5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মনু ভাকেৰ, ডি গুকেশলৈ খেলৰত্ন বঁটা, তালিকাত আৰু কাৰ কাৰ নাম?

পেৰিছ অলিম্পিকত দেশৰ হৈ দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰা শ্বুটাৰ মনু ভাকেৰক প্ৰদান কৰা হ'ব খেলৰত্ন বঁটা প্ৰদান কৰা হ'ব। তেওঁৰ লগতে বিশ্ব চেম্পিয়ন দবা খেলুৱৈ ডি গুকেশকো খেলৰত্ন প্ৰদান কৰা হ'ব।

মনু ভাকেৰ, ডি গুকেশলৈ খেলৰত্ন বঁটা, তালিকাত আৰু কাৰ কাৰ নাম?
মনু ভাকেৰ, ডি গুকেশলৈ খেলৰত্ন বঁটা
trishna-kalita
Trishna Kalita | Updated On: 02 Jan 2025 15:23 PM

পেৰিছ অলিম্পিকত দেশৰ হৈ দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰা শ্বুটাৰ মনু ভাকেৰক  প্ৰদান কৰা হ’ব খেলৰত্ন বঁটা। তেওঁৰ লগতে বিশ্ব চেম্পিয়ন দবা খেলুৱৈ ডি গুকেশকো খেলৰত্ন প্ৰদান কৰা হ’ব। পূৰ্বে খবৰ পোৱা গৈছিল যে খেলৰত্নৰ বাবে মনু ভাকেৰৰ নাম বাছনি কৰা হোৱা নাই। কিন্তু এতিয়া সেই সকলোবোৰ খবৰক খাৰিজ কৰি কিংবদন্তি খেলুৱৈগৰাকীয়ে লাভ কৰিব দেশৰ আটাইতকৈ ডাঙৰ ক্ৰীড়া বঁটা ।

পেৰিছ অলিম্পিকত মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত বঞ্জৰ পদত লাভ কৰিছিল মনু ভাকেৰে । ইয়াৰ লগতে পদক জয় কৰা ভাৰতৰ প্ৰথম গৰাকী মহিলা হিচাপে ইতিহাস সৃষ্টি কৰিছিল মনুই । একেদৰে এই অলিম্পিকতে পুৰুষ সতীৰ্থ সৰৱজোৎ সিঙৰ সৈতে ১০ মিটাৰ এয়াৰ পিষ্টলৰ দলীয় প্ৰতিযোগিতাত পুনৰ বঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল মনু ভাকেৰে । ইফালে ২০২২ চনৰ এছিয়ান গেমছত ২৫ মিটাৰ পিষ্টল ইভেণ্টত সোণৰ পদক লাভ কৰিছি মনু ভাকেৰে ।

ডি গুকেশলৈও খেলৰত্ন

দবা খেলুৱৈ ডি গুকেশকো খেলৰত্ন বঁটাৰে সন্মানিত কৰা হ’ব।  বিগত মাহৰ ১২ ডিচেম্বৰত দবা জগতৰ বিশ্ব চেম্পিয়ন হোৱাৰ গৌৰৱ লাভ কৰিছিল গুকেশে। ছিংগাপুৰত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত গুকেশে চীনৰ ডিং লিৰেনক পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। তেওঁ মাত্ৰ ১৮ বছৰ বয়সত বিশ্ব চেম্পিয়ন হৈছিল, যি হৈছে এক বিশ্ব অভিলেখ।

হৰমনপ্ৰীত সিং আৰু প্ৰবীণ কুমাৰেও লাভ কৰিব খেলৰত্ন

হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিং আৰু পেৰালিম্পিকৰ স্বৰ্ণ পদক বিজয়ী প্ৰবীণ কুমাৰকো খেলৰত্ন বঁটা প্ৰদান কৰা হ’ব। হৰমনপ্ৰীত সিঙৰ অধিনায়কত্বত ভাৰতীয় দলে একেৰাহে দ্বিতীয়বাৰৰ বাবে অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। হাই জাম্প T64 ইভেণ্টত প্ৰবীণ কুমাৰে দেশৰ হৈ সোণৰ পদক জিকিছিল। প্ৰবীণ কুমাৰে এছিয়ান অভিলেখ ভংগ কৰি অৰ্জন কৰিছিল এই কৃতিত্ব ।

Latest News