শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰায় একেলগেই আৰম্ভ হৈছিল কেৰিয়াৰ, ৰোহিত শৰ্মাৰ বিষয়ে কি ভাবে বিৰাট কোহলীয়ে?

টিম ইণ্ডিয়াত ৰোহিতৰ অভিষেক ঘটে ২০০৭ চনত । এবছৰ পাচত জাতীয় দলত খোজ দিয়ে বিৰাটে । তাৰ পছত পাৰ হৈছে ১৭ টা বছৰ । একেলগে ভাৰতক বহু মেচ জিকাইছে দুয়ো । আই পি এলত ৰোহিতক বিপক্ষত দেখাৰ পূৰ্বে বিৰাটে জনায়, তেওঁলোকৰ সম্পৰ্ক, বন্ধুত্বৰ কথা ।

প্ৰায় একেলগেই আৰম্ভ হৈছিল কেৰিয়াৰ, ৰোহিত শৰ্মাৰ বিষয়ে কি ভাবে বিৰাট কোহলীয়ে?
ৰোহিত-বিৰাটImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 07 Apr 2025 14:20 PM

একে আত্মা, একে হৃদয় মাত্ৰ ভিন্ন দুটি দেহ । ভাৰতীয় ক্ৰিকেটত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ সন্দৰ্ভত বহুতেই এইদৰে মন্তব্য কৰে । ভাৰতীয় ক্ৰিকেট দলক নেতৃত্ব দিছে দুয়োজনেই । ২২ গজৰ অপ্ৰতিৰোধ্য ৰণুৱা বুলিলেও হয়তো ভুল কোৱা নহ’ব । আই পি এলত দীৰ্ঘ সময় ধৰি নিজ নিজ ফ্ৰেঞ্চাইজিত অধিনায়কত্ব কৰিছে দুয়ো । বিৰাট আৰু ৰোহিতে দুয়ো দুয়োকে দীৰ্ঘ সময় কৰি জানে । কেইমাহমান আগত কান্ধতকান্ধ ধৰি ভাৰতীয় দলক চেম্পিয়নছ ট্ৰফী জিকাইছে দুয়োৱে । এতিয়া আই পি এত দুয়ো প্ৰতিপক্ষ । এই ছিজনত প্ৰথমবাৰ মুখামুখি হ’ব আৰ চি বি আৰু মুম্বাই ।

ঘৰুৱা ক্ৰিকেটত দিল্লীৰ হৈ খেলিছিল বিৰাটে আৰু মুম্বাইৰ হৈ খেলিছিল ৰোহিতে । বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ পাছত বিৰাট-ৰোহিতে ক্ৰমে দিল্লী আৰু মুম্বাইৰ হৈ ৰঞ্জী খেলা দেখা গৈছিল দুয়োকে । আই পি এলত ৰোহিতৰ দল মুম্বাই । সেই কথা পৃথককৈ কোৱাৰ প্ৰয়োজন নিশ্চয় নাই । কাৰণ এবাৰ দুবাৰ নহয়, পাঁচবাৰকৈ মুম্বাইক খিতাপ জয়ৰ সোৱাদ দিছে ৰোহিতে । আই পি এলত যোৱা ১৭ বছৰ ধৰি আৰ চি বিৰ হৈ খেলি আহিছে বিৰাটে । এইবাৰো তেওঁ আৰ চি বিতে আছে । ট্ৰফী জয় কৰিব পাৰিব নে আৰ চি বিয়ে । বিৰাটে মনে-প্ৰাণে বিচাৰে ট্ৰফী ।

পুনৰ আহোঁ ৰোহিত-কোহলিৰ যুটিৰ কথালৈ । টিম ইণ্ডিয়াত ৰোহিতৰ অভিষেক ঘটে ২০০৭ চনত । এবছৰ পাচত জাতীয় দলত খোজ দিয়ে বিৰাটে । তাৰ পছত পাৰ হৈছে ১৭ টা বছৰ । একেলগে ভাৰতক বহু মেচ জিকাইছে দুয়ো । আই পি এলত ৰোহিতক বিপক্ষত দেখাৰ পূৰ্বে বিৰাটে জনায়, তেওঁলোকৰ সম্পৰ্ক, বন্ধুত্বৰ কথা । আৰ চি বিয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত বিৰাটে কয়, “পৰস্পৰে পৰস্পৰক আমি সন্মান কৰোঁ । সকলো সময়তে নিজৰ অভিজ্ঞতা ভাগ-বাটোৱাৰা কৰোঁ । আমি দুয়ো দুয়োৰে পৰা শিকিছোঁ । আমাৰ কেৰিয়াৰ একেলগেই আগুৱাইছে । আচলতে কোনো এজনৰ সৈতে বহু বছৰ খেলিলে এনেকুৱাই হয় ।”

বিৰাট কোহলিৰ পাছত ভাৰতীয় দলৰ দায়িত্ব লয় ৰোহিত শৰ্মাই । তেওঁলোক দুয়োজনৰে সম্পৰ্কক লৈ বহু জল্পনা-কল্পনা চলে । তেওঁলোকে বাৰে বাৰে কৈ আহিছে ইজনে সিজনক বিশ্বাস কৰে । বিৰাটৰ মতে, “আমি খেলাৰ সময়ত বাৰে বাৰে নিজৰ পৰিকল্পনাক লৈ আলোচনা কৰিব লাগে । ৰোহিত কেপ্টেইন হ’লেও মোৰ সৈতে আলোচনা কৰে । বেছিভাগ সময়তেই আমাৰ মত মিলে । ইজনে সিজনক আমি বিশ্বাস কৰোঁ । আচলতে আমি দুয়োজেই দলৰ স্বাৰ্থৰ কথা বাৰে বাৰে চিন্তা কৰোঁ । সেয়ে এইটোও জানো যে আমি যি সিদ্ধান্ত ল’ম, দলৰ কথা ভাবিয়েই ল’ম ।”

সুদীৰ্ঘ ১৫ বছৰ ধৰি জাতীয় দলৰ হৈ একেলগে খেলিছে বিৰাট-ৰোহিতে । কোহলিৰ মতে, তেওঁলোক দুজনে কেতিয়াও ভবা নাছিল যে একেলগে ইমান দিন তেওঁলোকে ভাৰতৰ জাৰ্ছি পিন্ধি খেলিব । কিং কোহলিয়ে কয়, “আমি একেলগে খেলাতো উপভোগ কৰোঁ । আগতে যেনেদৰে কৈছিলোঁ, এতিয়াও কওঁ আমি ভবাই নাছিলোঁ সুদীৰ্ঘ ১৫ বছৰ ভাৰতৰ হৈ খেলিব পাৰিম বুলি । ধাৰাবাহিকতা বজায় ৰাখি আমি যিদৰে খেলিছোঁ, তাক লৈ সুখী । বহু স্মৃতি আছে, আশা কৰোঁ আগলৈও থাকিব ।”

আই পি এলত বিৰাট-ৰোহিত প্ৰতিপক্ষ মাত্ৰ মেচৰ সময়ত । ইয়াৰ বাহিৰে আৰম্ভণিতে কোৱাৰ দৰে দুয়ো একে আত্মাৰ দুটা পৃথক শৰীৰ মাত্ৰ । দুয়োৰে অনুৰাগীয়েও হয়তো এইদৰেই ভাবে ।

প্ৰতিবেদক- সংঘমিত্ৰা চক্ৰবৰ্তী, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা