শেহতীয়া ব্যৰ্থতাৰ পিছতো আইচিচিৰ বৰ্ষশ্ৰেষ্ঠ টেষ্ট দলত তিনি ভাৰতীয়ঃ কোনে কোনে পালে স্থান!
আইচিচিৰ বৰ্ষশ্ৰেষ্ঠ এদিনীয়া দলত ভাৰতীয় দলৰ এগৰাকী ক্ৰিকেটাৰেও স্থান লাভ নকৰাত কিছু হতাশ হৈছিল ভাৰতীয় অনুৰাগীসকল। অৱশ্যে ঘোষিত টেষ্ট দলটোৱে নিৰাশ নকৰিলে অনুৰাগীক। শেহতীয়া সময়ছোৱাত ভাৰতীয় দলৰ টেষ্টত প্ৰদৰ্শন আশাব্যঞ্জক নহয় যদিও আইচিচিৰ বৰ্ষশ্ৰেষ্ঠ টেষ্ট দলত স্থান লাভ কৰিছে তিনিজন ভাৰতীয় তাৰকাই।
ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আইচিচিয়ে বিগত বৰ্ষৰ প্ৰদৰ্শনৰ ভিত্তিত আজি ঘোষণা কৰিছে বৰ্ষটোৰ শ্ৰেষ্ঠ দল। প্ৰথমে বৰ্ষশ্ৰেষ্ঠ এদিনীয়া দল ঘোষণা কৰাৰ পিছত এতিয়া আইচিচিয়ে বৰ্ষশ্ৰেষ্ঠ টেষ্ট দলো ঘোষণা কৰিছে। আইচিচিৰ বৰ্ষশ্ৰেষ্ঠ এদিনীয়া দলত ভাৰতীয় দলৰ এগৰাকী ক্ৰিকেটাৰেও স্থান লাভ নকৰাত কিছু হতাশ হৈছিল ভাৰতীয় অনুৰাগীসকল। অৱশ্যে ঘোষিত টেষ্ট দলটোৱে নিৰাশ নকৰিলে অনুৰাগীক। শেহতীয়া সময়ছোৱাত ভাৰতীয় দলৰ টেষ্টত প্ৰদৰ্শন আশাব্যঞ্জক নহয় যদিও আইচিচিৰ বৰ্ষশ্ৰেষ্ঠ টেষ্ট দলত স্থান লাভ কৰিছে তিনিজন ভাৰতীয় তাৰকাই।
লক্ষণীয়ভাৱে বিগত বৰ্ষটোৰ অধিকাংশ সময় ভাৰতীয় দলে টেষ্টত দাঙি ধৰিছিল উজ্জীৱিত প্ৰদৰ্শন। কিন্তু নিউজিলেণ্ডৰ বিপক্ষে ঘৰুৱা শৃংখলাত হোৱাইট ৱাছ আৰু অষ্ট্ৰেলিয়াৰ বিপক্ষে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত পৰাজয়ে ভাৰতীয় দলক বিপৰ্যস্ত কৰি তোলে। এনে ফলাফলৰ পৰিণতিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ দৌৰৰ পৰাও বাহিৰ হয় ভাৰত। এই ব্যৰ্থতাৰ পিছতো অৱশ্যে বৰ্ষটোৰ সামগ্ৰিক প্ৰদৰ্শনৰ ভিত্তিত তিনি ভাৰতীয় তাৰকা অন্তৰ্ভুক্ত হৈছে টেষ্ট দলটোত।
ভাৰতীয় দলৰ তিনি খেলুৱৈৰ বিপৰীতে টেষ্ট চেম্পিয়নশ্বিপ বিজয়ী তথা এইবাৰৰো ফাইনেলিষ্ট অষ্ট্ৰেলিয়াৰ এজন খেলুৱৈ, আনটো ফাইনেলিষ্ট দল দক্ষিণ আফ্ৰিকাৰো এজন খেলুৱৈয়ে স্থান লাভ কৰিছে। দলটোত ইংলেণ্ডৰ সৰ্বাধিক ৪ জন খেলুৱৈয়ে স্থান লাভ কৰাৰ বিপৰীতে নিউজিলেণ্ডৰ ২ জন আৰু শ্ৰীলংকাৰ এজন খেলুৱৈৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। ঘোষিত দলটোত স্থান পোৱা তিনি ভাৰতীয় হৈছে ক্ৰমে যশপ্ৰীত বুমৰাহ, যশস্বী জয়ছোৱাল আৰু ৰবীন্দ্ৰ জাদেজা।
দলটোৰ অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে অষ্ট্ৰেলিয়ান অধিনায়ক পেট কামিন্সক। দলত অপেনাৰ হিচাপে স্থান দিয়া হৈছে যশস্বী জয়ছোৱাল আৰু ইংলেণ্ডৰ বেন ডাকেটক। উল্লেখ্য যে জয়ছোৱালে বিগত ২০২৪ বৰ্ষত ২৯ টা টেষ্ট ইনিংছত ৫৪.৭৪ গড়ে ১৪৭৮ ৰান সংগ্ৰহ কৰিছিল। বৰ্ষটোত তেওঁ খেলিছিল ২ শতক আৰু ৯টা অৰ্ধশতকীয় ইনিংছ। তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজায়ো বিগত বৰ্ষটোত উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াইছিল।
বিগত বৰ্ষত জাদেজাই ১ শতক আৰু ৩টা অৰ্ধশতককে ধৰি ১৮টা ইনিংছত ৫২৭ ৰান সংগ্ৰহ কৰাৰ লগতে ২১টা ইনিংছত ৪৮টা উইকেট দখল কৰিছিল। আনহাতে এই দলত স্থান লাভ কৰা আনগৰাকী ভাৰতীয় তাৰকা তথা ষ্টাৰ পেচাৰ যশপ্ৰীত বুমৰাহ বিগত বৰ্ষটোত অনন্য প্ৰদৰ্শনেৰে উজলি উঠিছিল। ২০২৪ চনত বুমৰাহে ২৬ ইনিংছত ৭১টা উইকেট দখল কৰিছিল। বৰ্ষটোত টেষ্টত সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপে পৰিগণিত হৈছিল বুমৰাহ।
ঘোষিত বৰ্ষশ্ৰেষ্ঠ টেষ্ট দলটোঃ পেট কামিন্স (অধিনায়ক), যশস্বী জয়ছোৱাল, বেন ডাকেট, কেন উইলিয়ামছন, জো ৰুট, হেৰী ব্ৰুক, কামিন্দু মেণ্ডিছ, জেমী স্মিথ (উইকেটকীপাৰ), ৰবীন্দ্ৰ জাডেজা, মেট হেনৰী আৰু যশপ্ৰীত বুমৰাহ।