কিং খানক দিলে, এইবাৰ প্ৰীতি জিন্টাকো আই পি এল জয়ৰ সোৱাদ দিব পাৰিবনে শ্ৰেয়াছ আয়াৰে
শ্ৰেয়াছে পঞ্জাব শিবিৰত যোগদান কৰাৰ পিছতে ট্ৰফীক লৈ তেওঁৰ সতীৰ্থসকল আশাবাদী । পঞ্জাবলৈ অহাৰ পিছতো শেষ নহ’ল শ্ৰেয়াছৰ দিল্লীৰ ধাৰা । ইয়াৰ পূৰ্বে শ্ৰেয়াছে ৰিকি পণ্টিঙৰ তত্বাৱধানত দিল্লী কেপিটেলছৰ হৈ খেলিছিল । পঞ্জাবৰ বৰ্তমানৰ প্ৰশিক্ষক হৈছে অষ্ট্ৰেলিয়ান তাৰকা পণ্টিং । আই পি এলত পুনৰ শ্ৰেয়াছৰ সৈতে টিম আপ কৰিবলৈ ওলাইছে ৰিকি পন্টিঙে । এই যুটিয়ে পঞ্জাবলৈ সোণালী ট্ৰফী কঢ়িয়াই আনিব নে নাই সেয়া হ’ব লক্ষ্যণীয় ।

ৰোহিত-বিৰাটৰ পৰৱৰ্তী প্ৰজন্মৰ কথা আহিলে শ্ৰেয়াছ আয়েৰৰ নামটো চৰ্চা হোৱাটো নিশ্চিত । এই প্ৰজন্মৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন । সৰুৰে পৰা ক্ৰিকেটে তেওঁক আকৰ্ষণ কৰা নাই । ১৮ বছৰ বয়সতহে তেওঁ প্ৰবীণ অমৰৰ দৃষ্টি আকৰ্ষণ কৰিছিল । সেয়াই আছিল আৰম্ভণি, তাৰ পাছত আৰু পিছলৈ ঘূৰি চোৱা নাছিল । শেহতীয়াকৈ তেওঁ ভাৰতীয় দলৰ হৈ চেম্পিয়নছ ট্ৰফী জয় কৰিছে । যদি তেওঁ জাতীয় দলৰ পৰা ভাৰতীয় ফ্ৰেঞ্চাইজি ক্ৰিকেট লীগলৈ ঘূৰি আহে, তেন্তে শ্ৰেয়াছৰ অভিলেখ দেখা যাব ।
যোৱা ছিজনত তেওঁ কেকেআৰক চেম্পিয়ন কৰিছিল । বৰ্তমানৰ আই পি এলত তেওঁৰ ঠিকনা এতিয়া নাইট কেম্প নহয় । প্ৰীতি জিন্টাৰ পঞ্জাব দলৰ অধিনায়ক শ্ৰেয়াছ । ২৬.৭৫ কোটি টকাৰ বিনিময়ত পঞ্জাবে কেকেআৰৰ পৰা কাঢ়ি লৈছিল চেম্পিয়ন অধিনায়কগৰাকীক । যোৱা ছিজনত শ্বাহৰুখৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছিল শ্ৰেয়াছে । প্ৰীতিৰ ক্ষেত্ৰতো তেওঁ একে কাম কৰিব পাৰিবনে ?
পঞ্জাব কিংছে কেতিয়াও আই পি এলৰ ট্ৰফী লাভ কৰিব পৰা নাই । ফলত আই পি এলৰ পূৰ্বে কেকেআৰে শ্ৰেয়াছক ধৰি ৰাখিব নোৱাৰাৰ পৰাই পঞ্জাবে এজন ভাল অধিনায়কৰ সন্ধানত আছিল । গতিকে পঞ্জাবে জেদ্দাত শ্ৰেয়াছক পাবলৈ সুযোগ পাই জপিয়াই পৰিল । অৱশ্যে কেকেআৰেও নিলামত ভাগ লয় । কিন্তু কলকাতাই পঞ্জাব আৰু দিল্লীৰ লগত খোজ মিলাব নোৱাৰিলে । দলটোক চেম্পিয়ন কৰি তোলা অধিনায়ক বিচাৰি নোপোৱাকৈয়ে কলকাতাই বেলেগ অধিনায়ক বাছি ল’ব লগা হৈছিল ।
শ্ৰেয়াছে পঞ্জাব শিবিৰত যোগদান কৰাৰ পিছতে ট্ৰফীক লৈ তেওঁৰ সতীৰ্থসকল আশাবাদী । পঞ্জাবলৈ অহাৰ পিছতো শেষ নহ’ল শ্ৰেয়াছৰ দিল্লীৰ ধাৰা । ইয়াৰ পূৰ্বে শ্ৰেয়াছে ৰিকি পণ্টিঙৰ তত্বাৱধানত দিল্লী কেপিটেলছৰ হৈ খেলিছিল । পঞ্জাবৰ বৰ্তমানৰ প্ৰশিক্ষক হৈছে অষ্ট্ৰেলিয়ান তাৰকা পণ্টিং । আই পি এলত পুনৰ শ্ৰেয়াছৰ সৈতে টিম আপ কৰিবলৈ ওলাইছে ৰিকি পন্টিঙে । এই যুটিয়ে পঞ্জাবলৈ সোণালী ট্ৰফী কঢ়িয়াই আনিব নে নাই সেয়া হ’ব লক্ষ্যণীয় ।
১৮ সংখ্যক আই পি এল শ্ৰেয়াছৰ বাবে হৈ পৰিছে এক পৰীক্ষা । এদিন পূৰ্বে ব’ৰ্ডে ভাৰতীয় মহিলা ক্ৰিকেটাৰৰ বাৰ্ষিক কেন্দ্ৰীয় চুক্তিৰ তালিকা প্ৰকাশ কৰিছিল । ভাৰতীয় পুৰুষ ক্ৰিকেটাৰৰ বাৰ্ষিক কেন্দ্ৰীয় চুক্তিৰ তালিকা অতি শীঘ্ৰে প্ৰকাশ পাব পাৰে । শ্ৰেয়াছৰ প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা প্ৰবল । কিছুদিন পূৰ্বে তেওঁ চেম্পিয়নছ ট্ৰফী লাভ কৰিছিল । যদি তেওঁ আই পি এলত দৃষ্টি আকৰ্ষণ কৰিব পাৰে তেন্তে তেওঁ পুনৰ ব’ৰ্ডৰ কেন্দ্ৰীয় বাৰ্ষিক চুক্তিলৈ ঘূৰি আহি নিজৰ গ্ৰেড উন্নত কৰিব পাৰে । এটা সুযোগ আছে । মঞ্চ স্থাপন কৰা হৈছে । বাকী আছে মাথোঁ শ্ৰেয়াছে পঞ্জাৱৰ বাবে ‘মে হুঁ না’ বুলি ট্ৰফী জয় কৰাটো ।