শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

৬৬ বৰ্ষীয় হ’ল কপিল দেৱঃ কিয় কপিল দেৱৰ বাবে কলকাতাত নেখেলাৰ সিদ্ধান্ত লৈছিল গাভাস্কাৰে?

নিজ কেৰিয়াৰত কপিল দেৱে ভাৰতীয় দলত সতীৰ্থ হিচাপে লাভ কৰা অন্যতম কিংবন্তি তাৰকা আছিল খেলুৱৈ সুনীল গাভাস্কাৰৰ। কপিল দেৱে কেৰিয়াৰৰ কিছু সময় গাভাস্কাৰৰ নেতৃত্বতো পাৰ কৰিছিল। তেনে এক সময়তে কপিল দেৱৰ সৈতে জড়িত এক বিশেষ ঘটনাক কেন্দ্ৰ কৰি ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ষ্টেডিয়াম ইডেন গাৰ্ডেনত নেখেলাৰ সিদ্ধান্ত লৈছিল গাভাস্কাৰে।

৬৬ বৰ্ষীয় হ’ল কপিল দেৱঃ কিয় কপিল দেৱৰ বাবে কলকাতাত নেখেলাৰ সিদ্ধান্ত লৈছিল গাভাস্কাৰে?
কপিল দেৱ আৰু সুনীল গাভাস্কাৰ
monjit-dutta
Monjit Dutta | Updated On: 06 Jan 2025 13:49 PM

কপিল দেৱ- ক্ৰিকেট বিশ্বত এই নামটিৰ পৰিচয়ৰ বহল বাখ্যাৰ কোনো প্ৰয়োজন নাই। এই নামটো নিজেই ক্ৰিকেট ইতিহাসৰ এক গৌৰৱোজ্জল অধ্যায়। এই কিংবন্তি খেলুৱৈগৰাকীৰ কান্ধত ভৰ দিয়ে উচ্চতাৰ উদিত সূৰ্য হৈ আজি ক্ৰিকেট বিশ্বত জিলিকি আছে ভাৰতীয় ক্ৰিকেট। ৰূপকথাৰ নায়কৰ দৰে সম্ভাৱনাহীন অবান্তৰ যেন কগা এতি স্বপ্নক বাস্তৱায়িত কৰি দেশক গৌৰৱৰ আনন্দেৰে উদ্ভাসিত কৰি তোলা এটি কিংবদন্তি নাম কপিল দেৱ। ভাৰতীয় ক্ৰিকেটৰ এই কিংবদন্তিগৰাকীয়ে আজি ভৰি দিলে জীৱনৰ ৬৬তম বসন্তত।

নিজ কেৰিয়াৰত কপিল দেৱে ভাৰতীয় দলত সতীৰ্থ হিচাপে লাভ কৰিছিল বহুকেইগৰাকী কিংবদন্তি তাৰকা। ইয়াৰ ভিতৰত প্ৰথমেই নাম আহিব ভাৰতীয় ক্ৰিকেটৰ আন এগৰাকী কিংবদন্তি খেলুৱৈ সুনীল গাভাস্কাৰৰ। কপিল দেৱে কেৰিয়াৰৰ কিছু সময় গাভাস্কাৰৰ নেতৃত্বতো পাৰ কৰিছিল। তেনে এক সময়তে কপিল দেৱৰ সৈতে জড়িত এক বিশেষ ঘটনাক কেন্দ্ৰ কৰি ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ষ্টেডিয়াম ইডেন গাৰ্ডেনত নেখেলাৰ সিদ্ধান্ত লৈছিল গাভাস্কাৰে।

সেয়া হৈছে ১৯৮৪ চনৰ কথা। টেষ্ট শৃংখলাৰ বাবে ভাৰত ভ্ৰমণলৈ আহিছিল ইংলেণ্ড দল। পাঁচখন মেচৰ এই টেষ্ট শৃংখলাৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন মেচত গাভাস্কাৰ নেতৃত্বাধীন ভাৰত জয়ী হয় ৮ উইকেটত। কিন্তু দিল্লীত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত ৮ উইকেটত ভাৰতক পৰাস্ত কৰে ইংলেণ্ডে। মেচখনত অধিনায়ক গাভাস্কাৰে কপিল দেৱৰ এক অসাৱধান শ্বটৰ ফল ভাৰতে ভুগিবলগা হয় বুলি অনুভৱ কৰে।

সেয়েহে কলকাতাত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী টেষ্টৰ পৰা কপিলক বাদ দিয়া হৈছিল। ১৯৭৮ চনত টেষ্ট অভিষেক ঘটোৱা কপিল দেৱে ৬৬ খন মেচৰ পিছত এইদৰে প্ৰথমবাৰ দলৰ পৰা বাদ পৰিবলগা হয়। কপিল দেৱৰ স্থানত এই মেচখনত অভিষেকৰ সুযোগ পায় মহম্মদ আজহাৰুদ্দিনে। অৱশ্যে নিজৰ এই সিদ্ধান্তৰ পৰিণাম কলকাতাত ভুগিবলগা হয় গাভাস্কাৰে। ইডেন গাৰ্ডেনত দৰ্শকৰ ক্ষোভৰ সন্মুখীনথয় ভাৰতীয় অধিনায়কগৰাকী।

আনকি কপিল নাথাকিলে টেষ্ট নহ’ব বুলিও দৰ্শকে দিয়ে হুংকাৰ। কপিলৰ অবিহনে কলকাতাত ভাৰত আৰু ইংলেণ্ডৰ এই তৃতীয়খন টেষ্টৰ অন্ত পৰিল অনিৰ্ণায়কভাৱে। অৱশ্যে পৰৱৰ্তী টেষ্টত কপিল দেৱ দললৈ ঘূৰি আহিছিল। তাৰ পিছত তেওঁ সমগ্ৰ টেষ্ট কেৰিয়াৰত আৰু কেতিয়াও দলৰ পৰা বাদ পৰা নাছিল, একেৰাহে খেলিছিল ৬৫খন মেচ। কিন্তু কলকাতাৰ এই মেচখনৰ পিছতে সুনীল গাভাস্কাৰে লয় এক দৃঢ় সংকল্প।

দৰ্শকৰ আচৰণ দেখি কলকাতাত আৰু কেতিয়াও ক্ৰিকেট নেখেলাৰ এক দৃঢ় সংকল্প গ্ৰহণ কৰে কিংবদন্তি তাৰকাগৰাকীয়ে। আৰু এই সংকল্প কাৰ্যতঃ প্ৰতিফলিত কৰি কেৰিয়াৰৰ পিছৰ সময়ছোৱা আৰু কলকাতাত নেখেলিলে সুনীল গাভাস্কাৰে। অৱশ্যে এই ঘটনাই কপিল দেৱ আৰু সুনীল গাভাস্কাৰৰ সম্পৰ্কত কোনো প্ৰভাৱ পেলোৱা নাছিল। আজিও দুয়োগৰাকী তাৰকাৰ মাজত দেখা যায় কেৰিয়াৰৰ সেই সময়ছোৱাৰ দৰেই সৌহাদ্যপূৰ্ণ সম্পৰ্ক।

Latest News