IPL 2025 Retention: আই পি এলত দৰ বাঢ়িল ৰিয়ানৰ; মেগা নিলামলৈ পণ্ট, ৰাহুল
আগন্তুক ছিজনৰ আই পি এলৰ এই খেলুৱৈৰ ৰিটেইন তালিকাত দৰ বাঢ়িল অসম সন্তান ৰিয়ান পৰাগৰ। ৰিয়ানক ১৪ কোটি টকাত ৰিটেইন কৰিছে ৰাজস্থান ৰয়েলছে। একেদৰে দৰ বাঢ়িল ৰিংকু সিঙৰো। ৰিটেইন তালিকাত সৰ্বাধিক ২৩ কোটি টকাৰে শীৰ্ষত থাকে দক্ষিণ আফ্ৰিকাৰ বিস্ফোৰক তাৰকা হেনৰিখ ক্লাছেন।
অৱশেষত অন্ত পৰিল দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ। প্ৰকাশ পালে আই পি এল ২০২৫ৰ বাবে ফ্ৰেন্সাইজিসমূহৰ ৰিটেইন খেলুৱৈৰ তালিকা। চলি থকাৰ দৰেই চৰ্চাৰ দৰেই এইবাৰ নিজ নিজ ফ্ৰেন্সাইজি এৰিছে ভাৰতীয় ক্ৰিকেটৰ তিনি তাৰকা ঋষভ পণ্ট, কে এল ৰাহুল আৰু শ্ৰেয়স আয়াৰ। আনহাতে অধিনায়ক হিচাপে দায়িত্বত নাথাকিলেও মুম্বাই ইণ্ডিয়ানছৰ সৈতেই থকাৰ সিদ্ধান্ত ল’লে ৰোহিত শৰ্মাই। আগন্তুক ছিজনৰ আই পি এলৰ এই খেলুৱৈৰ ৰিটেইন তালিকাত দৰ বাঢ়িল অসম সন্তান ৰিয়ান পৰাগৰ। ৰিয়ানক ১৪ কোটি টকাত ৰিটেইন কৰিছে ৰাজস্থান ৰয়েলছে।
একেদৰে দৰ বাঢ়িল ৰিংকু সিঙৰো। ৰিটেইন তালিকাত সৰ্বাধিক ২৩ কোটি টকাৰে শীৰ্ষত থাকে দক্ষিণ আফ্ৰিকাৰ বিস্ফোৰক তাৰকা হেনৰিখ ক্লাছেন। ছানৰাইজাৰ্ছ হায়বাদৰাবাদে সৰ্বাধিক ২৩ কোটি টকাত ক্লাছেনক ৰিটেইন কৰিছে। সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ পেচাৰ যশপ্ৰীত বুমৰাহক ১৮ কোটি টকাত ৰিটেইন কৰিছে মুম্বাই ইণ্ডিয়ানছে।
আনহাতে পণ্ট আৰু ৰাহুলৰ লগতে মুকলি কৰি দিয়া খেলুৱৈৰ তালিকাত আছে বহু তাৰকা। বিগত সংস্কৰণৰ আটাইতকৈ দামী তাৰকা মিচেল ষ্টাৰ্কক মুকলি কৰি দিয়া হৈছে। এনে অৱস্থাত আই পি এলৰ আগন্তুক মেগা নিলামত এইবাৰ খেলুৱৈৰ বিপৰীতে ধনৰ উজান উঠাৰ সম্ভাৱনা আছে। চাওক আই পি এল ২০২৫ৰ ৰিটেইন খেলুৱৈৰ তাৰকা।
গুজৰাট টাইটানছে ৰিটেইন কৰিছে ৫ জন খেলুৱৈক। আফগান তাৰকা ৰছিদ খানক সৰ্বাধিক ১৮ কোটি টকাত ৰিটেইন কৰে গুজৰাটে। আনহাতে, অধিনায়ক শুভমন গিলক ১৬.৫ কোটি টকা, সাই সুদৰ্শনক ৮.৫ কোটি আৰু ৰাহুল তেৱাটিয়া আৰু শ্বাহৰুখ খানক ৪ কোটি টকাকৈ দিয়া হৈছে।
লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে নিকোলাছ পুৰাণক সৰ্বাধিক ২১ কোটি টকাত ৰিটেইন কৰাৰ বিপৰীতে ৰবি বিষ্ণৈ আৰু মায়াংক যাদৱক ১১ কোটি টকাত ৰিটেইন কৰে। ৪ কোটিকৈ টকাত আনকেপড প্লেয়াৰ হিচাপে ৰিটেইন কৰা হৈছে মহছিন খান আৰু আয়ুষ বাদনীক।
পঞ্জাৱ কিংছে কেৱল শশাংক সিং আৰু প্ৰভসীমৰণ সিঙক ৰিটেইন কৰিছে। শশাংক সিঙক ৫.৫ কোটি আৰু প্ৰভসীমৰণ সিঙক ৪ কোটি টকাত ৰিটেিন কৰিছে দলটোৱে। আনহাতে তাৰকা পেচাৰ অৰ্শদীপ সিঙক মুকলি কৰিছে পঞ্জাৱে।
ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰিটেইন খেলুৱৈৰ ভিতৰত সৰ্বাধিক ২৩ কোটি টকাৰে নিজ দলত ৰাখে হেনৰিখ ক্লাচেনক। পেট কামিন্সক ১৮ কোটি টকা, অভিষেক শৰ্মা আৰু ট্ৰেভিছ হেডক ১৪ কোটি টকা আৰু নীতিশ কুমাৰ ৰেড্ডীক ৬ কোটি টকাত ৰিটেইন কৰে দলটোৱে।
দিল্লী কেপিটেলছে মুকলি কৰি দিছে ঋষভ পণ্টক। দলটোৱে অক্ষৰ পেটেলক সৰ্বাধিক ১৬.৫ কোটি টকা্ত ৰিটেইন কৰাৰ বিপৰীতে কুলদীপ যাদৱক ১৩.২৫ কোটি, ট্ৰিষ্টান ষ্টাবছক ১০ কোটি আৰু অভিষেক পোৰেলক ৪ কোটি টকাত ৰিটেইন কৰে।
কলকাতা নাইট ৰাইডাৰ্ছে দলত ৰিটেইন কৰিছে মুঠ ৬ জন খেলুৱৈক। ৰিংকু সিঙক সৰ্বাধিক ১৩ কোটি টকা দিয়া হৈছে। একে সময়তে বৰুণ চক্ৰৱৰ্তী, সুনীল নাৰিণ আৰু আন্দ্ৰে ৰাছেলক ১২ কোটি টকাকৈ দিয়া হৈছে। আনকেপড খেলুৱৈ হিচাপে হৰ্ষিত ৰাণা আৰু ৰমনদীপ সিঙে ৪ কোটি টকাকৈ লাভ কৰিছে।
ৰাজস্থান ৰয়েলছে সঞ্জু চেমচন আৰু যশস্বী জয়ছৱালক ১৮ কোটি টকাকৈ, ৰিয়ান পৰাগ আৰু ধ্ৰুৱ জুৰেলক ১৪ কোটি টকাকৈ প্ৰদান কৰাৰ বিপৰীতে ছিমৰণ হেটমায়াৰক ১১ কোটি টকাত ৰিটেইন কৰে। ৪ কোটি টকাত ৰিটেইন কৰা হৈছে সন্দীপ শৰ্মাক।
চেন্নাই ছুপাৰ কিংছে ৰুতুৰাজ গাইকোৱাডক সৰ্বাধিক ১৮ কোটি টকা প্ৰদান কৰিছে। একে সময়তে ১৮ কোটি টকাৰ বিনিময়ত ৰবীন্দ্ৰ জাদেজাক, মথিছা পাথিৰাণাক ১৩ কোটি আৰু শিৱম ডুবেক ১২ কোটি টকা প্ৰদান কৰে। আনহাতে ৪ কোটি টকাৰে আনকেপড খেলুৱৈ হিচাপে দলৰ অংশ হ’ব ধোনী।
ৰয়েল চেলেঞ্জাৰছ বাংগালুৰে ২১ কোটি টকাৰ বিনিময়ত বিৰাট কোহলীক ৰিটেইন কৰে। ৰজত পাটিদাৰক ১১ কোটি টকা আৰু য়শ দয়ালক ৫ কোটি টকাৰ বিনিময়ত নিজৰ দলৰ সৈতে ৰাখে।
মুম্বাইয়ে ১৮ কোটি টকাৰ বিনিময়ত যশপ্ৰীত বুমৰাহক ৰিটেইন কৰে। সূৰ্যকুমাৰ যাদৱ আৰু হাৰ্দিক পাণ্ডিয়াক ১৬.৩৫ কোটি টকাত ৰিটেইন কৰাৰ কৰাৰ ১৬.৩০ কোটি টকাত ৰিটেইন কৰে ৰোহিত শৰ্মাক। একে সময়তে তিলক ভাৰ্মাই ৮ কোটি টকা লাভ কৰিব।