5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অষ্ট্ৰেলিয়ান ভূমিত অনন্য বুমৰাহঃ কপিল দেৱক অতিক্ৰম, ভংগ কৰিলে ১৪৭ বৰ্ষীয় অভিলেখ

চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত এইপৰ্যন্ত সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপে পৰিগণিত হোৱা বুমৰাহে হস্তগত কৰিছে ১৮ টা উইকেট। গাব্বাত চলি থকা তৃতীয়খন টেষ্টতো বুমৰাহে প্ৰায় অকলেই অষ্ট্ৰেলিয়ান বেটিঙৰ সমুখত শক্তিশালী যুঁজ দি দখল কৰে ৬টা উইকেট। এই প্ৰদৰ্শনেৰে বুমৰাহে কেইবাটাও ঈৰ্ষণীয় কৃতিত্ব অৰ্জন কৰিছে।

অষ্ট্ৰেলিয়ান ভূমিত অনন্য বুমৰাহঃ কপিল দেৱক অতিক্ৰম, ভংগ কৰিলে ১৪৭ বৰ্ষীয় অভিলেখ
বুমৰাহৰ অনন্য সাফল্য
monjit-dutta
Monjit Dutta | Published: 16 Dec 2024 11:22 AM

চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত নিজৰ পৰিচিত প্ৰদৰ্শন অব্যাহত ৰাখি অষ্ট্ৰেলিয়ান ভূমিত ভাৰতীয় বলিং আক্ৰমণক সবল নেতৃত্ব প্ৰদান কৰিছে যশপ্ৰীত বুমৰাহে। এইপৰ্যন্ত এই শৃংখলাটোত সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপে পৰিগণিত হোৱা বুমৰাহে হস্তগত কৰিছে ১৮ টা উইকেট। গাব্বাত চলি থকা তৃতীয়খন টেষ্টতো বুমৰাহে প্ৰায় অকলেই অষ্ট্ৰেলিয়ান বেটিঙৰ সমুখত শক্তিশালী যুঁজ দি দখল কৰে ৬টা উইকেট। এই প্ৰদৰ্শনেৰে বুমৰাহে অষ্ট্ৰেলিয়ান ভূমিত সম্পূৰ্ণ কৰে উইকেটৰ অৰ্ধশতক।

গাব্বা টেষ্টৰ প্ৰথম ইনিংছত লাভ কৰা সফলতাৰে বুমৰাহে টেষ্টত অষ্ট্ৰেলিয়াৰ মাটিত ৫০টা উইকেটৰ সীমা অতিক্ৰম কৰে। কপিল দেৱৰ পিছত কেৱল মাত্ৰ দ্বিতীয়গৰাকী ভাৰতীয় বলাৰ হিচাপে এই কৃতিত্ব অৰ্জন কৰে। পিছে এই সাফল্য লাভৰ পথত বুমৰাহে কপিল দেৱক অতিক্ৰম কৰে বুমৰাহে। তাৰকা পেচাৰগৰাকী অষ্ট্ৰেলিয়াত ৫০টা উইকেট দখল কৰা দ্ৰুততম ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হৈছে।

কপিল দেৱে অষ্ট্ৰেলিয়াত ১১ খন টেষ্ট মেচত ২৪.৫৮ গড়ে ৫১টা উইকেট দখল কৰিছিল। আনহাতে বুমৰাহে মাত্ৰ ১০খন মেচতে এই কৃতিত্ব অৰ্জন কৰিছে। উল্লেখ্য যে কেৱল মাত্ৰ এই দুগৰাকী বলাৰেহে এইপৰ্যন্ত অষ্ট্ৰেলিয়াত টেষ্ট ফৰ্মেটত ৫০টা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। কপিল দেৱ আৰু বুমৰাহৰ পিছত অষ্ট্ৰেলিয়াত সৰ্বাধিক উইকেট দখল কৰা ভাৰতীয় বলাৰৰ তালিকাত আছে অনিল কুম্বলেৰ নাম।

ভাৰতীয় কিংবদন্তি লেগ স্পিনাৰগৰাকীয়ে অষ্ট্ৰেলিয়াত ৪৯টা টেষ্ট উইকেট দখল কৰিছিল। আনহাতে ৰবিচন্দ্ৰন অশ্বিনে ৪০টা আৰু বিষাণ সিং বেদীয়ে ৩৫টা উইকেট দখল কৰিছে অষ্ট্ৰেলিয়ান ভূমিত। কেৱল এয়াই নহয়, এছিয়াৰ বাহিৰত সৰ্বাধিক ৫ উইকেট দখল কৰাৰ ক্ষেত্ৰতো বুমৰাহে কপিল দেৱক অতিক্ৰম কৰিছে। গাব্বা টেষ্টৰ প্ৰথম ইনিংছৰ সৈতে বুমৰাহে এইপৰ্যন্ত এছিয়াৰ বাহিৰত ১২ বাৰ এই কৃতিত্ব অৰ্জন কৰিছে।

আনহাতে কপিল দেৱে নিজ কেৰিয়াৰত ১১ বাৰ এই কৃতিত্ব অৰ্জন কৰিছিল। ইফালে বুমৰাহে টেষ্ট ক্ৰিকেটৰ ইতিহাসত আন এক ঈৰ্ষণীয় কৃতিত্ব লাভ কৰিছে। গাব্বাত প্ৰথম ইনিংছত ৬ টা উইকেট দখল কৰাৰ পাছত বুমৰাহ মাত্ৰ ৮২ টা টেষ্ট ইনিংছত নিজৰ নামত উইকেটৰ সংখ্যা ১৯১ টালৈ বৃদ্ধি কৰে। মাত্ৰ ১৯.৮১ গড়ে টেষ্ট কেৰিয়াৰত উইকেট দখল কৰিছে বুমৰাহে। এইদৰে ভাৰতৰ তাৰকা পেচাৰগৰাকীয়ে টেষ্ট ক্ৰিকেটৰ ইতিহাসত ১৪৭ বছৰীয়া অভিলেখ ভংগ কৰিছে।

টেষ্ট ক্ৰিকেটৰ সুদীৰ্ঘ ১৪৭ বছৰীয়া ইতিহাসত কোনো বলাৰ ইমান কম গড়ৰে ১৯০টা উইকেট দখল কৰিব পৰা নাই। উল্লেখ্য যে ২০২৩-২৫ ছিজনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত বুমৰাহে ১৩খন মেচৰ ২৪ ইনিংছত মাত্ৰ ১৫.১৫ গড়ে ৬৩টা উইকেট দখল কৰিছে। বৰ্তমান বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ এই ছিজনত সৰ্বাধিক উইকেট দখলকাৰী বলাৰ বুমৰাহ। ৬০টা উইকেট দখল কৰি এই তালিকাৰ দ্বিতীয় স্থানত আছে ভাৰতৰে অশ্বিন।

Latest News