ইয়াতে অন্ত পৰিব নেকি যশপ্ৰীত বুমৰাহৰ ক্ৰিকেট কেৰিয়াৰৰ? টীম ইণ্ডিয়াত বাজিছে বিপদ ঘণ্টা!
অষ্ট্ৰেলিয়া ভ্ৰমণৰ সয়মত টেষ্ট শৃংখলাৰ অন্তিমখন মেচত যশপ্ৰীত বুমৰাহ পিঠিত আঘাত পাইছিল। যাৰ বাবে তেওঁ সেই মেচখনৰ দ্বিতীয় ইনিংছত বলিং কৰিব পৰা নাছিল। তাৰ পাছত বুমৰাহে চেম্পিয়নছ ট্ৰফীও খেলিব নোৱাৰিলে আৰু এতিয়া আই পি এলৰ প্ৰাৰম্ভিক মেচতো তেওঁ যেন বাহিৰ হৈ পৰিছে।

টীম ইণ্ডিয়াই চেম্পিয়নছ ট্ৰফী ২০২৫ৰ খিতাপ দখল কৰি অনুৰাগীক দিলে বিশেষ উপহাৰ। এই জয় ভাৰতীয় অনুৰাগীৰ বাবেও বিশেষ আছিল কাৰণ প্ৰখ্যাত বেগী বলাৰ যশপ্ৰীত বুমৰাহৰ অনুপস্থিতিত টীম ইণ্ডিয়াই এই প্ৰতিযোগিতাত জয়লাভ কৰিছিল। আঘাতৰ বাবে বুমৰাহ এই প্ৰতিযোগিতাৰ অংশ হ’ব নোৱাৰিলে। এতিয়া ভাৰতীয় অনুৰাগীসকলে মাথোঁ অপেক্ষাত আছে বুমৰাহ সুস্থ হৈ অতি সোনকালে ঘূৰি অহালৈ। কিন্তু ইয়াৰ পূৰ্বে টীম ইণ্ডিয়াই লাভ কৰিছে এক বিপদজনক সতৰ্কবাণী। আই পি এলত জছপ্ৰিত বুমৰাৰ প্ৰশিক্ষক হিচাপে কৰ্মৰত প্ৰখ্যাত বেগী বলাৰ শ্বেন বণ্ডে কয় যে, এই আঘাতে বুমৰাহৰ কেৰিয়াৰৰ অন্ত পেলাব পাৰে।
অষ্ট্ৰেলিয়া ভ্ৰমণৰ অন্তিমখন টেষ্ট মেচত বুমৰাহে পিঠিত আঘাত পাইছিল। ইয়াৰ বাবেই ছিডনীত খেলা সেই মেচখনৰ দ্বিতীয় ইনিংছত বলিং কৰিব পৰা নাছিল ক্ৰিকেটাৰগৰাকীয়ে। তেতিয়াৰ পৰাই বুমৰাহ দলৰ বাহিৰত আছে। টীম ইণ্ডিয়াই চেম্পিয়নছ ট্ৰফীত ঘূৰি অহাৰ আশা কৰিছিল যদিও সেয়া নহ’ল। এতিয়া ওলোৱা খবৰৰ পৰা দেখা গৈছে যে আই পি এলৰ প্ৰথম কেইখনমান মেচতো বুমৰাহ খেলিব নোৱাৰিব, যিটো মুম্বাই ইণ্ডিয়ানছৰ লগতে টীম ইণ্ডিয়াৰ বাবেও এক চিন্তাজনক খবৰ।
কিন্তু ইয়াতকৈও বেয়া খবৰ দিছে শ্বেন বণ্ডে। আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ প্ৰাক্তন বলিং প্ৰশিক্ষক হিচাপে কৰ্মৰত বণ্ডে বুমৰাহৰ আঘাত সন্দৰ্ভত ডাঙৰ সতৰ্কবাণী দিছে। ই এছ পি এন-ক্ৰিচিনফ’ৰ সৈতে হোৱা কথা-বতৰাত নিউজিলেণ্ডৰ এজন প্ৰখ্যাত বলাৰ বণ্ডে কয় যে, যদি এই আঘাত পূৰ্বৰ ঠাইতে পাইছে, তেন্তে বিপদজ্জনক হ’ব পাৰে। তেওঁ কয়, “যদি তেওঁ পুনৰ একে ঠাইতে আঘাত পাইছে, তেন্তে ইয়ে কেৰিয়াৰৰ অন্ত পেলাব পাৰে। কাৰণ মই নাভাবো যে একে ঠাইতে পুনৰ অস্ত্ৰোপচাৰ কৰিব পৰা যাব।”
উল্লেখ্য যে, বুমৰাহৰ পিঠিত আঘাত পোৱাটো এইটোৱেই প্ৰথম নহয়। দু-তিনি বছৰৰ আগতেও বুমৰাহ পিঠিত ষ্ট্ৰেছ ফ্ৰেক্ছাৰ হৈছিল, যাৰ বাবে তেওঁ ২০২২ চনৰ টি-২০ বিশ্বকাপত খেলিব নোৱাৰিলে আৰু প্ৰায় এবছৰ ধৰি ক্ৰিকেটৰ পৰা আঁতৰি আছিল। তাৰ পিছত বুমৰাহৰ নিউজিলেণ্ডৰ এজন বিখ্যাত চিকিৎসকৰ দ্বাৰা অস্ত্ৰোপচাৰ কৰাইছিল। তাৰ পিছত উভতি আহি ২০২৩ চনৰ বিশ্বকাপত বিধ্বংসী ৰূপ ধাৰণ কৰিছিল। ইয়াৰ উপৰিও টি-২০ৰ বিশ্ব চেম্পিয়ন হিচাপেও টীম ইণ্ডিয়াক সন্মানিত কৰিছিল।
এতিয়া এই নতুন আঘাতৰ পিছত বুমৰাহক পুনৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব নে নহয়, বৰ্তমান ব’ৰ্ড বা বুমৰাহৰ পৰা কোনো তথ্য অহা নাই। এনে পৰিস্থিতিত টীম ইণ্ডিয়াই আশা কৰিব যে বুমৰাহ অতি সোনকালে ফিট হৈ ঘূৰি আহিব আৰু তাৰ পিছত জুন মাহত ইংলেণ্ড ভ্ৰমণৰ টেষ্ট শৃংখলাৰ বাবে উপলব্ধ হৈ থাকিব কাৰণ এই ছিৰিজত তেওঁ টীম ইণ্ডিয়াৰ অধিনায়কৰ দায়িত্ব ল’ব লাগিব পাৰে।