পুৰণি সম্পৰ্ক ৰক্ষা কৰি ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত ৰাহুল দ্ৰাবিড়

ৰাজস্থান ৰয়েলছে দ্ৰাবিড়ক নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে । যোৱা জুন মাহত ভাৰতীয় ক্ৰিকেট দলটোৱে টি-২০ বিশ্বকাপ জয় কৰাৰ লগে লগে তেওঁৰ কাৰ্যকালৰ অন্ত পৰে। প্ৰশিক্ষক হিচাপে দ্ৰাবিড়ৰ অধীনত ভাৰতীয় দলটোৱে লাভ কৰা এই সফলতাৰ পাছত এতিয়া ৰাজস্থানে তেওঁক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে।

পুৰণি সম্পৰ্ক ৰক্ষা কৰি ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত ৰাহুল দ্ৰাবিড়

ৰাহুল দ্ৰাবিড়

Updated On: 

04 Sep 2024 19:04 PM

সফলতাৰে টিম ইণ্ডিয়াৰ প্ৰশিক্ষকৰ দায়িত্ব এৰাৰ পাছতে এতিয়া আইপিএলত প্ৰৱেশ কৰিছে ৰাহুল দ্ৰাবিড়ে। ইতিমধ্যে ৰাজস্থান ৰয়েলছে দ্ৰাবিড়ক নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে । যোৱা জুন মাহত ভাৰতীয় ক্ৰিকেট দলটোৱে টি-২০ বিশ্বকাপ জয় কৰাৰ লগে লগে তেওঁৰ কাৰ্যকালৰ অন্ত পৰে। প্ৰশিক্ষক হিচাপে দ্ৰাবিড়ৰ অধীনত ভাৰতীয় দলটোৱে লাভ কৰা এই সফলতাৰ পাছত এতিয়া ৰাজস্থানে তেওঁক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে।

উল্লেখ্য যে,ইয়াৰ পূৰ্বে ৰাজস্থানৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত আছিল শ্ৰীলংকাৰ প্ৰবীণ ক্ৰিকেটাৰ কুমাৰ ছাংগাকাৰা । অৱশ্যে ছাংগাকাৰা এতিয়া দলটোৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব নাথাকে যদিও ৰাজস্থান ৰয়েলছৰ সৈতে জড়িত হৈ থাকিব। কেৰিবিয়ান প্ৰিমিয়াৰ লীগ আৰু এছ এ ২০ লীগত ফ্ৰেঞ্চাইজিৰ কাম চম্ভালিব ছাংগাকাৰাই।

দ্ৰাবিড়ৰ সহকাৰী প্ৰশিক্ষক কোন হ’ব ?

শেহতীয়াকৈ ৰাজস্থান ৰয়েলছৰ ফ্ৰেঞ্চাইজিৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে ৰাহুল দ্ৰাবিড়ে। প্ৰকাশিত খবৰ অনুসৰি ,ৰাজস্থান ৰয়েলছে ভাৰতৰ প্ৰাক্তন বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোদক সহকাৰী প্ৰশিক্ষক হিচাপে চুক্তিবদ্ধ কৰিব পাৰে। উল্লেখ্য যে, বিক্ৰম ভাৰতীয় দলৰ নিৰ্বাচকৰ দায়িত্বও পালন কৰি আহিছে । ২০১৯ চনত বিচিচিআইয়ে তেওঁক বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়ে। ২০২৪ চনৰ টি-২০ বিশ্বকাপলৈকে তেওঁ এই দায়িত্ব পালন কৰিছিল।

ৰাজস্থান ৰয়েলছৰ সৈতে ৰাহুল দ্ৰাবিড়ৰ সম্পৰ্ক

ৰাজস্থান ৰয়েলছৰ সৈতে ৰাহুল দ্ৰাবিড়ৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে । ২০১২ আৰু ২০১৩ ছিজনত দলটোৰ অধিনায়ক দায়িত্ব পালন কৰিছিল ৰাহুল দ্ৰাবিড়ে। ২০১৪ আৰু ২০১৫ ছিজনত তেওঁ দলটোৰ পৰিচালক আৰু গুৰুৰ ভূমিকা পালন কৰিছিল। বৰ্তমানৰ ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনৰ সৈতেও দীৰ্ঘদিনৰ কাম কৰাৰ অভিজ্ঞতা আছে দ্ৰাবিড়ৰ।

২০১৯ চনত দ্ৰাবিড়ক এনচিএলৈ প্ৰেৰণ কৰা হয় আৰু তাৰ পাছত ২০২১ চনত তেওঁক টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হয়। উল্লেখ্য যে, আইপিএলৰ প্ৰথমটো ছিজনত ট্ৰফী লাভ কৰিবলৈ সক্ষম হৈছিল ৰাজস্থানে ।

আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...