ্যতে তেওঁক নিষিদ্ধ কৰা হ’ব পাৰে। কিন্তু পূৰ্বৰ নিয়ম অনুসৰি তিনিখন মেচত শ্ল’ অভাৰ ৰেটৰ দোষী সাব্যস্ত হোৱাৰ বাবে অধিনায়কক নিলম্বন কৰাৰ ব্যৱস্থা এই ছিজনৰ পৰা প্ৰযোজ্য নহ’ব। এনে পৰিস্থিতিত বিচিচিআইৰ এই নিয়ম হাৰ্দিক পাণ্ডিয়াৰ ক্ষেত্ৰতো দেখা যাব নেকি, সেই লৈ এতিয়া ক্ৰিকেটপ্ৰেমীৰ মাজত প্ৰশ্নৰ উত্থাপন হৈছে।
কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰতিযোগিতাখনৰ দ্বিতীয়দিনা পৰস্পৰৰ বিপক্ষে অৱতীৰ্ণ হ’ব দুই শক্তিশালী দল মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই চুপাৰ কিংছ। পিছে এই হাইপ্ৰফাইল মেচখনত মুম্বাই দলত খোদ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই অংশ ল’ব নোৱাৰিব বুলি ইতিমধ্যে প্ৰকাশ পাইছিল। বিগত ছিজনত তিনিখনকৈ মেচত শ্ল’ অভাৰ ৰেটৰ বাবে শাস্তি স্বৰূপে এখন মেচৰ পৰা নিলম্বিত হ’বলগা হৈছিল পাণ্ডিয়া।
পাণ্ডিয়াৰ স্থানত এই মেচখনত মুম্বাইৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল সূৰ্যকুমাৰ যাদৱক। কিন্তু নতুন নিয়মৰ আধাৰত এতিয়া পাণ্ডিয়াৰ নিষেধাজ্ঞা বাতিল হ’ব নেকি, সেই লৈ চৰ্চা চলিছে। বিশেষকৈ মুম্বাইৰ অনুৰাগীসকলৰ মাজত এই চৰ্চাই অধিক স্থান পাইছে। পিছে মুম্বাইৰ অনুৰাগীসকলে এই বিষয়ত আনন্দ কৰিবলগা কোনো কাৰণ নাই। নিয়মৰ পৰিৱৰ্তন হ’লেও পাণ্ডিয়াই চেন্নাইৰ বিপক্ষে এই মেচখন খেলিব নোৱাৰে।
বিচিচিআইয়ে গ্ৰহণ কৰা শ্ল’ অভাৰ ৰেটৰ এই নিয়ম চলিত ছিজনৰ পৰাহে কাৰ্যকৰী কৰা হ’ব। অৰ্থাৎ এই ছিজনৰ পৰা অধিনায়কসকলে নিলম্বনৰ শাস্তিৰ সন্মুখীন নহয়। আনহাতে পাণ্ডিয়াই বিগত ছিজনত প্ৰৱৰ্তিত নিয়ম অনুসৰিহে শাস্তিৰ সন্মুখীন হৈছিল। গতিকে হাৰ্দিক পাণ্ডিয়াৰ শাস্তিৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰযোজ্য নহ’ব আৰু তেওঁ পূৰ্বৰ শাস্তি অনুসৰিয়েই এখন মেচৰ বাবে নিলম্বিত হৈ থাকিব।