IPL Auction 2025: মাত্ৰ তিনিজনক ৰিটেইন, আৰচিবিৰ নতুন খেলুৱৈৰ তালিকাত কোন কোন ?

Royal Challengers Bengaluru : ভাৰতী পেচাৰ ভুৱনেশ্বৰ কুমাৰক ক্ৰয় কৰি নিজৰ বলিং বিভাগ শক্তিশালী কৰাৰ চেষ্টা কৰিছে আৰ চি বিয়ে । কাৰণ এই দলটোত ইতিমধ্যে হেজলউডৰ দৰে বলাৰ আছে। ভুৱনেশ্বৰ কুমাৰ আৰু হেজলউড সহায়ত দলটোৱে তীব্ৰ বলিং প্ৰত্যাহ্বানৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে ।

IPL Auction 2025: মাত্ৰ তিনিজনক ৰিটেইন, আৰচিবিৰ নতুন খেলুৱৈৰ তালিকাত কোন কোন ?

মাত্ৰ ৩ জনক ৰিটেইন কৰিলে আৰচিবিয়ে...

Updated On: 

25 Nov 2024 21:04 PM

আই পি এল ২০২৫ৰ মেগা নিলামৰ দ্বিতীয় দিনা আজি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে দলত অন্তৰ্ভুক্ত কৰিছে ভুৱনেশ্বৰ কুমাৰক । ভাৰতী পেচাৰ ভুৱনেশ্বৰ কুমাৰক ক্ৰয় কৰি নিজৰ বলিং বিভাগ শক্তিশালী কৰাৰ চেষ্টা কৰিছে আৰ চি বিয়ে । কাৰণ এই দলটোত ইতিমধ্যে হেজলউডৰ দৰে বলাৰ আছে। ভুৱনেশ্বৰ কুমাৰ আৰু হেজলউড সহায়ত দলটোৱে তীব্ৰ বলিং প্ৰত্যাহ্বানৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে ।

আৰ চি বিয়ে ভুৱনেশ্বৰ কুমাৰক ১০.৭৫ কোটি টকাত ক্ৰয় কৰিছে । ইয়াৰ পূৰ্বে এই দলটোৱে ১২.৫০ কোটি টকাত হেজলউডক ক্ৰয় কৰিছিল । যিগৰাকী এই দলৰ আটাইতকৈ দামী খেলুৱৈ। ইফালে ৬ কোটি টকাত ৰসিক চালামক ক্ৰয় কৰাটো আৰচিবিৰ সৰ্বোত্তম চুক্তি হিচাপে বিবেচিত হৈছে।

ইয়াৰ উপৰিও এই দলটোৱে উইকেটকীপাৰ বেটছমেন জিতেশ শৰ্মা, ফিল ছল্ট আৰু লিয়াম লিভিংষ্টনকো ক্ৰয় কৰিছে । ইয়াৰ দ্বাৰা দলটোৱে বলিঙৰ লগতে বেটিং বিভাগো শক্তিশালী কৰা দেখা গৈছে । ভাৰতীয় উইকেটকীপাৰ জিতেশ শৰ্মাক আৰ চি বিয়ে ১১ কোটি টকাৰ বিপুল মূল্যত ক্ৰয় কৰিছে । এই খেলুৱৈজন মেচ ফিনিছাৰৰ ভূমিকা পালন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে ক্ৰিকেট অনুৰাগীয়ে ।

আৰচিবিৰ ৰিটেইন খেলুৱৈৰ ভিতৰত আছে বিৰাট কোহলী (২১ কোটি), ৰজত পাটিদাৰ (১১ কোটি) আৰু যশ দয়াল (৫ কোটি) । একেদৰে দলটোৰ নতুন খেলুৱৈৰ তালিকাত আছে লিয়াম লিভিংষ্টন (৮.৭৫ কোটি), ফিল ছল্ট (১১.৫০ কোটি), জিতেশ শৰ্মা (১১ কোটি), হেজলউড (১২.৫০ কোটি), ৰসিক চালাম (৬ কোটি), সুৱাশ শৰ্মা (২.৬ কোটি), ক্ৰুনাল পাণ্ডিয়া(৫.৭৫ কোটি ) ভুৱনেশ্বৰ কুমাৰ (১০.৭৫ .কোটি), স্বপ্নীল সিং (৫০ লাখ), টিম ডেভিদ-(৩ কোটি), ৰোমাৰিয়া শ্বেফাৰ্ড (১.৫০ কোটি), জেকব বৈঠল (১.২৫ কোটি), মনোজ ভাণ্ডে (৩০ লাখ) ।

লগতে পঢ়ক : পাৰ্থত জয়েৰে পাঁচ নতুন অভিলেখ গঢ়িলে ভাৰতেঃ অনন্য কৃতিত্ব বুমৰাহৰো..

ঘৰত একেলগে ৰাখিছে নেকি নেমু-জলকীয়া? নকৰিব এনে ভুল, হ’ব দুৰ্গতি…
২০২৫ চনত এই ৰাশিসমূহৰ ওপৰত থাকিব শনিৰ আশীৰ্বাদ, সফল হ'ব পাৰিব জীৱনত!
শীতকালত কেনেকৈ ল'ব আপোনাৰ ছালৰ যতন, জানক সবিশেষ
মহাভাৰত যুদ্ধত কৌৰৱক সংহাৰ কৰা ধনুৰ্ধৰ অৰ্জুনৰ গাণ্ডীৱ ধনু এতিয়া ক’ত আছে জানেনে?