ISL: আজি শক্তিশালী বাংগালুৰুৰ বিপক্ষে নৰ্থইষ্ট ইউনাইটেড, উজলিবনে পাৰ্থিৱ গগৈ! | ISL NorthEast United FC to face Bengaluru FC today Parthib Gogoi Assam news - Assam Tv9

ISL: আজি শক্তিশালী বাংগালুৰুৰ বিপক্ষে নৰ্থইষ্ট ইউনাইটেড, উজলিবনে পাৰ্থিৱ গগৈ!

আই এছ এলত আজি শক্তিশালী বাংগালুৰু এফ চিৰ বিপক্ষে অৱতীৰ্ণ হ’ব নৰ্থইষ্ট ইউনাইটেড। ক্ৰমাগত দুখন মেচত জয়েৰে মনোবল বৃদ্ধি পোৱা হাইলেণ্ডাৰ্ছ বাহিনীয়ে আজি বাংগালুৰুৰ বিপক্ষেও এই ধাৰা অব্যাহত ৰখাৰ চেষ্টা চলাব। মেচখনত অসম সন্তান পাৰ্থিৱ গগৈৰ ওপৰতো আস্থা প্ৰকাশ কৰিছে ৰাজ্যৰ ফুটবল অনুৰাগীয়ে।

ISL: আজি শক্তিশালী বাংগালুৰুৰ বিপক্ষে নৰ্থইষ্ট ইউনাইটেড, উজলিবনে পাৰ্থিৱ গগৈ!

আজি বাংগালুৰুৰ বিপক্ষে নৰ্থইষ্ট

Updated On: 

08 Nov 2024 18:42 PM

ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল)ৰ বিগত আটাইকেইটা ছিজনত বিফলতাৰ পিছত এইবাৰ ন-শক্তিৰে অৱতীৰ্ণ হৈছে নৰ্থইষ্ট ইউনাইটেড। ডুৰাণ্ড কাপ জয়ৰ পিছত বৃদ্ধি পাইছে দলৰ মনোবল আৰু দলৰ এই মনোবল চলিত আই এছ এলতো প্ৰতিফলিত হৈছে। সম্প্ৰতি ৭ খন মেচৰ তিনিখনত জয় আৰু দুখনকৈ মেচত ড্ৰ-পৰাজয়েৰে ১১ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ ষষ্ঠ স্থানত আছে হাইলেণ্ডাৰ্ছ বাহিনী। গত দুয়োখন মেচত জয়েৰে পুনৰ মনোবল ঘূৰাই পোৱা নৰ্থইষ্ট ইউনাইটেডে আজি ক্ৰমাগত তৃতীয় জয়ৰ লক্ষ্যৰে বাংগালুৰু এফ চিৰ বিপক্ষে অৱতীৰ্ণ হ’ব।

অৱশ্যে শক্তিশালী প্ৰতিপক্ষ বাংগালুৰু এফ চিৰ বিপক্ষে নৰ্থইষ্ট ইউনাইটেডৰ এই লক্ষ্য আজি সহজ নহ’ব। দুৰন্ত প্ৰদৰ্শনেৰে দলটো ৭ খন মেচত ১৬ পইণ্ট সংগ্ৰহেৰে পইণ্ট তালিকাৰ শীৰ্ষস্থানত আছে। প্ৰতিযোগিতাৰ প্ৰথম ৬খন মেচত অপৰাজেয় ধাৰা অব্যাহত ৰখা বাংগালুৰুৱে মাত্ৰ গত মেচখনতহে বগোৱাৰ বিপক্ষে পৰাজয়ৰ সন্মুখীন হৈছে। কিছু সময় পিছতে সন্ধিয়া ৭.৩০ বজাত বাংগালুৰুৰ শ্ৰী কান্তিৰাভা ষ্টেডিয়ামত এই মেচখন অনুষ্ঠিত হ’ব।

দুয়োটা দলৰ মাজত আজি এক আকৰ্ষণীয় যুঁজ প্ৰত্যক্ষ কৰিবলৈ সাজু হৈছে অনুৰাগীসকল। লক্ষণীয়ভাৱে পইণ্ট তালিকাৰ ষষ্ঠ স্থানত থাকিলেও নৰ্থইষ্ট ইউনাইটেডে প্ৰতিযোগিতাত এইপৰ্যন্ত সৰ্বাধিক গ’ল স্ক’ৰ কৰিছে। এইপৰ্যন্ত হাইলেণ্ডাৰ্ছ বাহিনীয়ে ১৭ টা গ’ল স্ক’ল কৰাৰ বিপৰীতে অৱশ্যে ১২টা গ’ল খাবলগীয়াও হৈছে। দলটোৰ এই গ’ল স্ক’ৰিং ক্ষমতাত শক্তি বৃদ্ধি কৰিছে মৰক্কোৰ ফুটবলাৰ আলায়েদ্দিন আজাৰাইয়ে।

নৰ্থইষ্ট ইউনাইটএডে এতিয়ালৈকে দিয়া ১৭ টা গ’লৰ ভিতৰত ১৩টা গ’লতে ভূমিকা লৈছে আলায়েদ্দিন আজাৰাইয়ে। নিজে ৯টা গ’ল স্ক’ৰ কৰাৰ লগতে ৪টা এছিষ্ট কৰিছে মৰক্কোৰ তাৰকাগৰাকীয়ে। তেওঁৰ লগতে নৰ্থইষ্টৰ আক্ৰমণত অন্যতম ভূমিকা লৈছে জিথিন এম এছে। অসমৰ যুৱ তাৰকা পাৰ্থিৱ গগৈয়ে এইপৰ্যন্ত বিশেষ সফলতা লাভ কৰা নাই যদিও আজি স্বভাৱসিদ্ধ প্ৰদৰ্শনেৰে তাৰকাগৰাকী উজলি উঠিব বুলি আশা প্ৰকাশ কৰিছে অনুৰাগীসকলে।

ইফালে ভাৰতীয় ফুটবলৰ কিংবদন্তি তাৰকা সুনীল ছেত্ৰীৰ উপস্থিতিৰে শক্তিশালী বাংগালুৰু এফ চি। দলটোৱে এই ছিজনত এইপৰ্যন্ত ১১টা গ’ল স্ক’ৰ কৰাৰ বিপৰীতে মাত্ৰ ৪টা গ’ল খাইছে। গতিকে ৰক্ষণত অধিক মনোনিৱেশ কৰি আহিছে বাংগালুৰুৱে। দলটোৰ এই ৰক্ষণ আজি নৰ্থইষ্ট ইউনাইটেডে কিদৰে ভংগ কৰে সেয়া হ’ব লক্ষণীয়। ৰক্ষণ ভেদ কৰিলেও দলটোৰ গ’লবক্সত অতি সতৰ্ক গুৰপ্ৰীত সিং সান্ধুৰ প্ৰাচীৰ ভেদ কৰাও হাইলেণ্ডাৰ্ছৰ বাবে সহজ নহ’ব।

উল্লেখ্য যে আই এছ এলত এইপৰ্যন্ত দুয়োটা দল ১৬খন মেচত পৰস্পৰ সন্মুখীন হৈছে। ইয়াৰে ৮ খন মেচত জয়েৰে বাংগালুৰু এফ চিয়ে এক কথাত আধিপত্য বিৰাজ কৰা বুলিব পাৰি। আনহাতে এই ১৬ বাৰৰ মুখামুখিত নৰ্থইষ্ট ইউনাইটেডে মাত্ৰ দুবাৰ জয়ৰ সোৱাদ লাভ কৰিছে। ড্ৰ’ হৈছে ৬ খন মেচ। এই ফলাফল উন্নত কৰি নৰ্থইষ্ট ইউনাইটেডে আজি বাংগালুৰুক ঘৰৰ মাটিতে পৰাস্ত কৰিব বুলি আশা কৰিছে হাইলেণ্ডাৰ্ছৰ অনুৰাসকলে।

Ayushman Vaya Vandana Cardৰ বাবে কেনেদৰে আবেদন কৰিব? সম্পূৰ্ণ প্ৰক্ৰিয়া জানক
গৰ্ভাৱস্থাত কলাখাৰৰ খোৱা উচিত নে?
Winter Skincare : শীতকালত এইদৰে লওক ছালৰ যতন
শৰীৰত প্ৰ'টিনৰ মাত্ৰা কমিলে কেনেকৈ গ'ম পাব?