IPL Mega Auction 2025 Live: ভেংকটেশ আয়াৰৰ ভাগ্যোদয়, লাভ কৰিলে ২৩.৭৫ কোটি টকা

চৌদি আৰৱৰ জেদ্দাহ চহৰত আৰম্ভ হৈছে আই পি এলৰ বহু প্ৰতীক্ষিত মেগা নিলাম। অলৰাউণ্ডাৰ ভেংকটেশ আয়াৰৰ বাবে নিলামে আনিলে ধনৰ উজান। আৰচিবিৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দিতাৰ অন্তত কলকাতাই ২৩.৭৫ কোটি টকাত পুনৰ খেলুৱৈগৰাকীক ক্ৰয় কৰে।

IPL Mega Auction 2025 Live: ভেংকটেশ আয়াৰৰ ভাগ্যোদয়, লাভ কৰিলে ২৩.৭৫ কোটি টকা

আই পি এল ২০২৫ৰ মেগা নিলাম

Updated On: 

24 Nov 2024 15:21 PM

LIVE NEWS & UPDATES

  • 24 Nov 2024 08:51 PM (IST)

    মুম্বাইলৈ উভতিল ট্ৰেণ্ট ব’ল্ট

    নিউজিলেণ্ডৰ বেগী বলাৰ ট্ৰেণ্ট ব’ল্টক ১২.৫০ কোটি টকাত ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে । ৩ ছিজনৰ আগলৈকে ব’ল্ট মুম্বাইৰ অংশ আছিল আৰু দলটোৰ হৈ খিতাপ দখল কৰিছিল।

  • 24 Nov 2024 08:43 PM (IST)

    দিল্লীয়ে কিনিলে টি নটৰাজন

    ভাৰতীয় পেচাৰ টি নটৰাজনৰ বাবে আৰচিবি আৰু দিল্লীৰ মাজত তীব্ৰ প্ৰতিযোগিতা চলিছিল যদিও শেষত দিল্লীয়ে ১১.৭৫ কোটি টকাত নটৰাজনক ক্ৰয় কৰে।

  • 24 Nov 2024 08:37 PM (IST)

    চি এছ কেয়ে ক্ৰয় কৰিলে খলিল আহমেদক

    ভাৰতীয় পেচাৰ খলিল আহমেদক চেন্নাই ছুপাৰ কিংছে ৪.৮০ কোটি টকাত ক্ৰয় কৰে । ইয়াৰ আগতে তেওঁ দিল্লীৰ অংশ আছিল।

  • 24 Nov 2024 08:33 PM (IST)

    ৰাজস্থানলৈ উভতি আহিল জফ্ৰা আৰ্চাৰ

    অৱশেষত ৰাজস্থান ৰয়েলছলৈ উভতি আহিল জফ্ৰা আৰ্চাৰ। কিছুবছৰ পূৰ্বে ৰাজস্থানৰ সৈতে আই পি এল কেৰিয়াৰ আৰম্ভ কৰা পেচাৰ আৰ্চাৰক ১২.৫০ কোটি টকাত ক্ৰয় কৰে।

  • 24 Nov 2024 08:28 PM (IST)

    LSGয়ে পুনৰ ক্ৰয় কৰিলে আৱেশ খানক

    লক্ষ্ণৌ ছুপাৰ জায়েন্টছত পুনৰ থাকিব ভাৰতীয় যুৱ পেচাৰ আৱেশ খান। লক্ষ্ণৌৱে তেওঁৰ বাবে ৯.৭৫ কোটি টকাৰ বিড দিছিল।

  • 24 Nov 2024 08:27 PM (IST)

    কলকাতাৰ ক্ৰয় কৰিলে এনৰিক নৰ্খিয়াক

    দক্ষিণ আফ্ৰিকাৰ পেচাৰ এনৰিক নৰ্খিয়াক ৬.৫০ কোটি টকাত ক্ৰয় কৰিছে কেকেআৰে। নৰ্খিয়া আগতে দিল্লী কেপিটেলছৰ অংশ আছিল।

  • 24 Nov 2024 08:23 PM (IST)

    হেজেলউড আৰচিবিলৈ, প্ৰসিদ কৃষ্ণক ক্ৰয় গুজৰাটৰ

    অষ্ট্ৰেলিয়ান পেচাৰ হেজেলউডক ১২.৫০ কোটি টকাত আৰচিবিয়ে ক্ৰয় কৰাৰ বিপৰীতে প্ৰসিধ কৃষ্ণক গুজৰাটে ৯.৫০ কোটি টকাত ক্ৰয় কৰে।

  • 24 Nov 2024 08:05 PM (IST)

    জিতেশ শৰ্মাই লাভ কৰিলে ১১ কোটি টকা

    ভাৰতৰ যুৱ উইকেটকীপাৰ বেটাৰ জিতেশ শৰ্মাক ১১ কোটি টকাত ক্ৰয় কৰিছে আৰচিবিয়ে।

  • 24 Nov 2024 08:01 PM (IST)

    ঈষান কিষাণ হায়দৰাবাদলৈ

    ছানৰাইজাৰ্ছ হায়দৰাবাদে ১১.২৫ কোটি টকাত ক্ৰয় কৰিছে ভাৰতীয় উইকেটকীপাৰ বেটাৰ ঈষান কিষাণক।

  • 24 Nov 2024 07:59 PM (IST)

    ফিল চল্টক ক্ৰয় কৰিলে বাংগালুৰুৱে, গুৰবাজ পুনৰ কলতাতাত

    বাংগালোৰে ইংলেণ্ডৰ উইকেটৰক্ষক বেটাৰ ফিল চল্টক ১১.৫০কোটি টকাত ক্ৰয় কৰাৰ বিপৰীতে ৰহমনুল্লাহ গুৰবাজক ২ কোটি টকাত কলকাতাই পুনৰ ক্ৰয় কৰে।

  • 24 Nov 2024 07:41 PM (IST)

    কুইণ্টন ডে কুক কলকাতালৈ, বেয়াৰষ্ট’ আনচ’ল্ড

    ৩.৬ কোটি টকাত কুইণ্টন ডে কুকক কলকাতাই ক্ৰয় কৰাৰ বিপৰীতে আনচ’ল্ড হৈ ৰয় ইংলেণ্ডৰ উইকেটৰক্ষক জনী বেয়াৰষ্ট’।

  • 24 Nov 2024 07:23 PM (IST)

    পঞ্জাৱ কিংছলৈ উভতিল মেক্সৱেল

    অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলক পুনৰ এবাৰ দেখা যাব পঞ্জাৱৰ জাৰ্চিত। দলটোক ৪.২০ কোটি টকাত ক্ৰয় কৰে ফ্ৰেন্সাইজিটোৱে।

  • 24 Nov 2024 07:17 PM (IST)

    ১১ কোটি টকাত ষ্টইনিছক ক্ৰয় পঞ্জাৱৰ, মাৰ্শ্ব লক্ষ্ণৌত

    দুই অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰ মাৰ্কুছ ষ্টইনিছ আৰু মিচেল মাৰ্শ্বক ক্ৰমে পঞ্জাৱে ১১ কোটি টকাত আৰু লক্ষ্ণৌৱে ৩.৪০ কোটি টকাত ক্ৰয় কৰে।

  • 24 Nov 2024 07:07 PM (IST)

    ভেংকটেশ আয়াৰৰ ভাগ্যোদয়, লাভ কৰিলে ২৩.৭৫ কোটি টকা

    অলৰাউণ্ডাৰ ভেংকটেশ আয়াৰৰ বাবে নিলামে আনিলে ধনৰ উজান। আৰচিবিৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দিতাৰ অন্তত কলকাতাই ২৩.৭৫ কোটি টকাত পুনৰ খেলুৱৈগৰাকীক ক্ৰয় কৰে।

  • 24 Nov 2024 06:59 PM (IST)

    চেন্নাইলৈ উভতিল ৰবিচন্দ্ৰন অশ্বিন

    পুৰণি দল চেন্নাইলৈ উভতিল ৰবিচন্দ্ৰন অশ্বিন। তাৰকা ক্ৰিকেটাৰগৰাকীক ৯.৭৫ কোটি টকাত ক্ৰয় কৰে ফ্ৰেন্সাইজিটোৱে।

  • 24 Nov 2024 06:54 PM (IST)

    ৰচিন ৰবীন্দ্ৰক ৰিটেইন চেন্নাইৰ

    যুৱ কিৱি তাৰকা ৰচিন ৰবীন্দ্ৰক ৪ কোটি টকাত ৰিটেইন কৰে চেন্নাই চুপাৰ কিংছে। অৰ্থাৎ দলটোৰ পুনৰ দেখা যাব ক’নৱে-ৰবীন্দ্ৰৰ অপেনিং যুটি।

  • 24 Nov 2024 06:51 PM (IST)

    ৮ কোটি টকাত হৰ্ষল পেটেলক ক্ৰয় হায়দৰাবাদৰ

    বিগত সংস্কৰণৰ পাৰ্পল কেপ বিজয়ী ভাৰতীয় অলৰাউণ্ডাৰ হৰ্ষল পেটেলক ৮ কোটি টকাত ক্ৰয় কৰে ছানৰাইজাৰ্ছ হায়দৰাবাদে।

  • 24 Nov 2024 06:44 PM (IST)

    আৰটিএম কাৰ্ড প্ৰয়োগেৰে জেক ফ্ৰেজাৰ মেকগুৰ্কক ৰিটেইন দিল্লীৰ

    গত সংস্কৰণত বিস্ফোৰক বেটিঙেৰে চমক সৃষ্টি কৰা অষ্ট্ৰেলিয়ান যুৱ তাৰকা জেক ফ্ৰেজাৰ মেকগুৰ্কক আৰটিএম কাৰ্ড প্ৰয়োগেৰে পুনৰ দলত ৰিটেইন কৰে দিল্লী কেপিটেলছে।

  • 24 Nov 2024 06:41 PM (IST)

    আনচ’ল্ড ৱাৰ্ণাৰ, ৰাহুল ত্ৰিপাঠীক ক্ৰয় কৰিলে চেন্নায়ে

    আই পি এলৰ অন্যতম সফল তাৰকা ডেভিড ৱাৰ্ণাৰ আনচ’ল্ড হৈ ৰৈছে নিলামত। আনহাতে বিগত কেইটামান ছিজনত বিশেষ সাফল্য লাভ কৰি অহা ৰাহুল ত্ৰিপাঠীক ৩.৭৫ কোটি টকাত ক্ৰয় কৰিলে চেন্নাই চুপাৰ কিংছে।

  • 24 Nov 2024 06:37 PM (IST)

    পুনৰ চেন্নাইলৈ ডেভন কনৱে’

    বিগত সংস্কৰণত চেন্নাইৰ অপেনিঙৰ দায়িত্ব লোৱা ডেভন কনৱে’ক দলটোৱে পুনৰ ৬.২৫ কোটি টকাত ক্ৰয় কৰিছে।

  • 24 Nov 2024 06:33 PM (IST)

    আনচ’ল্ড পাড়িক্কাল, ২ কোটি টকা বেচ প্ৰাইচতে লক্ষ্ণৌলৈ মাৰ্ক্ৰাক

    কোনো দলেই আগ্ৰহ প্ৰকাশ নকৰাৰ বাবে আশ্চৰ্কৰভাৱে নিলামত বিক্ৰী নোহোৱাকৈ ৰয় দেৱদত্ত পাড়িক্কাল। আনহাতে দক্ষিণ আফ্ৰিকাৰ অধিনায়ক এইডেন মাৰ্ক্ৰামক ২ কোটি টকাৰ বেচ প্ৰাইচতে ক্ৰয় কৰে লক্ষ্ণৌ চুপাৰ জায়েণ্টছে।

  • 24 Nov 2024 06:29 PM (IST)

    হেৰী ব্ৰুকক ক্ৰয় কৰিলে দিল্লী কেপিটেলছে

    ইংলেণ্ডৰ যুৱ তাৰকা হেৰী ব্ৰুকক ক্ৰয় কৰিছে দিল্লী কেপিটেলছে। তাৰকাগৰাকীক ৬.২৫ কোটি টকাত ক্ৰয় কৰে ফ্ৰেন্সাইজিটোৱে।

  • 24 Nov 2024 06:19 PM (IST)

    এইবাৰ নিলামৰ টেবুললৈ আহিব ২ কোটি টকাৰ বেচ প্ৰাইচৰ খেলুৱৈ

    ইতিমধ্যে ২ কোটি টকাৰ বেচ প্ৰাইচত থকা মাৰ্কি খেলুৱৈৰ নিলামৰ অন্ত পৰিছে। এইবাৰ নিলামৰ টেবুললৈ আহিব ২ কোটি টকাৰ বেচ প্ৰাইচৰ শাখাত থকা খেলুৱৈ। এগৰাকীও মাৰ্কি খেলুৱৈ ক্ৰয় নকৰা চেন্নাই আৰু মুম্বাইয়ে এইবাৰ খেলুৱৈ ক্ৰয়ৰ বাবে নিবিদাত অংশ লোৱাটো নিশ্চিত।

  • 24 Nov 2024 05:46 PM (IST)

    মাৰ্কি খেলুৱৈৰ নিলাম সম্পূৰ্ণ

    মেগা নিলামৰ বাবে মাৰ্কি খেলুৱৈৰ তালিকাত ১২ গৰাকী খেলুৱৈক স্থান দিয়া হৈছিল। এই ১২ জনৰ ভিতৰত গুজৰাট আৰু পঞ্জাবে ৩ জনকৈ খেলুৱৈ ক্ৰয় কৰাৰ বিপৰীতে দিল্লী আৰু লক্ষ্ণৌৱে ২ জনকৈ খেলুৱৈ ক্ৰয় কৰে। আনহাতে হায়দৰাবাদ আৰু বাংগালুৰুৱে ১ জনকৈ খেলুৱৈ ক্ৰয় কৰিছে।

  • 24 Nov 2024 05:26 PM (IST)

    ১৪ কোটি টকাত কে এল ৰাহুল দিল্লীলৈ

    ভাৰতীয় তাৰকা কে এল ৰাহুলৰ দৰ এইবাৰ নিলামত বৃদ্ধি পাব বুলি চৰ্চা চলিছিল যদিও ১৪ কোটি টকাৰ দৰতে খেলুৱৈগৰাকীক দিল্লী কেপিটেলছে ক্ৰয় কৰিবলৈ সক্ষম হয়।

  • 24 Nov 2024 05:18 PM (IST)

    লিয়াম লিভিংষ্ট’নক ক্ৰয় কৰিলে আৰচিবিয়ে

    বিগত সংস্কৰণত পঞ্জাৱ কিংছৰ গুৰুত্বপূৰ্ণ সদস্য হিচাপে থকা ইংলেণ্ডৰ অলৰাউণ্ডাৰ লিয়াম লিভিংষ্ট’নক ৮.৭৫ কোটি টকাত ক্ৰয় কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে।

  • 24 Nov 2024 05:14 PM (IST)

    মহম্মদ চিৰাজে পালে ১২.২৫ কোটি টকা

    ভাৰতীয় দলৰ তাৰকা পেচাৰ মহম্মদ চিৰাজক ১২.২৫ কোটি টকাত ক্ৰয় কৰিছে গুজৰাট টাইটানছে। বিগত কেইবাটাও ছিজন চিৰাজ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ সদস্য আছিল।

  • 24 Nov 2024 05:09 PM (IST)

    চাহালক ক্ৰয় কৰিলে পঞ্জাৱ কিংছে

    তাৰকা স্পিনাৰ যুজবেন্দ্ৰ চাহালক ১৮ কোটি টকাত ক্ৰয় কৰিছে পঞ্জাৱ কিংছে। বিগত সংস্কৰণত চাহাল ৰাজস্থানৰ সদস্য আছিল।

  • 24 Nov 2024 05:00 PM (IST)

    মিলাৰক ক্ৰয় কৰিলে লক্ষ্ণৌৱে

    দক্ষিণ আফ্ৰিকান তাৰকা ডেভিড মিলাৰক ৭.৫০ কোটি টকাত ক্ৰয় কৰিছে লক্ষ্ণৌ চুপাৰ জায়েণ্টছে।

  • 24 Nov 2024 04:53 PM (IST)

    ১০ কোটি টকাত হায়দৰাবাদলৈ মহম্মদ ছামি

    ভাৰতীয় দলৰ অভিজ্ঞ পেচাৰ মহম্মদ ছামিক ৱানৰাইজাৰ্ছ হায়দৰাবাদে ক্ৰয় কৰিছে ১০ কোটি টকাৰ দৰত।

  • 24 Nov 2024 04:40 PM (IST)

    অভিলেখ ভংগ, আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈত পৰিণত পণ্ট

    শ্ৰেয়স আয়াৰক পিছ পেলাই প্ৰত্যাশিতভাৱেই আই পি এল ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছে ঋষভ পণ্ট। তাৰকা ক্ৰিকেটাৰগৰাকীক ২৭ কোটি টকাত ক্ৰয় কৰিছে লক্ষ্ণৌ চুপাৰ জায়েণ্টছে।

  • 24 Nov 2024 04:31 PM (IST)

    ১১.৭৫ কোটি টকাত দিল্লীলৈ মিচেল ষ্টাৰ্ক

    বিগত সংস্কৰণত আই পি এলৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হোৱা মিচেল ষ্টাৰ্কক এইবাৰ ১১.৭৫ কোটি টকাত ক্ৰয় কৰিছে দিল্লী কেপিটেলছে।

  • 24 Nov 2024 04:25 PM (IST)

    ১৫.৭৫ কোটি টকাত গুজৰাটে ক্ৰয় কৰিলে বাটলাৰক

    ইংলেণ্ডৰ তাৰকা উইকেটৰক্ষক জ’ছ বাটলাৰক ১৫.৭৫ কোটি টকাত ক্ৰয় কৰিছে গুজৰাট টাইটানছে। গত সংস্কৰণত বাটলাৰ ৰাজস্থান ৰয়েলছৰ অংশ আছিল।

  • 24 Nov 2024 04:17 PM (IST)

    আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈত পৰিণত শ্ৰেয়স আয়াৰ

    তাৰকা ভাৰতীয় ক্ৰিকেটাৰ শ্ৰেয়স আয়াৰ আই পি এল ইতিহাসৰে আটাইতকৈ দামী খেলুৱৈ হিচাপে বিবেচিত হৈছে। তাৰকাগৰাকীক অভিলেখ ২৬.৭৫ কোটি টকাত ক্ৰয় কৰিছে পঞ্জাৱ কিংছে।

  • 24 Nov 2024 04:02 PM (IST)

    ১০.৭৫ কোটি টকাত গুজৰাট টাইটানছলৈ ৰাবাডা

    গুজৰাট টাইটানছে ১০.৭৫ কোটি টকাত ক্ৰয় কৰিছে দক্ষিণ আফ্ৰিকাৰ তাৰকা পেচাৰ কেগিছো ৰাবাডাক। গত ছিজনত ৰাবাডা আছিল পঞ্জাৱৰ সদস্য।

  • 24 Nov 2024 03:58 PM (IST)

    ১৮ কোটি টকাত পঞ্জাৱে ৰিটেইন কৰিলে অৰ্শদীপক

    আৰটিএম কাৰ্ড প্ৰয়োগেৰে ১৮ কোটি টকাত পঞ্জাৱ কিংছে ৰিটেইন কৰিলে অৰ্শদীপ সিঙক। অৰ্শদীপৰ বাবে হায়দৰাবাদে যথেষ্ট আগ্ৰহ দেখুৱাইছিল যদিও পঞ্জাৱে তাৰকা পেচাৰগৰাকীক ৰিটেইন কৰে।

  • 24 Nov 2024 03:48 PM (IST)

    আৰম্ভ হ’ল নিলাম, প্ৰথমেই আৰম্ভ হৈছে অৰ্শদীপৰ নিলাম

    নিলামত প্ৰথমেই আহিছে পেচাৰ অৰ্শদীপ সিঙৰ নাম। চেন্নাই আৰু দিল্লীয়ে অৰ্শদীপৰ বাবে নিলামত প্ৰতিদ্বন্দিতাত নামিছে।

  • 24 Nov 2024 03:43 PM (IST)

    নিলামৰ বাবে কাৰ হাতত আছে সৰ্বাধিক ধন

    প্ৰতিটো দলে ১২০ কোটি টকাৰ নিলাম পাৰ্চ লাভ কৰিছিল যদিও ইয়াৰে কিছু অংশ ইতিমধ্যেই খেলুৱৈৰ ৰিটেনচনৰ বাবে ব্যয় কৰিছে। এতিয়া সৰ্বাধিক ধন হাতত লৈ নিলামৰ বাবে সাজু হৈছে পঞ্জাৱ কিংছ। দলটোৰ হাতত এতিয়াও ১১০.৫০ কোটি টকা জমা আছে।

  • 24 Nov 2024 03:33 PM (IST)

    কোন হ’ব নিলামত আটাইতকৈ দামী খেলুৱৈ

    বিগত সংস্কৰণত ষ্টাৰ্কক অভিলেখ ২৪.৭৫ কোটি টকা্ত ক্ৰয় কৰিছিল কলকাতা নাইট ৰাইডাৰ্ছে। এইবাৰ নিলামত কোনো সৌভাগ্যশালী খেলুৱৈয়ে এই অভিলেখ ভংগ কৰিব পাৰে। এইক্ষেত্ৰত সবাতোকৈ চৰ্চাত আছে ভাৰতীয় তাৰকা ঋষভ পণ্টৰ নাম।

  • 24 Nov 2024 03:27 PM (IST)

    ২ কোটি টকাৰ বেচ প্ৰাইজত ৮১ গৰাকী খেলুৱৈৰ নাম

    চূড়ান্ত তালিকাত ২ কোটি টকাৰ বেচ প্ৰাইজত ৮১ গৰাকী খেলুৱৈ, ১.৫০ কোটি টকাৰ শাখাত ২৭ গৰাকী, ১.২৫ কোটি টকাৰ শাখাত ১৮ গৰাকী আৰু ১ কোটি টকাৰ শাখাত ২৩ গৰাকী খেলুৱৈৰ নাম তালিকাভুক্ত কৰা হৈছে।

  • 24 Nov 2024 03:25 PM (IST)

    নিলামৰ বাবে চূড়ান্ত তালিকাত আছে ৫৭৪ গৰাকী খেলুৱৈৰ নাম

    মুঠ ৫৭৪ গৰাকী খেলুৱৈৰ নাম এই মেগা নিলামৰ বাবে চূড়ান্ত কৰা হৈছে। অৱশ্যে এই ৫৭৪ গৰাকী খেলুৱৈৰ ভিতৰত নিলামত সৰ্বাধিক ২০৪ গৰাকী খেলুৱৈহে ক্ৰয় কৰিব পাৰিব।

  • 24 Nov 2024 03:24 PM (IST)

    কিদৰে আৰু ক’ত চাব পাৰিব লাইভ সম্প্ৰচাৰ

    ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কে ভাৰতত পাঁচটা ভিন্ন ভাষাত এই অনুষ্ঠানৰ লাইভ সম্প্ৰচাৰ কৰিব। আনহাতে JioCinema এপ আৰু ৱেবছাইটত বিনামূলীয়াকৈ উপলব্ধ হ’ব সম্প্ৰচাৰ।

  • 24 Nov 2024 03:19 PM (IST)

    চৌদি আৰৱত হৈছে আই পি এলৰ এই মেগা নিলাম

    এইবাৰ প্ৰথমবাৰৰ বাবে চৌদি আৰৱত অনুষ্ঠিত হৈছে আই পি এলৰ নিলাম। জেদ্দাহ চহৰত দুদিনীয়াকৈ আয়োজিত এই নিলাম আজি কিছু সময় পিছতে ৩.৩০ বজাৰ পৰা আৰম্ভ হ’ব।

চৌদি আৰৱৰ জেদ্দাহ চহৰত আৰম্ভ হ’ল আই পি এলৰ বহু প্ৰতীক্ষিত মেগা নিলাম। পছন্দৰ খেলুৱৈ ক্ৰয়ৰ বাবে নিলাম কক্ষত সাজু হৈছে প্ৰতিটো ফ্ৰেন্সাইজি। বিশ্বৰ আটাইতকৈ ব্যয়বহুল ক্ৰিকেট লীগ হিচাপে আই পি এলৰ নিলামত দৃষ্টি নিবদ্ধ হৈছে ক্ৰিকেট বিশ্বৰ। নিলামক কেন্দ্ৰ কৰি বিগত সময়ছোৱাত বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। কোনগৰাকী খেলুৱৈয়ে সৰ্বাধিক দৰ লাভ কৰিব, কোনটো দলে কোনগৰাকী খেলুৱৈক ক্ৰয় কৰিব ইত্যাদি প্ৰশ্ন লৈ উদগ্ৰীৱ হৈ আছে ক্ৰিকেট বিশেষজ্ঞ তথা অনুৰাগী। কিছু সময়ৰ পিছতে ওৰ পৰিব এই সকলো প্ৰশ্নৰ।

অভিশাপ নে বৰদান? জানক কল গছ জন্মৰ আঁৰৰ কাহিনী...
কমি যায় মূল্য! ভাৰতৰ ১০০ টকা ব্ৰাজিলত কিমান হয় জানেনে ?
পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ