আই পি এলত অভিষেকতেই চমক জীশানৰ, ছান ৰাইজাৰ্ছৰ বিজয়ৰ নায়ক হ’বগৈ পাৰিবনে?

আই পি এলত অভিষেক মেচতে দুৰ্দান্ত প্ৰদৰ্শন জীশানৰ । ছান ৰাইজাৰ্ছৰ জীশানে ফাফ ডু প্লেছিছ, ফ্ৰেজাৰ মেকগাৰ্ক আৰু কে এল ৰাহুলৰ দৰে ডাঙৰ বেটছমেনক আউট কৰি সকলোকে আচৰিত কৰি তুলিছিল । খেলখনত তেওঁ অকলে তিনিটা উইকেট দখল কৰে ।

আই পি এলত অভিষেকতেই চমক জীশানৰ, ছান ৰাইজাৰ্ছৰ বিজয়ৰ নায়ক হবগৈ পাৰিবনে?

জীশান আনছাৰী

Published: 

09 Apr 2025 16:18 PM

সপোন যেতিয়া ডাঙৰ হয়, সেই সপোন পূৰণৰ পথত খোজ দিয়াটোও ইমান সহজ নহয় । সেই খলাবমা পথেৰে খোজ দিয়াৰ সাহস খুব কম মানুহৰহে থাকে । সেই পথত খোজ দিলেই সফলতা নাহে । কোনো কোনোৱে অৱশ্যে ইমান ভাবি-চিন্তি নাথাকে । তেওঁলোকৰ এটা লক্ষ্য থাকে, সাফল্য লাভৰ । এই যুৱকজনো বোধহয় তেনেকুৱাই । মাত্ৰ এখন মেচ খেলি আই পি এলত যেন জোৱাৰৰ সৃষ্টি কৰিছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বলাৰ জীশান আনছাৰীয়ে ।

এই ছিজনত পইণ্ট টেবুলত বিশেষ প্ৰভাৱ পেলাব পৰা নাই ছানৰাইজাৰ্ছ হায়দৰাবাদে । যদিও আই পি এলত হায়দৰাবাদৰ সূৰ্য উদয় এতিয়াও উদয় হোৱা নাই, তথাপিও দিল্লীৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে বলিং কৰি জীশানে নিশ্চিতভাৱে আপ্লুত কৰিছে ক্ৰিকেট প্ৰেমীক । জীশানে ফাফ ডু প্লেছিছ, ফ্ৰেজাৰ মেকগাৰ্ক আৰু কে এল ৰাহুলৰ দৰে ডাঙৰ বেটছমেনক আউট কৰি সকলোকে আচৰিত কৰি তুলিছিল । খেলখনত তেওঁ অকলে তিনিটা উইকেট দখল কৰে । অৱশ্যে তাৰ পিছতো দলটো জয়ী নহ’ল ।

বয়স ২৫ বছৰ । ঘৰ উত্তৰ প্ৰদেশত । জীশানৰ দেউতাক এজন দৰ্জী । জীশান নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল’ৰা । সংগ্ৰাম তেওঁৰ চিৰন্তন সংগী । অৱশ্যে ক্ৰিকেটাৰ হোৱাৰ সপোন বাস্তৱত পৰিণত কৰিব পৰাকৈ জীশানে পৰিয়ালৰ পৰা যথেষ্ট সহায় লাভ কৰিছিল । বয়স অনুসৰি দলত স্থান নোপোৱাত দেউতাক কিছু হতাশ হৈ পৰিছিল । জীশানৰ পৰিয়ালটো বৰ ডাঙৰ আছিল আৰু তেওঁ যদি কাম কৰিলেহেঁতেন তেন্তে তেওঁ পৰিয়ালটোক সহায় কৰিব পাৰিলেহেঁতেন । কিন্তু দেউতাকে তেওঁক ক্ৰিকেট খেলিবলৈ উৎসাহিত কৰিছিল । কোচিং মাচুল, ক্ৰিকেট কিটৰ বাবে ধন খৰচ কৰাটো সহজ নাছিল । কাপোৰ চিলাই কৰিয়েই তেওঁ পুত্ৰৰ সপোন পূৰণ কৰিব বিচাৰিছিল ।

জিশানে ১০-১১ বছৰ বয়সৰ পৰাই প্ৰশিক্ষণ গ্ৰহণ কৰিছিল । সেই সময়ৰ পৰাই তেওঁৰ ক্ৰিকেটাৰ হোৱাৰ সম্ভাৱনা আছিল । তেওঁৰ প্ৰথম প্ৰশিক্ষক গোপাল সিঙৰ মতে জীশান কেতিয়াও ভাগৰুৱা নাছিল । তেওঁ প্ৰথমে জীশানক স্পিন বলিং শিকাইছিল । বাকীকেইজন প্ৰশিক্ষাৰ্থী বেটিঙত ব্যস্ত থকাৰ সময়তে জীশানে ঘণ্টা ঘন্টা ধৰি বলটো ঘূৰাবলৈ চেষ্টা কৰি আছিল । তেওঁ নিজে নিজেই গুগলি শিকিছিল । বহু নিলামত চেষ্টা কৰিছিল । হঠাতে দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলখনৰ বাবে জীশানক বাছি লোৱা হ’ল । পেট কামিন্সৰ সিদ্ধান্তক লৈ বহু প্ৰশ্ন উত্থাপন হৈছিল । কিন্তু জীশানে নিজৰ অধিনায়কৰ আস্থা সঠিক বুলি প্ৰমাণ কৰি দলটোক এক সুন্দৰ বলিং স্পেল দি ৪ অভাৰত ৪২ ৰান দি ৩ উইকেট দখল কৰে ।

ইয়াৰ পূৰ্বে ২০১৬ চনৰ ১৯ ​​বছৰ অনূৰ্ধ বিশ্বকাপত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আনছাৰীয়ে । সেই প্ৰতিযোগিতাত ভাৰত ৰানাৰ্ছ আপ আছিল । ঋষভ পন্তো সেই দলত আছিল । ইউ পি টি-২০ লীগৰ প্ৰথম সংস্কৰণত ৭.৬০ ইকনমি ৰেটত ১২ খন মেচত ২৪ টা উইকেট দখল কৰি শীৰ্ষ উইকেট দখলকাৰী হিচাপে পৰিগণিত হোৱাৰ পিছত আই পি এলৰ ফ্ৰেঞ্চাইজিৰ দৃষ্টি আকৰ্ষণ কৰে জীশান আনছাৰীয়ে । অধিক স্ক’ৰৰ ফাইনেলত তেওঁ বিধ্বংসী বলিং কৰি মীৰাট মেভেৰিক্সক জয়ী কৰে । এই ছিজনত হায়দৰাবাদে তেওঁক মেগা নিলাম ৪০ লাখ টকাত ক্ৰয় কৰে ।

ঋষভ পন্তৰ সৈতে ১৯ বছৰ অনূৰ্ধ বিশ্বকাপ খেলাৰ পিছত তেওঁৰ আই পি এল কেৰিয়াৰ কিছু পলমকৈ আৰম্ভ হয় । কিন্তু এইবাৰ আই পি এলত তেওঁৰ আগমন চমকপ্ৰদ । আৰম্ভণি সুন্দৰ হ’ল । এতিয়া জীশানে হায়দৰাবাদক পইণ্ট টেবুলত ভাল স্থান দখল কৰাত কিমান সহায় কৰিব পাৰে সেয়া লক্ষণীয় হ’ব ।

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক