শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অনুৰাগীলৈ সকাহৰ খবৰঃ সেউজ সংকেত লাভ কৰিলে বুমৰাহে, খেলিব চেম্পিয়নছ ট্ৰফী!

চেম্পিয়নছ ট্ৰফীৰ বাবে আজি ঘোষণা কৰা হ’ব ভাৰতীয় দল। এই প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলত কোনকেইগৰাকী খেলুৱৈয়ে স্থান লাভ কৰিব, সেই বিষয়ে জানিবলৈ অত্যন্ত উৎকণ্ঠিত অনুৰাগী্সকল। বিশেষকৈ ভাৰতীয় দলৰ তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহৰ অন্তৰ্ভুক্তিক লৈ বিগত সময়ছোৱাত যথেষ্ট জল্পনা-কল্পনা হোৱা দেখিবলৈ পোৱা গৈছে।

অনুৰাগীলৈ সকাহৰ খবৰঃ সেউজ সংকেত লাভ কৰিলে বুমৰাহে, খেলিব চেম্পিয়নছ ট্ৰফী!
চেম্পিয়নছ ট্ৰফীত খেলিব বুমৰাহে!
monjit-dutta
Monjit Dutta | Updated On: 18 Jan 2025 08:24 AM

সমাগত চেম্পিয়নছ ট্ৰফী। আৰু মাত্ৰ এমাহৰ পিছতে অনুষ্ঠিত হ’ব আইচিচিৰ এই প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ বাবে আজি ঘোষণা কৰা হ’ব ভাৰতীয় দল। মুম্বাইত আজি বিচিচিআইৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰ আৰু অধিনায়ক ৰোহিত শৰ্মাই চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দলত নিৰ্বাচিত খেলুৱৈৰ নাম প্ৰকাশ কৰিব। নিয়ম অনুসৰি এই প্ৰতিযোগিতাৰ বাবে মাত্ৰ ১৫ জন খেলুৱৈকহে নিৰ্বাচন কৰিব পাৰিব, আনহাতে প্ৰয়োজন সাপেক্ষে কেইগৰাকীমান খেলুৱৈক ৰিজাৰ্ভ হিচাপে দলত অন্তৰ্ভুক্ত কৰিব পাৰিব।

চেম্পিয়নছ ট্ৰফীৰ লগতে বিচিচিআইয়ে আজি ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবেও ভাৰতীয় দল ঘোষণা কৰিব। অৱশ্যে এই শৃংখলাতকৈ চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দলত কোনকেইগৰাকী খেলুৱৈয়ে স্থান লাভ কৰিব, সেই বিষয়তহে অধিক উৎকণ্ঠিত অনুৰাগী। বিশেষকৈ ভাৰতীয় দলৰ তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহৰ অন্তৰ্ভুক্তিক লৈ বিগত সময়ছোৱাত যথেষ্ট জল্পনা-কল্পনা হোৱা দেখিবলৈ পোৱা গৈছে।

অষ্ট্ৰেলিয়া ভ্ৰমণত অন্তিমখন টেষ্টৰ সময়ত বুমৰাহে পিঠিৰ সমস্যাত ভুগি থকা পৰিলক্ষিত হৈছিল। সেয়ে মেচখনৰ মাজতে চিকিৎসালয়ত উপস্থিত হৈছিল বুমৰাহ। ইয়াৰ পিছতে তেওঁৰ আঘাত সন্দৰ্ভত যথেষ্ট চৰ্চা হৈছিল। এই আঘাতৰ বাবে বুমৰাহে চেম্পিয়নছ ট্ৰফীত অংশ ল’ব নোৱাৰিব পাৰে বুলিও খবৰ প্ৰকাশ পাইছিল। পিছে প্ৰতিযোগিতাখনৰ বাবে দল নিৰ্বাচনৰ আগে আগে প্ৰকাশ পাইছে অনুৰাগীৰ বাবে এক সকাহৰ খবৰ।

এক প্ৰতিবেদন মতে, চেম্পিয়নছ ট্ৰফীৰ বাবে বুমৰাহ সুস্থ আৰু তেওঁক প্ৰতিযোগিতাখনৰ বাবে ঘোষণা হ’বলগীয়া ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হ’ব। বুমৰাহৰ ফিটনেছ পৰীক্ষাৰ উদ্দেশ্যে ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক ৩খন মেচৰ এদিনীয়া শৃংখলাতো তেওঁক অন্তৰ্ভুক্ত কৰা হ’ব বুলি এই প্ৰতিবেদনে দাবী কৰিছে। উল্লেখ্য যে এই এদিনীয়া শৃংখলা ৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। এই শৃংখলাটোত বুমৰাহৰ ফিটনেছ পৰীক্ষা কৰা হ’ব।

বুমৰাহৰ ফিটনেছ সন্দৰ্ভত বিগত কিছুদিন ধৰি ব্যাপক চৰ্চা চলি আহিছে। কিছুদিন পূৰ্বে প্ৰকাশিত এক প্ৰতিবেদনত চেম্পিয়নছ ট্ৰফীৰ প্ৰাৰম্ভিক মেচসমূহত বুমৰাহে খেলিব নোৱাৰিব বুলি দাবী কৰা হৈছিল। লগতে বুমৰাহে দুমাহৰ বাবে সম্পূৰ্ণ বেড ৰেষ্টত থাকিব লাগিব বুলিও এই প্ৰতিবেদনত উল্লেখ কৰা হৈছিল। কিন্তু শেহতীয়াকৈ প্ৰকাশিত প্ৰতিবেদনে নিশ্চিতভাৱে এই ক্ষেত্ৰত অনুৰাগীসকলক কিছু সকাহ প্ৰদান কৰিছে।

Latest News