IPL Auction Highest Paid Players: মেগা নিলামলৈ আৰু কিছু ক্ষণঃ চাওক আই পি এলৰ প্ৰতিটো সংস্কৰণৰ দামী খেলুৱৈৰ তালিকা

কিছু সময় পিছতে চৌদি আৰৱৰ জেদ্দাহ চহৰত আৰম্ভ হ’ব আই পি এলৰ মেগা নিলাম। নিলামত কোনগৰাকী খেলুৱৈ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হ’ব পাৰে, সেই সন্দৰ্ভতো বহু চৰ্চা হৈছে। চাওঁ আহক আই প এলৰ প্ৰতিটো সংস্কৰণৰ দামী খেলুৱৈৰ তালিকা।

IPL Auction Highest Paid Players: মেগা নিলামলৈ আৰু কিছু ক্ষণঃ চাওক আই পি এলৰ প্ৰতিটো সংস্কৰণৰ দামী খেলুৱৈৰ তালিকা

আই পি এলৰ আটাইতকৈ দামী খেলুৱৈ মিচেল ষ্টাৰ্ক

Published: 

24 Nov 2024 14:48 PM

আৰু মাত্ৰ কেইটামান ক্ষণ, আৰম্ভ হ’ব আই পি এলৰ বহু প্ৰতীক্ষিত নেগা নিলাম। বহু নামী-দামী তথা অখ্যাত খেলুৱৈৰ আজি উদয় হ’ব ভাগ্য। খেলুৱৈ ক্ৰয়ৰ বাবে সাজু হৈছে প্ৰতিটো ফ্ৰেন্সাইজি। কিছু সময় পিছতে চৌদি আৰৱৰ জেদ্দাহ চহৰত আৰম্ভ হ’ব দুদিনীয়া এই মেগা নিলাম। ক্ৰিকেট বিশ্বৰ আটাইতকৈ ধনাঢ্য এই লীগৰ নিলামৰ বাবে বাট চাইছে প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীয়ে। এই বহু চৰ্চিত মেগা নিলাম ক্ৰিকেটপ্ৰেমীসকলে ষ্টাৰ স্পৰ্টছ চেনেলত আৰু জিঅ’ চিনেমাত লাইভ সম্প্ৰচাৰ চাব পাৰিব।

স্বাভাৱিকতেই এই মেগা নিলামত খেলুৱৈৰ বিপৰীতে উঠিব টকাৰ নিলাম। প্ৰয়োজন সাপেক্ষে পছন্দৰ খেলুৱৈ ক্ৰয়ৰ বাবে প্ৰতিটো ফ্ৰেন্সাইজিয়ে খৰচ কৰিব ধন। নিলামত কোনগৰাকী খেলুৱৈ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হ’ব পাৰে, সেই সন্দৰ্ভতো বহু চৰ্চা হৈছে। উল্লেখ্য যে প্ৰতিযোগিতাৰ বিগত সংস্কৰণত অষ্ট্ৰেলিয়াৰ তাৰকা পেচাৰ মিচেল ষ্টাৰ্ক আই পি এল ইতিহাসৰে আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছিল।

ষ্টাৰ্কক অভিলেখ ২৪.৭৫ কোটি টকা্ত ক্ৰয় কৰিছিল কলকাতা নাইট ৰাইডাৰ্ছে। এইবাৰ নিলামত কোনো সৌভাগ্যশালী খেলুৱৈয়ে এই অভিলেখ ভংগ কৰিব পাৰে। এইক্ষেত্ৰত সবাতোকৈ চৰ্চাত আছে ভাৰতীয় তাৰকা ঋষভ পণ্টৰ নাম। চাওঁ আহক আই প এলৰ প্ৰতিটো সংস্কৰণৰ দামী খেলুৱৈৰ তালিকা-

১) ২০০৮ চনত এম এছ ধোনী  (চেন্নাই চুপাৰ কিংছ)-  ৯.৫ কোটি টকা

২) ২০০৯ চনত এণ্ড্ৰিউ ফ্লিণ্টফ (চেন্নাই) আৰু কেভিন পিটাৰচেন (ৰয়েল চেলেঞ্জাৰ্চ বাংগালুৰু)- ৯.৮ কোটি টকা

৩) ২০১০ চনত শ্বেন বণ্ড (কলকাতা) আৰু কায়ৰন পোলাৰ্ড (মুম্বাই)- ৪.৮ কোটি টকা

৪) ২০১১ চনত গৌতম গম্ভীৰ (কলকাতা)- ১৪.৯ কোটি টকা

৫) ২০১২ চনত ৰবীন্দ্ৰ জা্দেজা (চেন্নাই)- ১২.৮ কোটি টকা

৬) ২০১৩ চনত গ্লেন মেক্সৱেল (মুম্বাই)- ৬.৩ কোটি টকা

৭) ২০১৪ চনত যুৱৰাজ সিং (বাংগালুৰু)- ১৪ কোটি টকা

৮) ২০১৫ চনত যুৱৰাজ সিং (দিল্লী)- ১৬ কোটি টকা

৯) ২০১৬ চনত শ্বেন ৱাটছন (বাংগালুৰু)- ৯.৫ কোটি টকা

১০) ২০১৭ চনত বেন ষ্ট’কছ (ৰাইজিং পুনে চুপাৰজায়েণ্টছ)- ১৪.৫ কোটি টকা

১১) ২০১৮ চনত বেন ষ্ট’কছ (ৰাজস্থান)- ১২.৫ কোটি টকা

১২) ২০১৯ চনত জয়দেৱ উনাডকাট (ৰাজস্থান) আৰু বৰুণ চক্ৰৱৰ্তী (পঞ্জাৱ)- ৮.৪ কোটি টকা

১৩) ২০২০ চনত পেট কামিন্স (কলকাতা)- ১৫.৫ কোটি টকা

১৪) ২০২১ চনত ক্ৰীছ মৰিছ (ৰাজস্থান)- ১৬.২৫ কোটি টকা

১৫) ২০২২ চনত ঈশান কিষাণ (মুম্বাই)- ১৫.২৫ কোটি টকা

১৬) ২০২৩ চনত চেম কুৰাণ (পঞ্জাৱ)- ১৮.৫ কোটি টকা

১৭) ২০২৪ চনত মিচেল ষ্টাৰ্ক (কলকাতা)- ২৪.৭৫ কোটি টকা

অভিশাপ নে বৰদান? জানক কল গছ জন্মৰ আঁৰৰ কাহিনী...
কমি যায় মূল্য! ভাৰতৰ ১০০ টকা ব্ৰাজিলত কিমান হয় জানেনে ?
পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ