ক্ৰিকেট অনুৰাগীলৈ দুখবৰঃ বিনামূলীয়াকৈ চাব নোৱাৰিব আই পি এল! দিব লাগিব ইমান টকা

আই পি এল ২০২৫ উপভোগ কৰাত অনুৰাগীসকল সন্মুখীন হ’ব কিছু অসুবিধাৰ। পূৰ্বৰ দৰে এতিয়া বিনামূলীয়া নহ’ব আই পি এল উপভোগৰ আনন্দ! আজি জিঅ’ হটষ্টাৰে নিজ এপত আই পি এলৰ বিনামূলীয়া সম্প্ৰচাৰ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।

ক্ৰিকেট অনুৰাগীলৈ দুখবৰঃ বিনামূলীয়াকৈ চাব নোৱাৰিব আই পি এল! দিব লাগিব ইমান টকা

আইপিএলৰ প্ৰাকক্ষণত ক্ৰিকেটপ্ৰেমীলৈ দুখবৰ

Published: 

17 Mar 2025 18:02 PM

অহা ২২ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া জনপ্ৰিয় ক্ৰিকেট লীগ আই পি এলৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ক্ৰিকেটপ্ৰেমীসকলে। প্ৰিয় তাৰকাসকল তথা প্ৰিয় ফেন্সাইজিৰ খেল উপভোগ কৰিবলৈ প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীয়েই উৎসুক হৈ আছে। পিছে ক্ৰিকেট অনুৰাগীৰ এই উৎসুকতা তথা অপেক্ষাত চিন্তাৰ লেখ কঢ়িয়াই আনিছে এক বিশেষ খবৰে। কিয়নো এই খবৰ অনুসৰি এতিয়া আই পি এল উপভোগ কৰাত অনুৰাগীসকল সন্মুখীন হ’ব কিছু অসুবিধাৰ। পূৰ্বৰ দৰে এতিয়া বিনামূলীয়া নহ’ব আই পি এল উপভোগৰ আনন্দ!

শেহতীয়াকৈ মুকেশ আম্বানী মানিকানাধীন কোম্পানী ৰিলায়েন্স জিঅ’ই দেশৰ অন্যতম প্ৰধান অ’টিটি প্লেটফৰ্ম হটষ্টাৰ প্ৰায় ৭০ হাজাৰ কোটি টকাত ক্ৰয় কৰে। তাৰ পূৰ্বলৈকে হটষ্টাৰ ৱাল্ট ডিজনী কোম্পানীৰ অধীনস্থ আছিল। এতিয়া জিঅ’ই এই অ’টিটি প্লেটফৰ্ম ক্ৰয় কৰাৰ পিছত নতুনকৈ এপটোৰ নাম জিঅ’ হটষ্টাৰ হিচাপে নামকৰণ কৰা হৈছে। নতুন নামকৰণৰ লগতে পিছে জিঅ’ই ক্ৰিকেট প্ৰেমীসকললৈ এক দুখবৰো কঢ়িয়াই আনিছে।

আজি জিঅ’ হটষ্টাৰে নিজ এপত আই পি এলৰ বিনামূলীয়া সম্প্ৰচাৰ বন্ধ কৰাৰ কথা ঘোষণা কৰে। কোম্পানীটোৱে লগতে উল্লেখ কৰিছে যে এতিয়াৰ পৰা প্ৰতিজন গ্ৰাহকে আই পি এল চাবলৈ ২৯৯ টকাৰ চাবস্ক্ৰিপচন প্লেন ক্ৰয় কৰিব লাগিব। মন কৰিবলগীয়া যে ডিজনী বা জিঅ’ৰ অধীনলৈ অহাৰ পূৰ্বে হটষ্টাৰে গ্ৰাহকক বিনামূলীয়াকৈ আই পি এল উপভোগৰ সুবিধা দিছিল।

পিছত যেতিয়া ডিজনীয়ে ষ্টাৰ ইণ্ডিয়াৰ পৰা হটষ্টাৰ ক্ৰয় কৰিছিল তেতিয়া এপটোৱে অন্যান্য কণ্টেণ্টৰ চাবস্ক্ৰিপচন প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু ডিজনী প্লাছ হটষ্টাৰে তথাপিও আই পি এলৰ গ্ৰহণযোগ্যতাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰাহকক বিনামূলীয়াকৈ ক্ৰিকেট লীগখন চোৱাৰ সুবিধা প্ৰদান কৰিছিল। কিন্তু ২০২৩ চনত অ’টিটি প্লেটফৰ্মটোৱে আই পি এল ষ্ট্ৰীমিঙত চাবস্ক্ৰিপচন আৰোপ কৰিছিল।

কিন্তু সেই সময়ত জিঅ’ চিনেমাই বিনামূলীয়াকৈ আই পি এল ষ্ট্ৰীমিঙৰ ব্যৱস্থা কৰে। ইয়াৰ ফলত আই পি এল আৰু অন্যান্য মেচৰ সময়ত ডিজনী প্লাছ হটষ্টাৰৰ ব্যৱসায়ত বৃহৎ আঘাত পৰে। সেই চাপক আহিলা হিচাপে ব্যৱহাৰ কৰি মুকেশ আম্বানী মালিকানাধীন কোম্পানীটোৱে এই বৰ্ষত হটষ্টাৰ ক্ৰয় কৰিছিল। এইবাৰ জিঅ’ই ব্যৱসায়িক কৌশল হিচাপে হটষ্টাৰ চাবস্ক্ৰিপচন ভিত্তিক কৰাৰ সিদ্ধান্ত লৈছে আৰু এতিয়া আই পি এল চাবলৈ ২৯৯ টকাৰ প্লেনেৰে ৰিচাৰ্জ কৰিব লাগিব।

৬৫০ গৰাকী যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা এইজন খেলুৱৈৰ সৈতে যুৱৰাজৰ কাজিয়া...
অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা
ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...