5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দললৈ প্ৰত্যাৱৰ্তনৰ বাবে অব্যাহত সকলো চেষ্টা! ক’ত পূজা কৰিলে বাৰ্থ ডে’ বয় ঈষানে..

দক্ষিণ আফ্ৰিকা ভ্ৰমণত দলৰ পৰা বাদ পৰাৰ পিছৰে পৰা এতিয়া জাতীয় দললৈ প্ৰত্যাৱৰ্তনৰ বাবে সকলো চেষ্টা অব্যাহত ৰাখিছে যুৱ তাৰকা ঈষান কিষাণে। নেটত কঠোৰ অনুশীলন অব্যাহত ৰখাৰ লগতে ভাল খবৰৰ আশাত তেওঁ এতিয়া পূজা-পাতলতো মনোনিৱেশ কৰিছে।

দললৈ প্ৰত্যাৱৰ্তনৰ বাবে অব্যাহত সকলো চেষ্টা! ক’ত পূজা কৰিলে বাৰ্থ ডে’ বয় ঈষানে..
শ্ৰী সমাধি মন্দিৰত পূজা আগবঢ়োৱা দেখা গ’ল ঈশান কিষাণক
monjit-dutta
Monjit Dutta | Published: 18 Jul 2024 13:19 PM

জাতীয় দলৰ হৈ আশানুৰূপ প্ৰদৰ্শনৰ সুবাদত এক সম্ভাৱনাৰ দ্বাৰ মুকলি কৰিছিল যুৱ তাৰকা ঈশান কিষাণে। কিন্তু অনুশাসন ভংগৰ অভিযোগত দক্ষিণ আফ্ৰিকা ভ্ৰমণত দলৰ পৰা বাদ পৰাৰ পিছৰে পৰা সুদীৰ্ঘ দিন ধৰি ভাৰতীয় দলৰ পৰা বাহিৰত আছে যুৱ ক্ৰিকেটাৰগৰাকী। এতিয়া জাতীয় দললৈ প্ৰত্যাৱৰ্তনৰ বাবে সকলো চেষ্টা অব্যাহত ৰাখিছে কিষাণে। কেৱল নেটত অনুশীলন অব্যাহত ৰখাই নহয়, ভাল খবৰৰ আশাত তেওঁ এতিয়া পূজা-পাতলতো মনোনিৱেশ কৰিছে। আজি মহাৰাষ্ট্ৰৰ শ্ৰী সমাধি মন্দিৰত পূজা আগবঢ়োৱা দেখা গ’ল ঈশান কিষাণক।

নিজৰ সামাজিক মাধ্যম একাউণ্ট যোগে কিষাণে সাই বাবাক পূজা আগবঢ়োৱাৰ এই ছবি শ্বেয়াৰ কৰিছে। উল্লেখ্য যে ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তনৰ আশাত বুলিয়েই যে কেৱল ঈশানে আজি মন্দিৰত সেৱা আগবঢ়াইছে এনে নহয়, আজি নিজৰ জন্মদিনো পালন কৰিছে ক্ৰিকেটাৰগৰাকীয়ে। ২৬ বছৰ জন্মদিন উপলক্ষে এইদৰে মন্দিৰত সেৱা আগবঢ়োৱা দেখা গ’ল কিষাণক।

মন্দিৰত সেৱা জনোৱাৰ পিছতে ঈশান কিষাণে ইনিষ্টাগ্ৰামত শ্বেয়াৰ কৰা ফটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন ভাৰতীয় তাৰকা যুৱৰাজ সিঙে। ঈশানৰ ছবিৰ তলত কমেণ্ট বক্সত ‘ওম সাই ৰাম’ লিখি সেৱা জনায় যুৱৰাজ সিঙে। শ্ৰী সমাধি মন্দিৰত পূজা কৰা ছবি শ্বেয়াৰ কৰি কিষাণে হিন্দীত কেপচন লিখিছে- “শ্ৰদ্ধা অ’ৰ সাবুৰী।”

ইয়াৰ জৰিয়তে কিষাণে ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তনৰ বাবে অধীৰ ধৈৰ্যকে প্ৰকাশ কৰা বুলি অনুমান কৰা হৈছে। সমান্তৰালকৈ সাই বাবাৰ ওচৰত প্ৰাৰ্থনাৰে এই আশা পূৰণৰ বাবে আশীৰ্বাদ গ্ৰহণ কৰা বুলি সকলোৱে অনুমান কৰিছে। উল্লেখ্য যে, মন্দিৰত এইদৰে সেৱা জনোৱাৰ লগতে নেটত জোৰদাৰ অনুশীলনৰো ছবি সময়ে সময়ে প্ৰকাশ কৰি আহিছে ঈষান কিষাণে।

এইদৰে কঠোৰ অনুশীলনেৰে ঈশানে দললৈ পুনৰ প্ৰত্যাৱৰ্তনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। লক্ষণীয়ভাৱে বিচিআইয়ে ভাৰতীয় ক্ৰিকেটাৰসকলৰ ক্ষেত্ৰত শেহতীয়াকৈ কিছু নীতি নিয়ম নিৰ্ধাৰণ কৰি দিছে। ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু যশপ্ৰীত বুমৰাহৰ বিপৰীতে দেশৰ সকলো খেলুৱৈয়েই ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে অংশ ল’ব লাগিব বুলি সূত্ৰই প্ৰকাশ কৰিছে।

গতিকে ঘৰুৱা ক্ৰিকেটৰ অবিৰতভাৱে অংশ লৈ ঈষানে আশানুৰূপ প্ৰদৰ্শন কৰিলেহে ভাৰতীয় দললৈ পুনৰ প্ৰত্যাৱৰ্তন কৰিব পাৰিব। তাতে ভাৰতীয় দলত বিশেষজ্ঞ উইকেটৰক্ষক হিচাপে এতিয়া পণ্টৰ স্থান নিশ্চিত হৈ পৰিছে। একেদৰে সঞ্জু চেমচনেও এইক্ষেত্ৰত এগৰাকী অন্যতম শক্তিশালী বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছে। অভিজ্ঞ কে এল ৰাহুলো আছে দলত।

এনে ক্ষেত্ৰত কিষাণৰ প্ৰত্যাৱৰ্তন স্বাভাৱিকতেই যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰিছে। সেয়ে এতিয়া ঘৰুৱা ক্ৰিকেটত ঈষানৰ অংশগ্ৰহণৰ লগতে উন্নত প্ৰদৰ্শন প্ৰত্যাৱৰ্তনৰ একমাত্ৰ পথ হৈ পৰিছে বুলিব পাৰি।

Latest News