IPL 2025: কোন সেইগৰাকী যুৱতী, যাৰ প্ৰেমত মগ্ন হৈছে যুজবেন্দ্ৰ চাহাল
ভাৰতীয় ক্ৰিকেটত চৰ্চা চলিছে লেগস্পিনাৰ চাহালক লৈ । শুনিবলৈ পোৱা মতে, চাহালৰ জীৱনলৈ আহিছে নতুন বসন্ত । কোন সুন্দৰীৰ প্ৰেমত পৰিছে চাহাল, জানো আহক-

প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছ শতদল । এতিয়া বসন্তকাল, পছোৱা বতাহে মন উৰুঙা কৰাৰ সময় । কুলিৰ মাতে জুৰাইছে হৃদয় । নতুনৰ আগমণত যেন চঞ্চল মন-প্ৰাণ । এজন ক্ৰিকেটাৰৰ মনতো যেন বলিছে প্ৰেমৰ বতাহ । ফোনত প্ৰতিক্ষণ ভুন-ভুনকৈ বাৰ্তালাপ, হোৱাটছ এপত অবিৰত মেচেজ । প্ৰেমত পৰা লক্ষণ সম্পূৰ্ণভাৱে দেখা গৈছে । প্ৰেমৰ বতাহে মতলীয়া কৰা এই ক্ৰিকেটাৰগৰাকী পিছে কোন? ক্ৰিকেটপ্ৰেমীৰ বাবে অতি চিনাকী তেওঁ, নাম যুজবেন্দ্ৰ চাহাল । ভাৰতীয় ক্ৰিকেটত চৰ্চা চলিছে লেগস্পিনাৰ চাহালক লৈ । শুনিবলৈ পোৱা মতে, চাহালৰ জীৱনলৈ আহিছে নতুন বসন্ত ।
আই পি এলত পঞ্জাৱ কিংছৰ জাৰ্চি পিন্ধি এইবাৰ ফিল্ডলত নামিছে চাহাল । দুখন মেচত লৈছে অংশ । যাদু দেখাব পৰা নাই । দুখন মেচত এটাহে উইকেট । গুজৰাটৰ বিৰুদ্ধে অধিক ৰাণ দিয়া দেখা যায় চাহালক । লক্ষ্ণৌৰ বিৰুদ্ধে ৩৬ ৰাণৰ বিনিমত ১ টা উইকেট । প্ৰদৰ্শনক লৈ চৰ্চা নহ’লেও চৰ্চাত আছে চাহাল । এই চৰ্চা প্ৰেমক লৈ ।
অতি শেহতীয়াকৈ কৰিঅ’গ্ৰাফাৰ, ইউটিউবাৰ তথা ডেন্টিষ্ট ধনশ্ৰী বাৰ্মাৰ সৈতে বিবাহ বিচ্ছেদ হৈছে চাহালৰ । কিন্তু সেই দুখৰ মাজতো বসন্ত আহিছে চাহালৰ জীৱনলৈ । প্ৰৱেশ ঘটিছে এগৰাকী সুন্দৰীৰ । চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত সেই সুন্দৰীৰ সৈতে খেল উপভোগ কৰা দেখা গৈছিল চাহালক । তাৰ পাছতেই পৰিচয় উদ্ধাৰ সেই ৰহস্যময়ী সুন্দৰীৰ । পেছাত এগৰাকী ৰেডিঅ’ জকী । মাজে মাজে তেওঁক দেখা যায় চাহালৰ সৈতে । কেতিয়াবা একেলগে খেল উপভোগ কৰে, কেতিয়াবা নৈশ আহাৰ গ্ৰহণ । সকলোতে নজৰ পৰিছে নেটিজেনৰ ।
বহুতেই ক’বলৈ ধৰিছে, চাহালে হয়তো বিচ্ছেদৰ পাছত সেই কৌশল অৱলম্বন কৰিছে, “ঠুকৰাকে মেৰা প্যাৰ, মেৰা ইন্টেকাম দেখেগী…”, অৱশ্যে প্ৰতিশোধৰ গল্প নহয় । চাহালে পুৰণি জীৱন এৰি নতুন জীৱন আৰম্ভ কৰিব খুজিছে । নেটিজেনৰ মতে, মেহবেশৰ লগত চাহালৰ আবেগিক প্ৰেমৰ সম্পৰ্ক । কিন্তু এইবাৰ মেহবেশে বেলেগ এটা কাহিনী ক’লে ।
শেহতীয়াকৈ এটা প’ডকাষ্টত আৰ জে মেহবেশে জনাইছে, তেওঁ বৰ্তমান চিংগল । আনকি এতিয়াই প্ৰেম, বিবাহ এইবোৰৰ কথা ভবা নাই । লগতে তেওঁ এই কথাও জনায় যে, কেজুৱেল ডেটিঙত তেওঁ বিশ্বাসী নহয় । তেতিয়াহে তেওঁ কাৰোবাক ডেট কৰিব, যেতিয়া তেওঁ মনে ক’ব যে, সেইজনৰ সৈতে বিয়াত বহিব পাৰি । কম বয়সতে ধৌকা খাইছিল মেহবেশে । নিজেই জনালে এই কথা । মাত্ৰ ১৯ বছৰ বয়সত সম্পৰ্কলৈ আহিছিল তেওঁ, ২১ বছৰ বয়সত সম্পৰ্ক ভাঙি যায় । তাৰ পাছৰ পৰাই মেহবেশে ঠেকি শিকাৰ পথত খোজ দিয়ে । চাহাল আৰু ধনশ্ৰীৰ সংসাৰো বেছিদিন নিটিকিল । এতিয়া মেহবেশে চাহালক তেওঁ জীৱনলৈ চিৰদিনৰ বাবে আদৰি ল’ব নে? অনুৰাগীৰ মনত দোলা দিছে এই প্ৰশ্নই ।
প্ৰতিবেদন- সংঘমিত্ৰা চক্ৰবৰ্তী, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা