সুস্থ হৈ উঠিল বুমৰাহ! কেতিয়া খেলিব IPL 2025 ৰ প্ৰথমখন খেল?
IPL 2025: যশপ্ৰীত বুমৰাহৰ অনুৰাগীসকলৰ বাবে ভাল খবৰ। শীঘ্ৰেই খেলপথাৰত দেখিবলৈ পাব বুমৰাহক। আই পি এল ২০২৫ ত প্ৰথমখন মেচ খেলিবলৈ সাজু হৈছে বুমৰাহ। পিছে কেতিয়া তেওঁক দেখিবলৈ পোৱা যাব?

আই পি এল ২০২৫ (IPL 2025) লৈ উভতিল যশপ্ৰীত বুমৰাহ। পিছে আই পি এল ২০২৫ ৰ প্ৰথমখন মেচ কেতিয়া খেলিব বুমৰাহে? অহা ৭ এপ্ৰিলত মুম্বাই ইণ্ডিয়ানছ (MI)য়ে ঘৰুৱা খেলপথাৰত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (RCB)ৰ বিৰুদ্ধে খেলিব। ইতিমধ্যে বুমৰাহে দলত যোগদান কৰিছে। কিন্তু কাইলৈ অনুষ্ঠিত হবলগীয়া মেচৰ প্লেয়িং-১১ ত বুমৰাহে স্থান লাভ কৰে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
কেতিয়া খেলিব বুমৰাহে
পিঠিৰ অস্ত্ৰোপচাৰৰ পিছত বুমৰাহ বিচিচিআইৰ চেণ্টাৰ অৱ এক্সেলেন্সত ৰিহাব কৰি আছিল। শেহতীয়াকৈ এক প্ৰতিবেদনত কোৱা হৈছিল যে বুমৰাহ কেতিয়া খেললৈ উভতিব এতিয়াও ক’ব পৰা নাযায়। ইয়াৰ মাজতে আন এক খবৰ ওলাইছে যে বুমৰাহে মুম্বাই ইণ্ডিয়ানছত যোগদান কৰিছে। বুমৰাহে কেতিয়া আই পি এল ২০২৫ ৰ প্ৰথমখন মেচ খেলিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই বা ইয়াৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই। অনুমান কৰা হৈছে যে, যশপ্ৰীত বুমৰাহে ১৩ এপ্ৰিলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে আই পি এল ২০২৫ ৰ প্ৰথমখন খেল খেলিব পাৰে।
২০১৩ চনৰ পৰা মুম্বাই ইণ্ডিয়ানছৰ লগত
২০১৩ চনৰ পৰাই মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি আহিছে যশপ্ৰীত বুমৰাহে। পেচ এটেকৰ হিচাপে মুম্বাইৰ শক্তি হৈ আহিছে বুমৰাহ। ২০১৩ চনৰ পৰা মুম্বাই ইণ্ডিয়ানছৰ হৈ তেওঁ ১৩৩খন মেচ খেলিছে, য’ত তেওঁ ১৬৫টা উইকেট দখল কৰিছে। পিঠিৰ আঘাতৰ বাবে বুমৰাহ আই পি এল ২০২৫ ত এতিয়ালৈকে খেলিব পৰা নাই।
কি হৈছে বুমৰাহৰ
বুমৰাহে চলিত বৰ্ষৰ ৪ জানুৱাৰীত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ সময়ত ছিডনী টেষ্টত আঘাত পাইছিল। সেই আঘাতৰ বাবে বুমৰাহ চেম্পিয়নছ ট্ৰফীৰ পৰাও বাহিৰ হৈছিল আৰু ই ভাৰতীয় ক্ৰিকেট দলৰ বাবে এক ডাঙৰ লোকচান আছিল। একেটা আঘাতৰ বাবে বুমৰাহে আই পি এলৰ প্ৰাৰম্ভিক মেচসমূহো খেলিব পৰা নাছিল।
উল্লেখ্য যে, মুম্বাই ইণ্ডিয়ানছে যশপ্ৰীত বুমৰাহক ১৮ কোটি টকাৰ বিনিময়ত ক্ৰয় কৰিছিল। আই পি এল ২০২৫ত এতিয়ালৈকে মুম্বাই ইণ্ডিয়ানছে ৪খন মেচ খেলিছে, ইয়াৰে ১খনত জয়লাভ কৰিছে। ইয়াৰ বিপৰীতে পইণ্ট টেবুলত ৭ম স্থানত আছে।