শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চেম্পিয়নছ ট্ৰফীত দেখা নাযাব নেকি বুমৰাহক! এনে খবৰে বঢ়াইছে চিন্তা

অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত পিঠি বিষৰ সমস্যাত ভোগা বুমৰাহক বিচিচিআইয়ে সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষিত দলত অন্তৰ্ভুক্ত কৰিছিল। অৱশ্যে ইয়াৰ পিছতো দূৰ হোৱা নাছিল চেম্পিয়নছ ট্ৰফীত বুমৰাহৰ অংশগ্ৰহণ সন্দৰ্ভত থকা অনিশ্চয়তা। এতিয়া শেহতীয়াকৈ পোহৰলৈ অহা এক খবৰে এই শংকা অধিক ঘণীভূত কৰি তুলিছে।

চেম্পিয়নছ ট্ৰফীত দেখা নাযাব নেকি বুমৰাহক! এনে খবৰে বঢ়াইছে চিন্তা
চেম্পিয়নছ ট্ৰফীত দেখা যাবনে বুমৰাহক!
monjit-dutta
Monjit Dutta | Published: 07 Feb 2025 21:22 PM

বহু প্ৰত্যাশিত আইচিচি চেম্পিয়নছ ট্ৰফীলৈ মাজত আৰু মাথোঁ কেইটামান দিন। এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত পৰাজয়ৰ ব্যথা দূৰ কৰি ভাৰতীয় দলে এদিনীয়া ফৰ্মেটৰ এই অন্যতম প্ৰধান আইচিচি ইভেণ্টৰ খিতাপ জয় কৰিব বুলি অত্যন্ত আশাৰে বাট চাইছে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে। অনুৰাগীৰ এই আশা পূৰণৰ ক্ষেত্ৰত স্বাভাৱিকতেই প্ৰধান অস্ত্ৰ হ’ব দেশৰ তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহ। ইতিমধ্যে বিচিচিআইয়ে এই প্ৰতিযোগিতাৰ বাবে দল ঘোষণা কৰিছে। আঘাতৰ সমস্যাত ভুগি থকা বুমৰাহক এই দলটোত স্থান দিয়া দিয়া হৈছিল।

অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত পিঠি বিষৰ সমস্যাত ভোগা বুমৰাহ সন্দৰ্ভত ব্যাপক চৰ্চা চলিছিল যদিও এই সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই বিচিচিআইয়ে ভাৰতীয় পেচ আক্ৰমণৰ মেৰুদণ্ডস্বৰূপ তাৰকা পেচাৰগৰাকীক দলত অন্তৰ্ভুক্ত কৰিছিল। অৱশ্যে ইয়াৰ পিছতো দূৰ হোৱা নাছিল চেম্পিয়নছ ট্ৰফীত বুমৰাহৰ অংশগ্ৰহণ সন্দৰ্ভত থকা অনিশ্চয়তা। এতিয়া শেহতীয়াকৈ পোহৰলৈ অহা এক খবৰে এই শংকা অধিক ঘণীভূত কৰি তুলিছে।

উল্লেখ্য যে চেম্পিয়নছ ট্ৰফীৰ লগতে বিচিচিআইয়ে ইংলেণ্ডৰ বিপক্ষে এদিনীয়া শৃংখলাৰ তৃতীয়খন মেচৰ বাবেও বুমৰাহক দলত স্থান দিছিল। কিন্তু শেহতীয়াকৈ বিচিচিআইয়ে এই দলত বৰুণ চক্ৰৱৰ্তীক অন্তৰ্ভুক্ত কৰিছে। লগতে কালি অনুষ্ঠিত হোৱা প্ৰথমখন মেচৰ সময়ত দেখুওৱা দলৰ তালিকাৰ পৰা বুমৰাহৰ নাম বাদ দিয়া পৰিলক্ষিত হৈছে। এই দৃশ্যই অনুৰাগীৰ মনত প্ৰশ্নৰ উদ্ৰেক ঘটাইছিল। এতিয়া বুমৰাহ সন্দৰ্ভত প্ৰকাশ পাইছে আন এক খবৰ।

চেম্পিয়নছ ট্ৰফীৰ বাবে বুমৰাহক ফিট কৰি তুলিবলৈ বিচিচিআইয়ে যথেষ্ট প্ৰচেষ্টা চলাইছে। এই প্ৰচেষ্টাৰ অংশ হিচাপেই আজি বাংগালুৰুস্থিত বিচিচিআই চেণ্টাৰ অৱ এক্সেলেঞ্চত বুমৰাহৰ স্কেন আৰু এচেছমেণ্ট টেষ্ট কৰা হয়। লক্ষণীয়ভাৱে এই স্বাস্থ্য পৰীক্ষাৰ পিছত বুমৰাহক আগন্তুক ২৪ ঘণ্টা সময় বিচিচিআই চেণ্টাৰ অৱ এক্সেলেঞ্চতে থাকিবলৈ পৰামৰ্শ দিয়া হৈছে বুলি প্ৰতিবেদন প্ৰকাশ পাইছে।

টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি অহা ২৪ ঘন্টাত পৰীক্ষাৰ ফলাফল ওলাব। এই পৰীক্ষাৰ ফলাফলৰ দ্বাৰা জিৰণি লোৱাৰ পিছত তেওঁৰ আঘাত কিমান ভাল হৈছে সেই সন্দৰ্ভত ধাৰণা কৰিব পৰা হ’ব আৰু ইয়াৰ ভিত্তিত বিচিচিআইৰ চিকিৎসা দলে বুমৰাহক কেনেধৰণৰ চিকিৎসাৰ প্ৰয়োজন, সেই বিষয়ে সিদ্ধান্ত ল’ব। সেয়ে পৰীক্ষাৰ ফলাফল ওলোৱালৈকে তেওঁক বাংগালুৰুতে থাকিবলৈ কোৱা হৈছে। অৰ্থাৎ অহা ২৪ ঘণ্টাত বুমৰাহে চেম্পিয়নছ ট্ৰফীত খেলিব পাৰিব নে নাই সেয়া স্পষ্ট হ’ব।