শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আই পি এলৰ আৰম্ভণিতেই হতাশাজনক প্ৰদৰ্শন, ৰাজস্থানক জয়ৰ দিশে আগুৱাই নিব পাৰিবনে আৰ্চাৰে?

ইংলেণ্ডৰ তাৰকা পেচাৰ জোফ্ৰা আৰ্চাৰে এই পৰ্যন্ত আই পি এলত দুটা ফ্ৰেঞ্চাইজিৰ হৈ খেলিছে । মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছ । তেওঁক অৱশ্যে ৰাজস্থান ৰয়েলছ পৰিয়ালৰ সদস্য বুলি ক’ব পাৰি । ২০১৮ চনত গোলাপী জাৰ্চি পিন্ধি আই পি এলত অভিষেক ঘটাইছিল । এবাৰ মুম্বাই ইণ্ডিয়ানছত খেলিছিল । ৰাজস্থান ৰয়েলছে এইবাৰ মেগা নিলামত পুনৰ ক্ৰয় কৰে জোফ্ৰাক ।

আই পি এলৰ আৰম্ভণিতেই হতাশাজনক প্ৰদৰ্শন, ৰাজস্থানক জয়ৰ দিশে আগুৱাই নিব পাৰিবনে আৰ্চাৰে?
জোফ্ৰা আৰ্চাৰImage Credit source: BCCI
raj-saikia
Raj Saikia | Published: 09 Apr 2025 16:47 PM

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। সকলোৰে বাবে সমান মঞ্চ। কোনোবা নায়ক হৈ পৰে, বহুজন নায়কৰ পৰা খলনায়ক হয় । দ্বিতীয়বাৰৰ বাবে সুযোগ পালে খলনায়কে পুনৰ নায়কৰ উপাধি লাভ কৰে । কেৱল ভাৰতীয় ক্ৰিকেটাৰৰ বাবেই নহয়, বিদেশীৰ ক্ষেত্ৰতো একে কথা ক’ব পাৰি । একেদৰে যুৱ ক্ৰিকেটাৰৰ লগতে অভিজ্ঞসকলৰ কথাও ক’ব লাগিব ৷ জোফ্ৰা আৰ্চাৰৰ দৰে !

বিশ্ব ক্ৰিকেটৰ অন্যতম ঘটনাবহুল ক্ৰিকেট কেৰিয়াৰ । যদি সমগ্ৰ কেৰিয়াৰ বিশ্লেষণ কৰিবলগীয়া হয়, তেন্তে বেলা ডুবিবৰ হ’ব । সেয়ে এইবাৰৰ আই পি এলৰ কথা কওঁ । দৰাচলতে এইবাৰৰ আই পি এলত জোফ্ৰা আৰ্চাৰৰ যাত্ৰা আৰম্ভ হৈছিল দুৰ্যোগৰ মাজেৰে । তেওঁ চৰ্চাত আছিল যদিও সেয়া আছিল নেতিবাচক ।

ইংলেণ্ডৰ তাৰকা পেচাৰ জোফ্ৰা আৰ্চাৰে এই পৰ্যন্ত আই পি এলত দুটা ফ্ৰেঞ্চাইজিৰ হৈ খেলিছে । মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছ । তেওঁক অৱশ্যে ৰাজস্থান ৰয়েলছ পৰিয়ালৰ সদস্য বুলি ক’ব পাৰি । ২০১৮ চনত গোলাপী জাৰ্চি পিন্ধি আই পি এলত অভিষেক ঘটাইছিল । জোফ্ৰা আৰ্চাৰে আই পি এলৰ মুঠ পাঁচটা সংস্কৰণত খেলিছে । এবাৰ মুম্বাই ইণ্ডিয়ানছত খেলিছিল । অৱশ্যে সেয়া অতিথি ৰূপ বুলি ক’ব পাৰি । ৰাজস্থান ৰয়েলছে এইবাৰ মেগা নিলামত পুনৰ ক্ৰয় কৰে জোফ্ৰাক ।

ইংলেণ্ডৰ এইগৰাকী পেচাৰৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে আঘাত । পেচাৰসকলৰ সহজাতভাৱে আঘাতৰ প্ৰৱণতা থাকে । কোনোজন হয়তো ব্যতিক্ৰম থাকে তাৰ মাজত । সেই তালিকাত জোফ্ৰা আৰ্চাৰো আছে । আঘাতৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যেনেকৈ বহু ছিৰিজ আৰু টুৰ্ণামেণ্টত অংশ ল’ব নোৱাৰিলে, ঠিক তেনেদৰে আই পি এলতো খেলিব নোৱাৰিলে । ৰাজস্থান ৰয়েলছে তেওঁক বাছি লোৱাত বহুতেই আচৰিত হৈছিল । ভুল বিনিয়োগ কৰিলে নেকি? এই প্ৰশ্নও উত্থাপন হৈছিল ।

ৰাজস্থান ৰয়েলছৰ প্ৰথমখন মেচত জোফ্ৰাক লৈ অস্বস্তি আৰু অধিক বৃদ্ধি পায় । হায়দৰাবাদ খেলপথাৰত মেচ । ছানৰাইজাৰ্ছৰ বিধ্বংসী বেটিং আক্ৰমণে ২৮৬ ৰান সংগ্ৰহ কৰে! আই পি এলৰ ইতিহাসত দ্বিতীয় সৰ্বোচ্চ টাৰ্গেট । ৰাজস্থান শিবিৰত সৰ্বাধিক ৰান খৰচ কৰা বলাৰ আছিল জোফ্ৰা আৰ্চাৰ । ছানৰাইজাৰ্ছে তেওঁৰ ৪ অভাৰত ৭৬ ৰান সংগ্ৰহ কৰে । আই পি এলৰ ইতিহাসত সৰ্বাধিক ৰাণ ।

আৰম্ভণিতে কোৱাৰ দৰে আই পি এলত খলনায়ক নায়ক হোৱাৰ মঞ্চ । প্ৰথমখন মেচত ৭৬ ৰান দিয়াৰ পিছত পৰৱৰ্তী মেচত দৃশ্যপট সলনি হ’ল । কিন্তু উইকেট অৱশ্যে নাহিল । ১ উইকেট দখল কৰিলেও ইক’নমি আছিল উৎকৃষ্ট । পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলখন এতিয়া টাৰ্নিং পইণ্ট হৈ পৰিছে । য’ত তেওঁ ৰাজস্থানৰ বেটিঙৰ সময়ত ড্ৰেছিং ৰূমত পাৱাৰ নেপ লোৱা দেখা যায় তেওঁক । খেলপথাৰত নামিয়েই তেওঁ এটা বিধ্বংসী স্পেল কৰে । খেলখনত মুঠ ৩টা উইকেট দখল । একেবাৰে শক্তিশালী প্ৰদৰ্শন । সঠিক লক্ষ্য । এতিয়াও বহুতৰে মনত আশংকা ৰৈছে, আঘাত বা ধাৰাবাহিকতাই জোফ্ৰাক আকৌ খলনায়ক কৰি তুলিব নেকি!