5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মেলবৰ্ণত পৰাজয়ৰ পিছতো বুমৰাহলৈ সুখবৰঃ দুটাকৈ সন্মানীয় বঁটাৰ বাবে হ’ল মনোনীত

মেলবৰ্ণ টেষ্টত আজি ভাৰতীয় দল পৰাস্ত হ’লেও এই মেচখনত নিজৰ স্বভাৱসিদ্ধ প্ৰদৰ্শনেৰে প্ৰত্যাশিতভাৱে উজলি উঠে যশপ্ৰীত বুমৰাহ। কেৱল মেলবৰ্ণ টেষ্টত বুলিয়েই নহয়, এই বৰ্ষটোত বুমৰাহে সামগ্ৰিকভাৱে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰে। এই চমকপ্ৰদ প্ৰদৰ্শনেৰে বুমৰাহে এতিয়া আইচিচিৰ দুটাকৈ সন্মানীয় বঁটা লাভ কৰিব পাৰে।

মেলবৰ্ণত পৰাজয়ৰ পিছতো বুমৰাহলৈ সুখবৰঃ দুটাকৈ সন্মানীয় বঁটাৰ বাবে হ’ল মনোনীত
বুমৰাহে লাভ কৰিব পাৰে দুটাকৈ সন্মানীয় বঁটা
monjit-dutta
Monjit Dutta | Published: 30 Dec 2024 18:50 PM

অষ্ট্ৰেলিয়াৰ বিপক্ষে আজি মেলবৰ্ণত শোচনীয় পৰাজয়ৰ সন্মুখীন হ’ল ভাৰতীয় দল। এই পৰাজয়ৰ পিছত ভাৰতৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলাৰ আশা প্ৰায় মষিমূৰ হৈছে। ভাৰতীয় দল পৰাস্ত হ’লেও এই মেচখনত নিজৰ স্বভাৱসিদ্ধ প্ৰদৰ্শনেৰে প্ৰত্যাশিতভাৱে উজলি উঠে যশপ্ৰীত বুমৰাহ। মেলবৰ্ণ টেষ্টত বুমৰাহে সামগ্ৰিকভাৱে ৯টা উইকেট দখল কৰে। কেৱল মেলবৰ্ণ টেষ্ট তথা এই শৃংখলাতে বুলিয়েই নহয়, এই সমগ্ৰ বৰ্ষটোতে বুমৰাহে উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াই আহিছে। এই চমকপ্ৰদ প্ৰদৰ্শনেৰে বুমৰাহে এতিয়া আইচিচিৰ দুটাকৈ সন্মানীয় বঁটা লাভ কৰিব পাৰে।

ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আইচিচিয়ে বিভিন্ন শিতানত আগবঢ়োৱা বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ বঁটাৰ বাবে মনোনীত খেলুৱৈৰ নাম ঘোষণা কৰিছে। ইয়াৰে দুটা শিতানত মনোনীত হৈছে ভাৰতৰ তাৰকা পেচাৰ বুমৰাহ। ক্ৰিকেটৰ এটা ফৰ্মেটৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ বঁটাৰ লগতে বুমৰাহ আইচিচিৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তিগত সন্মানৰ বাবেও মনোনীত হৈছে। এই বৰ্ষত তাৰকা পেচাৰগৰাকীয়ে ধাৰাবাহিকভাৱে আগবঢ়াই অহা প্ৰদৰ্শনৰ সুবাদত এতিয়া এই সন্মানৰ প্ৰবল দাবীদাৰো হৈ উঠিছে।

আইচিচিয়ে বৰ্ষটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত হোৱা খেলুৱৈগৰাকীক প্ৰদান কৰা সৰ্বোচ্চ সন্মান ছাৰ গাৰ্ফিল্ড ছ’বাৰ্ছ ট্ৰফীৰ বাবে মনোনীত কৰা হৈছে যশপ্ৰীত বুমৰাহক। ইয়াৰ সমান্তৰালকৈ তেওঁ বৰ্ষশ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰ বঁটাৰ বাবেও মনোনীত কৰা হৈছে। এই বৰ্ষত বুমৰাহে কেৱল টেষ্ট আৰু টি-২০ ফৰ্মেটতহে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল। দুয়োটা ফৰ্মেটতে উজ্জীৱিত প্ৰদৰ্শনেৰে ভাৰতৰ সাফল্যৰ নায়ক হৈ পৰিছিল বুমৰাহ।

এই বৰ্ষৰ জুন মাহত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপত ১৫টা উইকেট দখল কৰি দ্বিতীয় সৰ্বাধিক বলাৰ হিচাপে পৰিগণইত হৈছিল বুমৰাহ। প্ৰতিযোগিতাখনত তেওঁৰ গড় আছিল মাত্ৰ ৮.২৬ আৰু সেইদৰে ইক’নমি ৰেট আছিল মাত্ৰ ৪.১৭। এনে দৰ্শনীয় প্ৰদৰ্শনৰ বাবে তেওঁ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছিল। আনহাতে টেষ্ট ক্ৰিকেটত ইংলেণ্ড, বাংলাদেশ, নিউজিলেণ্ড আৰু এতিয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বুমৰাহে চলাইছে বলিং তাণ্ডৱ।

এই বৰ্ষত বুমৰাহে ১৩খন টেষ্টত মাত্ৰ ১৪.৯২ গড়ে ৭১টা উইকেট দখল কৰিছে। বৰ্ষটোত যিকোনো বলাৰৰ ক্ষেত্ৰত এয়া এই বৰ্ষত সৰ্বাধিক উইকেট। এনে পৰিস্থিতিত বুমৰাহ বৰ্ষশ্ৰেষ্ঠ ক্ৰিকেটাৰ বঁটাৰ লগতে বৰ্ষশ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰ বঁটাৰো দাবীদাৰ হৈ উঠিছে। বৰ্ষশ্ৰেষ্ঠ ক্ৰিকেটাৰ বঁটাৰ বাবে বুমৰাহৰ লগতে মনোনীত হোৱা আন তিনিগৰাকী ক্ৰিকেটাৰ হৈছে ইংলেণ্ডৰ তাৰকা বেটাৰ জ’ ৰুট, অষ্ট্ৰেলিয়ান তাৰকা ট্ৰেভিছ হেড আৰু ইংলেণ্ডৰ যুৱ তাৰকা হেৰী ব্ৰুক।

জ’ ৰুটে এই বৰ্ষত ১৭ খন টেষ্টত ৫৫ গড়ে সৰ্বাধিক ১৫৫৬ ৰান সংগ্ৰহ কৰিছিল। অষ্ট্ৰেলিয়াৰ বিস্ফোৰক বেটাৰ ট্ৰেভিছ হেডে এই বৰ্ষত ৯খন টেষ্টত ৪০ গড়ে ৬০৮ ৰান সংগ্ৰহ কৰাৰ লগতে ১৫খন টি-২০ মেচত ১৭৮ ষ্ট্ৰাইক ৰেটেৰে ৫৩৯ ৰান সংগ্ৰহ কৰে। আনহাতে আনগৰাকী মনোনীত খেলুৱৈ হেৰী ব্ৰুকে এই বৰ্ষত ১২খন টেষ্টত ৫৫ গড়ে ১১০০ ৰান সংগ্ৰহ কৰে। ইফালে বৰ্ষশ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰৰ বাবে বুমৰাহৰ লগতে ৰুট, ব্ৰুক আৰু শ্ৰীলংকাৰ যুৱ তাৰকা কামিন্দু মেণ্ডিছ নিৰ্বাচিত হৈছে।

Latest News