বলিঙৰ বাদশ্বাহ বুমৰাহৰ এইবাৰ ‘টিপন্নী’ৰ য়ৰ্কাৰ! আঘাত সন্দৰ্ভত কৰিলে এনে মন্তব্য
আঘাতৰ বাবে আগন্তুক চেম্পিয়নছ ট্ৰফীত যশপ্ৰীত বুমৰাহৰ অংশগ্ৰহণ এতিয়াও অনিশ্চিত হৈ আছে। আনহাতে আঘাতৰ বাবে বুমৰাহ প্ৰায় দুমাহ সময় সম্পূৰ্ণ জিৰণিত থাকিব বুলিও চৰ্চা চলিছে। এনে চৰ্চা সন্দৰ্ভত যশপ্ৰীত বুমৰাহে প্ৰকাশ কৰা প্ৰতিক্ৰিয়াই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
কাষ চাপিছে চেম্পিয়নছ ট্ৰফীৰ। ইতিমধ্যে এই প্ৰতিযোগিতাখনৰ বাবে বহুকেইটা দলে মূল দল ঘোষণা কৰিছে। আনহাতে ভাৰতে এইপৰ্যন্ত চেম্পিয়নছ ট্ৰফীৰ বাবে দল ঘোষণা কৰা নাই। প্ৰতিযোগিতাখনৰ বাবে ভাৰতীয় দলত কোনে কোনে স্থান লাভ কৰিব পাৰে, সেই লৈ যথেষ্ট চৰ্চা হোৱা পৰিলক্ষিত হৈছে। ইফালে দলৰ তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহৰ আঘাতৰ খবৰে সকলোকে চিন্তিত কৰি ৰাখিছে। অষ্ট্ৰেলিয়া ভ্ৰমণত অন্তিমখন টেষ্টৰ সময়ত আঘাতৰ সন্মুখীন হৈছিল তাৰকা পেচাৰগৰাকী। পিঠিৰ সমস্যাৰ বাবে খেলৰ মাজতে চিকিৎসালয়লৈ যাবলগা হৈছিল বুমৰাহ।
এনে আঘাতৰ বাবে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে চেম্পিয়নছ ট্ৰফীত খেলিব নোৱাৰিব বুলিও খবৰ প্ৰকাশ পাইছে। আনহাতে আঘাতৰ বাবে বুমৰাহ প্ৰায় দুমাহ সময় সম্পূৰ্ণ জিৰণিত থাকিব বুলিও চৰ্চা চলিছে। এনে চৰ্চা সন্দৰ্ভত যশপ্ৰীত বুমৰাহে প্ৰকাশ কৰা প্ৰতিক্ৰিয়াই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বলিঙেৰে প্ৰতিপক্ষৰ বাবে ত্ৰাসৰ সৃষ্টি কৰা বুমৰাহে এতিয়া ৰসাত্মক মন্তব্যৰে সামাজিক মাধ্যমত লহৰ তুলিছে।
শেহতীয়াকৈ এক প্ৰতিবেদনত দাবী কৰা হৈছিল যে অষ্ট্ৰেলিয়াৰ পৰা উভতি অহাৰ পিছত বুমৰাহৰ পিঠিৰ সমস্যা অধিক হৈছে আৰু ইয়াৰ বাবে তেওঁক ‘বেড ৰেষ্ট’ৰ পৰামৰ্শ দিয়া হৈছে। অৰ্থাৎ সুস্থ নোহোৱালৈকে বুমৰাহে সম্পূৰ্ণ জিৰণি ল’ব লাগিব। ইয়াৰ উপৰিও বুমৰাহ বাংগালুৰুস্থিত নেচনেল ক্ৰিকেট ষ্টেডিয়ামত উপস্থিত হ’ব লাগিব বুলিও কোৱা হৈছিল। কিন্তু এই প্ৰতিবেদনত দাবী কৰা সকলো বিষয়ক যশপ্ৰীত বুমৰাহে ফেক নিউজ আখ্যা দিছে।
এনে ধৰণৰ খবৰে তেওঁক হাঁহিবলৈ বাধ্য কৰে বুলিও বুমৰাহে লগতে কয়। তেওঁ লিখিছে, “মই জানো ভুৱা বাতৰি প্ৰচাৰ কৰাটো সহজ, কিন্তু এই খবৰে মোক হাঁহিবলৈ বাধ্য কৰালে। এইবোৰ অবিশ্বাস্য সূত্ৰ।” উল্লেখ্য যে ছিডনী টেষ্টত আঘাতৰ বাবে খেলৰ মাজত স্কেনৰ বাবে চিকিৎসালয়ত উপস্থিত হৈছিল বুমৰাহ। এই ঘটনাৰ পিছত তেওঁৰ আঘাত সন্দৰ্ভত বিভিন্ন খবৰ ওলাইছে যদিও বিচিচিআইয়ে এতিয়াও এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই।
উল্লেখ্য যে নিজৰ চমকপ্ৰদ প্ৰদৰ্শনেৰে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত বুমৰাহে ৩২টা উইকেট দখল কৰিছিল। সমগ্ৰ শৃংখলাটোত ধাৰাবাহিকতা দাঙি ধৰা একমাত্ৰ ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছিল বুমৰাহ। লগতে ভাৰতীয় দলৰ শেহতীয়া কেইটামান বছৰৰ সাফল্যৰ অন্যতম প্ৰধান নায়ক হিচাপে বিবেচিত হৈ আহিছে তাৰকা পেচাৰগৰাকী। এনে পৰিস্থিতিত চেম্পিয়নছ ট্ৰফীত যশপ্ৰীত বুমৰাহৰ অংশগ্ৰহণ ভাৰতীয় দল তথা অনুৰাগীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।