5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মেক্সৱেলৰ আত্মজীৱনীয়ে লগাইছে চাঞ্চল্যঃ সেহৱাগৰ বিপক্ষে বিস্ফোৰক অভিযোগ

আই পি এলৰ আগন্তুক মেগা নিলাম আৰু খেলুৱৈ নিলামক কেন্দ্ৰ কৰি ক্ৰিকেট বিশ্বত চলিছে আলোচনা। এনে চৰ্চাৰ মাজতে পোহৰলৈ আহিছে আই পি এল কেন্দ্ৰিক এক বিতৰ্ক। প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহৱাগ সন্দৰ্ভত কেতবোৰ বিস্ফোৰক অভিযোগেৰে এই বিতৰ্কৰ সূত্ৰপাত ঘটাইছে গ্লেন মেক্সৱেলে।

মেক্সৱেলৰ আত্মজীৱনীয়ে লগাইছে চাঞ্চল্যঃ সেহৱাগৰ বিপক্ষে বিস্ফোৰক অভিযোগ
সেহৱাগ সন্দৰ্ভত বিস্ফোৰণ মেক্সৱেলৰ
monjit-dutta
Monjit Dutta | Published: 26 Oct 2024 11:46 AM

আগন্তুক ছিজনৰ আই পি এলক লৈ ইতিমধ্যে আৰম্ভ হৈছে ব্যাপক চৰ্চা। মূলতঃ খেলুৱৈ ৰিটেনচন আৰু মেগা নিলামক কেন্দ্ৰ কৰি ক্ৰিকেট বিশ্বত চলিছে আলোচনা। এনে চৰ্চাৰ মাজতে পোহৰলৈ আহিছে আই পি এলৰ এক পুৰণি বিতৰ্ক। এই বিতৰ্কৰ সূত্ৰপাত হৈছিল অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰ গ্লেন মেক্সৱেল আৰু ভাৰতৰ প্ৰাক্তন তাৰকা বীৰেন্দ্ৰ সেহৱাগৰ মাজত। ২০১৭ চনত সংঘটিত এই বিবাদ সন্দৰ্ভত শেহতীয়াকৈ মুখ খুলিছে মেক্সৱেলে। আত্মজীৱনী ‘গ্লেন মেক্সৱেল – দ্য শ্ব’মেন’ত সেহৱাগৰ বিপক্ষে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অষ্ট্ৰেলিয়ান তাৰকাগৰাকীয়ে।

মেক্সৱেলৰ আত্মজীৱনীখনৰ এটা অংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এই অংশটোত ২০১৭ চনত সংঘটিত হোৱা এই বিতৰ্কটোৰ বিষয়ে উল্লিখিত হৈছে। কিতাপখনত মেক্সৱেলে অভিযোগ কৰিছে যে ২০১৭ চনত পঞ্জাৱ কিংছৰ হৈ খেলি থকাৰ সময়তে ছেহৱাগে তেওঁক হঠাতে দলৰ পৰা আঁতৰাই সংবাদ মেলত ধমক দিছিল। উল্লেখ্য যে ২০১৪ চনৰ পৰা মেক্সৱেল কিংছ ইলেভেন পঞ্জাৱ (বৰ্তমান পঞ্জাব কিংছ)ৰ অংশ আছিল।

ফ্ৰেন্সাইটোৰ হৈ মেক্সৱেলে প্ৰাৰম্ভিক অৱস্থাত উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিছিল। সেয়ে আই পি এলৰ ২০১৭ ছিজনত তেওঁক দলটোৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়। এই ছিজনটোত পঞ্জাৱৰ প্ৰাক্তন অধিনায়ক বীৰেন্দ্ৰ ছেহৱাগক দলটোৰ ক্ৰিকেট সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়। ছিজনৰ অন্তিমখন মেচত পঞ্জাৱ ৰাইজিং পুনে ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে মাত্ৰ ৭৩ ৰানতে অলআউট হৈছিল।

এনে ল’ স্কৰৰ বাবে পঞ্জাৱ মেচখনত ৯ উইকেটত পৰাস্ত হৈছিল। এই পৰাজয়ৰ ফলত পঞ্জাৱ ২ পইণ্টৰ বাবে প্লে’ অফত প্ৰৱেশত ব্যৰ্থ হৈছিল। আত্মজীৱনীত মেক্সৱেলে এই মেচখনৰ বিষয়ে উল্লেখ কৰিছে। মেক্সৱেলে প্ৰকাশ কৰিছে যে মেচৰ পিছত অধিনায়ক হিচাপে তেওঁ সংবাদমেললৈ গৈ সংবাদ মাধ্যমৰ প্ৰশ্নৰ সন্মুখীন হোৱাৰ সিদ্ধান্ত লৈছিল। কিন্তু সেহৱাগে তেওঁক ৰখাই নিজেই সংবাদ মেলৰ বাবে যোৱাৰ কথা কৈছিল বুলি মেক্সৱেলে দাবী কৰিছে।

ইয়াৰ পিছত কিতাপখনত আন কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। তেওঁ দাবী কৰা মতে মেচৰ পিছত দলীয় বাছত উঠাৰ লগে লগে তেওঁক দলৰ মূল হোৱাটছএপ গ্ৰুপৰ পৰা আঁতৰাই দিয়া হৈছে বুলি জানিব পাৰিছিল। এই কথাই তেওঁক স্বাভাৱিকতেই আচৰিত কৰি তুলিছিল। কেৱল এয়াই নহয়, মেক্সৱেল টিম হোটেলত উপস্থিত হোৱাৰ লগে লগে তেওঁ বহু মেছেজ লাভ কৰা বুলি উল্লেখ কৰিছে।

মেক্সৱেলে প্ৰকাশ কৰা মতে এই মেছেজসমূহত সংবাদমেলত সেহৱাগে তেওঁৰ ওপৰত ক্ষোভ প্ৰকাশ কৰা আৰু তেওঁ অধিনায়ক হিচাপে দায়িত্ব নোলোৱাৰ অভিযোগ কৰা বুলি জানিবলৈ দিয়া হৈছিল। এনে ঘটনাই তেওঁক দুখ দিয়া বুলি উল্লেখ কৰি মেক্সৱেলে লগতে কিতাপখনত কয় যে সেহৱাগৰ সৈতে ভাল সম্পৰ্ক আছে বুলি তেওঁ অনুভৱ কৰিছিল। সেয়েহে এনে ধৰণৰ কাৰ্যত অত্যন্ত হতাশ পৰিছিল মেক্সৱেল।

সেয়ে মেক্সৱেলে সেহৱাগক মেছেজ কৰি তেওঁৰ বক্তব্য আঘাতজনক বুলি হতাশা প্ৰকাশ কৰে আৰু সেহৱাগে তেওঁৰ এজন অনুৰাগী হেৰুৱাইছে বুলি উল্লেখ কৰে। কিন্তু মেক্সৱেলৰ দাবী, তেওঁৰ এই মেছেজৰ উত্তৰত সেহৱাগে ‘আপোনাৰ দৰে অনুৰাগীৰ প্ৰয়োজন নাই’ বুলি কঠোৰ ভাষাৰে মেছেজ কৰিছিল। এই বিতৰ্কৰ পাছৰ পৰাই মেক্সৱেল আৰু সেহৱাগৰ মাজত কোনো কথা-বতৰা হোৱা নাই।

Latest News