5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

IPL Mega Auction 2025 Live: অভিলেখ ভংগ, আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈত পৰিণত পণ্ট

চৌদি আৰৱৰ জেদ্দাহ চহৰত আৰম্ভ হৈছে আই পি এলৰ বহু প্ৰতীক্ষিত মেগা নিলাম। পছন্দৰ খেলুৱৈ ক্ৰয়ৰ বাবে নিলাম কক্ষত সাজু হৈছে প্ৰতিটো ফ্ৰেন্সাইজি। এই নিলামত এইপৰ্যন্ত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি আটাইতকৈ দাবী খেলুৱৈ হিচাপে বিবেচিত হৈছে শ্ৰেয়স আয়াৰক। ভাৰতীয় তাৰকাগৰাকীক অভিলেখ ২৬.৭৫ কোটি টকাত ক্ৰয় কৰিছে পঞ্জাৱ কিংছে।

monjit-dutta
Monjit Dutta | Published: 24 Nov 2024 15:16 PM
IPL Mega Auction 2025 Live: অভিলেখ ভংগ, আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈত পৰিণত পণ্ট
আই পি এল ২০২৫ৰ মেগা নিলাম

LIVE NEWS & UPDATES

  • 24 Nov 2024 06:19 PM (IST)

    এইবাৰ নিলামৰ টেবুললৈ আহিব ২ কোটি টকাৰ বেচ প্ৰাইচৰ খেলুৱৈ

    ইতিমধ্যে ২ কোটি টকাৰ বেচ প্ৰাইচত থকা মাৰ্কি খেলুৱৈৰ নিলামৰ অন্ত পৰিছে। এইবাৰ নিলামৰ টেবুললৈ আহিব ২ কোটি টকাৰ বেচ প্ৰাইচৰ শাখাত থকা খেলুৱৈ। এগৰাকীও মাৰ্কি খেলুৱৈ ক্ৰয় নকৰা চেন্নাই আৰু মুম্বাইয়ে এইবাৰ খেলুৱৈ ক্ৰয়ৰ বাবে নিবিদাত অংশ লোৱাটো নিশ্চিত।

  • 24 Nov 2024 05:46 PM (IST)

    মাৰ্কি খেলুৱৈৰ নিলাম সম্পূৰ্ণ

    মেগা নিলামৰ বাবে মাৰ্কি খেলুৱৈৰ তালিকাত ১২ গৰাকী খেলুৱৈক স্থান দিয়া হৈছিল। এই ১২ জনৰ ভিতৰত গুজৰাট আৰু পঞ্জাবে ৩ জনকৈ খেলুৱৈ ক্ৰয় কৰাৰ বিপৰীতে দিল্লী আৰু লক্ষ্ণৌৱে ২ জনকৈ খেলুৱৈ ক্ৰয় কৰে। আনহাতে হায়দৰাবাদ আৰু বাংগালুৰুৱে ১ জনকৈ খেলুৱৈ ক্ৰয় কৰিছে।

  • 24 Nov 2024 05:26 PM (IST)

    ১৪ কোটি টকাত কে এল ৰাহুল দিল্লীলৈ

    ভাৰতীয় তাৰকা কে এল ৰাহুলৰ দৰ এইবাৰ নিলামত বৃদ্ধি পাব বুলি চৰ্চা চলিছিল যদিও ১৪ কোটি টকাৰ দৰতে খেলুৱৈগৰাকীক দিল্লী কেপিটেলছে ক্ৰয় কৰিবলৈ সক্ষম হয়।

  • 24 Nov 2024 05:18 PM (IST)

    লিয়াম লিভিংষ্ট’নক ক্ৰয় কৰিলে আৰচিবিয়ে

    বিগত সংস্কৰণত পঞ্জাৱ কিংছৰ গুৰুত্বপূৰ্ণ সদস্য হিচাপে থকা ইংলেণ্ডৰ অলৰাউণ্ডাৰ লিয়াম লিভিংষ্ট’নক ৮.৭৫ কোটি টকাত ক্ৰয় কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে।

  • 24 Nov 2024 05:14 PM (IST)

    মহম্মদ চিৰাজে পালে ১২.২৫ কোটি টকা

    ভাৰতীয় দলৰ তাৰকা পেচাৰ মহম্মদ চিৰাজক ১২.২৫ কোটি টকাত ক্ৰয় কৰিছে গুজৰাট টাইটানছে। বিগত কেইবাটাও ছিজন চিৰাজ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ সদস্য আছিল।

  • 24 Nov 2024 05:09 PM (IST)

    চাহালক ক্ৰয় কৰিলে পঞ্জাৱ কিংছে

    তাৰকা স্পিনাৰ যুজবেন্দ্ৰ চাহালক ১৮ কোটি টকাত ক্ৰয় কৰিছে পঞ্জাৱ কিংছে। বিগত সংস্কৰণত চাহাল ৰাজস্থানৰ সদস্য আছিল।

  • 24 Nov 2024 05:00 PM (IST)

    মিলাৰক ক্ৰয় কৰিলে লক্ষ্ণৌৱে

    দক্ষিণ আফ্ৰিকান তাৰকা ডেভিড মিলাৰক ৭.৫০ কোটি টকাত ক্ৰয় কৰিছে লক্ষ্ণৌ চুপাৰ জায়েণ্টছে।

  • 24 Nov 2024 04:53 PM (IST)

    ১০ কোটি টকাত হায়দৰাবাদলৈ মহম্মদ ছামি

    ভাৰতীয় দলৰ অভিজ্ঞ পেচাৰ মহম্মদ ছামিক ৱানৰাইজাৰ্ছ হায়দৰাবাদে ক্ৰয় কৰিছে ১০ কোটি টকাৰ দৰত।

  • 24 Nov 2024 04:40 PM (IST)

    অভিলেখ ভংগ, আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈত পৰিণত পণ্ট

    শ্ৰেয়স আয়াৰক পিছ পেলাই প্ৰত্যাশিতভাৱেই আই পি এল ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছে ঋষভ পণ্ট। তাৰকা ক্ৰিকেটাৰগৰাকীক ২৭ কোটি টকাত ক্ৰয় কৰিছে লক্ষ্ণৌ চুপাৰ জায়েণ্টছে।

  • 24 Nov 2024 04:31 PM (IST)

    ১১.৭৫ কোটি টকাত দিল্লীলৈ মিচেল ষ্টাৰ্ক

    বিগত সংস্কৰণত আই পি এলৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হোৱা মিচেল ষ্টাৰ্কক এইবাৰ ১১.৭৫ কোটি টকাত ক্ৰয় কৰিছে দিল্লী কেপিটেলছে।

  • 24 Nov 2024 04:25 PM (IST)

    ১৫.৭৫ কোটি টকাত গুজৰাটে ক্ৰয় কৰিলে বাটলাৰক

    ইংলেণ্ডৰ তাৰকা উইকেটৰক্ষক জ’ছ বাটলাৰক ১৫.৭৫ কোটি টকাত ক্ৰয় কৰিছে গুজৰাট টাইটানছে। গত সংস্কৰণত বাটলাৰ ৰাজস্থান ৰয়েলছৰ অংশ আছিল।

  • 24 Nov 2024 04:17 PM (IST)

    আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈত পৰিণত শ্ৰেয়স আয়াৰ

    তাৰকা ভাৰতীয় ক্ৰিকেটাৰ শ্ৰেয়স আয়াৰ আই পি এল ইতিহাসৰে আটাইতকৈ দামী খেলুৱৈ হিচাপে বিবেচিত হৈছে। তাৰকাগৰাকীক অভিলেখ ২৬.৭৫ কোটি টকাত ক্ৰয় কৰিছে পঞ্জাৱ কিংছে।

  • 24 Nov 2024 04:02 PM (IST)

    ১০.৭৫ কোটি টকাত গুজৰাট টাইটানছলৈ ৰাবাডা

    গুজৰাট টাইটানছে ১০.৭৫ কোটি টকাত ক্ৰয় কৰিছে দক্ষিণ আফ্ৰিকাৰ তাৰকা পেচাৰ কেগিছো ৰাবাডাক। গত ছিজনত ৰাবাডা আছিল পঞ্জাৱৰ সদস্য।

  • 24 Nov 2024 03:58 PM (IST)

    ১৮ কোটি টকাত পঞ্জাৱে ৰিটেইন কৰিলে অৰ্শদীপক

    আৰটিএম কাৰ্ড প্ৰয়োগেৰে ১৮ কোটি টকাত পঞ্জাৱ কিংছে ৰিটেইন কৰিলে অৰ্শদীপ সিঙক। অৰ্শদীপৰ বাবে হায়দৰাবাদে যথেষ্ট আগ্ৰহ দেখুৱাইছিল যদিও পঞ্জাৱে তাৰকা পেচাৰগৰাকীক ৰিটেইন কৰে।

  • 24 Nov 2024 03:48 PM (IST)

    আৰম্ভ হ’ল নিলাম, প্ৰথমেই আৰম্ভ হৈছে অৰ্শদীপৰ নিলাম

    নিলামত প্ৰথমেই আহিছে পেচাৰ অৰ্শদীপ সিঙৰ নাম। চেন্নাই আৰু দিল্লীয়ে অৰ্শদীপৰ বাবে নিলামত প্ৰতিদ্বন্দিতাত নামিছে।

  • 24 Nov 2024 03:43 PM (IST)

    নিলামৰ বাবে কাৰ হাতত আছে সৰ্বাধিক ধন

    প্ৰতিটো দলে ১২০ কোটি টকাৰ নিলাম পাৰ্চ লাভ কৰিছিল যদিও ইয়াৰে কিছু অংশ ইতিমধ্যেই খেলুৱৈৰ ৰিটেনচনৰ বাবে ব্যয় কৰিছে। এতিয়া সৰ্বাধিক ধন হাতত লৈ নিলামৰ বাবে সাজু হৈছে পঞ্জাৱ কিংছ। দলটোৰ হাতত এতিয়াও ১১০.৫০ কোটি টকা জমা আছে।

  • 24 Nov 2024 03:33 PM (IST)

    কোন হ’ব নিলামত আটাইতকৈ দামী খেলুৱৈ

    বিগত সংস্কৰণত ষ্টাৰ্কক অভিলেখ ২৪.৭৫ কোটি টকা্ত ক্ৰয় কৰিছিল কলকাতা নাইট ৰাইডাৰ্ছে। এইবাৰ নিলামত কোনো সৌভাগ্যশালী খেলুৱৈয়ে এই অভিলেখ ভংগ কৰিব পাৰে। এইক্ষেত্ৰত সবাতোকৈ চৰ্চাত আছে ভাৰতীয় তাৰকা ঋষভ পণ্টৰ নাম।

  • 24 Nov 2024 03:27 PM (IST)

    ২ কোটি টকাৰ বেচ প্ৰাইজত ৮১ গৰাকী খেলুৱৈৰ নাম

    চূড়ান্ত তালিকাত ২ কোটি টকাৰ বেচ প্ৰাইজত ৮১ গৰাকী খেলুৱৈ, ১.৫০ কোটি টকাৰ শাখাত ২৭ গৰাকী, ১.২৫ কোটি টকাৰ শাখাত ১৮ গৰাকী আৰু ১ কোটি টকাৰ শাখাত ২৩ গৰাকী খেলুৱৈৰ নাম তালিকাভুক্ত কৰা হৈছে।

  • 24 Nov 2024 03:25 PM (IST)

    নিলামৰ বাবে চূড়ান্ত তালিকাত আছে ৫৭৪ গৰাকী খেলুৱৈৰ নাম

    মুঠ ৫৭৪ গৰাকী খেলুৱৈৰ নাম এই মেগা নিলামৰ বাবে চূড়ান্ত কৰা হৈছে। অৱশ্যে এই ৫৭৪ গৰাকী খেলুৱৈৰ ভিতৰত নিলামত সৰ্বাধিক ২০৪ গৰাকী খেলুৱৈহে ক্ৰয় কৰিব পাৰিব।

  • 24 Nov 2024 03:24 PM (IST)

    কিদৰে আৰু ক’ত চাব পাৰিব লাইভ সম্প্ৰচাৰ

    ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কে ভাৰতত পাঁচটা ভিন্ন ভাষাত এই অনুষ্ঠানৰ লাইভ সম্প্ৰচাৰ কৰিব। আনহাতে JioCinema এপ আৰু ৱেবছাইটত বিনামূলীয়াকৈ উপলব্ধ হ’ব সম্প্ৰচাৰ।

  • 24 Nov 2024 03:19 PM (IST)

    চৌদি আৰৱত হৈছে আই পি এলৰ এই মেগা নিলাম

    এইবাৰ প্ৰথমবাৰৰ বাবে চৌদি আৰৱত অনুষ্ঠিত হৈছে আই পি এলৰ নিলাম। জেদ্দাহ চহৰত দুদিনীয়াকৈ আয়োজিত এই নিলাম আজি কিছু সময় পিছতে ৩.৩০ বজাৰ পৰা আৰম্ভ হ’ব।

চৌদি আৰৱৰ জেদ্দাহ চহৰত আৰম্ভ হ’ল আই পি এলৰ বহু প্ৰতীক্ষিত মেগা নিলাম। পছন্দৰ খেলুৱৈ ক্ৰয়ৰ বাবে নিলাম কক্ষত সাজু হৈছে প্ৰতিটো ফ্ৰেন্সাইজি। বিশ্বৰ আটাইতকৈ ব্যয়বহুল ক্ৰিকেট লীগ হিচাপে আই পি এলৰ নিলামত দৃষ্টি নিবদ্ধ হৈছে ক্ৰিকেট বিশ্বৰ। নিলামক কেন্দ্ৰ কৰি বিগত সময়ছোৱাত বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। কোনগৰাকী খেলুৱৈয়ে সৰ্বাধিক দৰ লাভ কৰিব, কোনটো দলে কোনগৰাকী খেলুৱৈক ক্ৰয় কৰিব ইত্যাদি প্ৰশ্ন লৈ উদগ্ৰীৱ হৈ আছে ক্ৰিকেট বিশেষজ্ঞ তথা অনুৰাগী। কিছু সময়ৰ পিছতে ওৰ পৰিব এই সকলো প্ৰশ্নৰ।

Latest Stories