শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আশাহত অনুৰাগী! চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ হ’ল বুমৰাহ…

চেম্পিয়নছ ট্ৰফীত টীম ইণ্ডিয়াৰ অংশ হ’ব নোৱাৰিব যশপ্ৰীত বুমৰাহ। অষ্ট্ৰেলিয়া ভ্ৰমণৰ অন্তিমখন মেচত আঘাতপ্ৰাপ্ত হোৱা যশপ্ৰীত বুমৰাহৰ পিছত তেওঁক জিৰণি ল’বলৈ পৰামৰ্শ দিয়া হৈছিল। শেহতীয়াকৈ বেংগালুৰুৰ বিচিচিআইৰ চেণ্টাৰ অৱ এক্সেলেন্সলৈ গৈ পিঠিৰ স্কেনিং কৰাইছিল বুমৰাহে।

আশাহত অনুৰাগী! চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ হ’ল বুমৰাহ…
চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ হ'ল বুমৰাহ...
trishna-kalita
Trishna Kalita | Updated On: 12 Feb 2025 08:59 AM

কিছুদিনৰ পাছতে আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫। প্ৰতিযোগিতাখনৰ বাবে ক্ৰিকেট অনুৰাগীৰ মাজত ইতিমধ্যেই দেখা পোৱা গৈছে উছাহ। তাৰ পূৰ্বে টিম ইণ্ডিয়াক লৈ অনুৰাগীৰ মনত বৃদ্ধি পাইছে উত্তেজনা। ডুবাইমুখী ভাৰতীয় দলটোত এই সময়ৰ ক্ৰিকেট বিশ্বৰ শ্ৰেষ্ঠতম বলাৰ হিচাপে স্বীকৃত যশপ্ৰীত বুমৰাহ থাকিব নে নাথাকে তাকে লৈ চলিছিল বহু জল্পনা-কল্পনা। অৱশেষত যশপ্ৰীত বুমৰাহ এই প্ৰতিযোগিতাত খেলিব পাৰিব নে নোৱাৰে সেই সন্দৰ্ভত প্ৰকাশ পাইছে ডাঙৰ খবৰ। যাৰ বাবে দীৰ্ঘদিন ধৰি চলিছিল ব্যাপক চৰ্চা।

অষ্ট্ৰেলিয়া ভ্ৰমণৰ অন্তিমখন মেচত আঘাতপ্ৰাপ্ত হোৱা যশপ্ৰীত বুমৰাহৰ পিছত তেওঁক জিৰণি ল’বলৈ পৰামৰ্শ দিয়া হৈছিল। শেহতীয়াকৈ বেংগালুৰুৰ বিচিচিআইৰ চেণ্টাৰ অৱ এক্সেলেন্সলৈ গৈ পিঠিৰ স্কেনিং কৰাইছিল বুমৰাহে। কিন্তু ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ মুহূৰ্তত আহিল সেই অনাকাংশিক খবৰটো। চেম্পিয়নছ ট্ৰফীত টীম ইণ্ডিয়াৰ অংশ হ’ব নোৱাৰিব যশপ্ৰীত বুমৰাহ।

পিঠিৰ আঘাতৰ পৰা সুস্থ হৈ উঠা নাই বুমৰাহ

ইএছপি এনক্ৰিচিনফ’ৰ প্ৰতিবেদন অনুসৰি, যশপ্ৰীত বুমৰাহ এতিয়াও পিঠিৰ আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হোৱা নাই, যাৰ বাবে তেওঁ ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ হৈছে। যদিও বেংগালুৰুত বুমৰাহৰ স্কেনত অস্বাভাৱিক একো পোৱা নগ’ল, তথাপিও তেওঁ এতিয়ালৈকে বল খেলিবলৈ সম্পূৰ্ণৰূপে সাজু হোৱা নাই। কিছু সপ্তাহৰ পিছত তেওঁ দৌৰিবলৈ আৰম্ভ কৰিব পাৰে আৰু তাৰ পিছত ক্ৰমান্বয়ে বলিং আৰম্ভ কৰাৰ সম্ভাৱনা আছে। তেতিয়ালৈকে বিচিচিআইৰ চিকিৎসা দলে বেংগালুৰুৰ চেণ্টাৰ অৱ এক্সেলেন্সত বুমৰাহৰ অগ্ৰগতি নিৰীক্ষণ কৰিব।

অৱশ্যে ১৮ জানুৱাৰীত চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা কৰা টীম ইণ্ডিয়াৰ ১৫ জনীয়া দলটোত বুমৰাহক অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু এতিয়া টিম ইণ্ডিয়াত পুনৰ পৰিৱৰ্তন আনিব লগা হৈছে বিচিচিআইয়ে। এতিয়া ইংলেণ্ডৰ বুমৰাহৰ ঠাইত হৰ্ষিত ৰাণাক দলক অন্তৰ্ভুক্ত কৰা হৈছে। যাক ইংলেণ্ডৰ বিৰুদ্ধে বিৰুদ্ধে এদিনীয়া শৃংখলাত বুমৰাহৰ বেক আপ হিচাপে স্থান দিয়া হৈছিল। এই শৃংখলাৰ সময়ত হৰ্ষিত ৰাণাই এদিনীয়াত অভিষেক কৰিছিল।

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ভাৰতৰ দল:

ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল (উপ-অধিনায়ক), বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ঋষভ পন্ত (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, মহম্মদ ছামি, অৰ্শদীপ সিং, ৰবীন্দ্ৰ জাদেজা, বৰুণ চক্ৰৱৰ্তী। ইয়াৰ উপৰিও নন ট্ৰেভেলিং ৰিজাৰ্ভত আছে- যশস্বী জয়ছৱাল, মহম্মদ চিৰাজ, শিৱম ডুবে।