আশা পূৰণৰ সম্ভাৱনা! ৮ বছৰৰ মূৰত ভাৰতীয় দললৈ উভতিব পাৰে এইগৰাকী তাৰকা
অহা ২০ জুনৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু ইংলেণ্ডৰ এই টেষ্ট শৃংখলা। এই টেষ্ট শৃংখলাৰ প্ৰস্তুতিৰ বাবে ভাৰতীয় এ দলে মে’-জুন মাহত চাৰিদিনীয়া দুখন ৱাৰ্ম আপ খেলিব। এই ৱাৰ্ম আপ মেচ দুখনত ভাৰতীয় ক্ৰিকেট দলৰ একাংশ জ্যেষ্ঠ সদস্যৰ লগতে দীৰ্ঘদিন দলৰ পৰা আঁতৰি থকা এগৰাকী খেলুৱৈও ভাৰত ‘এ’ দলৰ অংশ হ’ব পাৰে বুলি প্ৰতিবেদন পোহৰলৈ আহিছে।

ক্ৰিকেটপ্ৰেমীৰ মাজত এতিয়া আই পি এল ২০২৫ৰ চৰ্চা। ক্ৰিকেট বিশ্বৰ এই ব্যয়বহুল প্ৰতিযোগিতাখনিৰ সামৰণিৰ পিছতে ভাৰতীয় খেলুৱৈসকল পুনৰ জড়িত হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ প্ৰস্তুতিত। আই পি এলৰ পিছত ভাৰতীয় দলে আন্তঃৰাষ্ট্ৰীয় সূচী অনুসৰি ইংলেণ্ডলৈ ৰাওনা হ’ব। অহা ২০ জুনৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু ইংলেণ্ডৰ এই টেষ্ট শৃংখলা। এই টেষ্ট শৃংখলাৰ প্ৰস্তুতিৰ বাবে ভাৰতীয় এ দলে মে’-জুন মাহত চাৰিদিনীয়া দুখন ৱাৰ্ম আপ খেলিব। এই ৱাৰ্ম আপ মেচ দুখনত ভাৰতীয় ক্ৰিকেট দলৰ একাংশ জ্যেষ্ঠ সদস্যও ভাৰত ‘এ’ দলৰ অংশ হ’ব পাৰে।
ভাৰতীয় দলে ২০০৭ চনৰ পিছত এবাৰো ইংলেণ্ডৰ মাটিত টেষ্ট শৃংখলা জয় কৰিব পৰা নাই। আগন্তুক ভ্ৰমণতে ভাৰতীয় দলে এই খৰাঙৰ অন্ত পেলাব বিচাৰিব। সেয়ে টেষ্ট শৃংখলাৰ বাবে প্ৰস্তুতি যাতে পূৰ্ণাঙ্গ ৰূপত হ’ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত এ দলত জ্যেষ্ঠ খেলুৱৈৰ অন্তৰ্ভুক্তি হ’ব পাৰে বুলি খবৰ প্ৰকাশ পাইছে। অহা ৩০ মে’ত কেণ্টাৰবেৰীৰ দ্য স্পিটফায়াৰ গ্ৰাউণ্ডত আৰু ৬ জুনত নৰ্থাম্পটনৰ কাউন্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব এই মেচ দুখন।
ইফালে এই মেচ দুখনত ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তনৰ আশাত থকা কৰুণ নায়াৰে সুযোগ লাভ কৰিব পাৰে বুলি প্ৰতিবেদন পোহৰলৈ আহিছে। ঘৰুৱা ক্ৰিকেটত দাঙি ধৰা ধাৰাবাহিকতাৰ সুবাদত নায়াৰে এইবাৰ ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটাব পাৰে বুলি চৰ্চা চলিছে আৰু ইংলেণ্ডৰ বিপক্ষে ভাৰত এ দলৰ মেচতে এইক্ষেত্ৰত নায়াৰৰ পৰীক্ষা হ’ব পাৰে। উল্লেখ্য যে ২০২৬ চনত ইংলেণ্ডৰ বিপক্ষেই টেষ্ট অভিষেক ঘটোৱা আয়াৰে ২০১৭ চনতে ভাৰতৰ হৈ অন্তিমখন মেচ খেলিছিল।
নিজৰ অভিষেক টেষ্ট শৃংখলাতে এক চমকপ্ৰদ ত্ৰিশতকীয় ইনিংছেৰে খ্যাতি অৰ্জন কৰিছিল নায়াৰে। কিন্তু ধাৰাবাহিকতা ৰক্ষাত বিফলতাৰ পিছত ২০১৭ চনত টেষ্ট দলৰ পৰা বাদ পৰে। ইয়াৰ পিছত আৰু নায়াৰক পুনৰ দেখা পোৱা নাই ভাৰতীয় দলত। কিন্তু শেহতীয়াকৈ ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন দাঙি ধৰি নায়াৰ পুনৰ ভাৰতীয় দলত স্থান লাভৰ দাবীদাৰ হৈ উঠিছে।
২০২৪-২৫ ছিজনৰ বিজয় হাজাৰে ট্ৰফীত বিদৰ্ভৰ হৈ কৰুণ নায়াৰে ৭ টা ইনিংছত ৫ টা শতকসহ ৭৫২ ৰাণ সংগ্ৰহ কৰি ৭৫২ অভিলেখ সৃষ্টি কৰে। আনহাতে চৈয়দ মুস্তাক আলী ট্ৰফীতো তেওঁ ৬ খন মেচত ২৫৫ ৰান কৰে। সমান্তৰালকৈ ৰঞ্জী ট্ৰফীতো এই দুৰন্ত প্ৰদৰ্শন অব্যাহত ৰাখি নায়াৰে ৯খন মেচত ৪ শতক আৰু ২টা অৰ্ধশতকসহ ৫৪ গড়ে ৮৬৩ ৰান সংগ্ৰহ কৰে আৰু বিদৰ্ভৰ তৃতীয়টো ৰঞ্জী খিতাপ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লয়।
তদুপৰি ইংলেণ্ডৰ কাউন্টি ক্ৰিকেটতো কৰুণ নায়াৰে চমপ্ৰদ প্ৰদৰ্শনেৰে নৰ্থাম্পটনশ্বাইৰৰ হৈ দুটা শতক অৰ্জন কৰিছিল। এনে ধাৰাবাহিক প্ৰদৰ্শনৰ পিছত নায়াৰৰ সম্ভাৱ্য প্ৰত্যাৱৰ্তনৰ খবৰ আলোচিত হৈ আহিছে। স্বাভাৱিকতেই নিৰ্বাচক সমিতিয়েও এনে প্ৰদৰ্শনৰ পিছত নায়াৰৰ ওপৰত চকু ৰাখিছে আৰু যদি প্ৰকাশিত খবৰ সঁচা হয়, আগন্তুক ইংলেণ্ডৰ বিপক্ষে টেষ্ট শৃংখলাতে ভাৰতীয় জাৰ্চিত পুনৰ দেখা যাব পাৰে কৰুণ নায়াৰক।