Kho Kho World Cup 2025: খো-খো বিশ্বকাপত ভাৰতৰ জয়, পুৰুষ আৰু মহিলা দলৰ প্ৰদৰ্শনত গৌৰৱান্বিত দেশবাসী…
Kho Kho World Cup 2025: খো খো বিশ্বকাপত বিজয়ৰ খিতাপ দখল ভাৰতীয় পুৰুষ দলটোৰ। সমান্তৰালভাৱে মহিলা খো খো দলটোৱেও প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।
খো খো বিশ্বকাপ-২০২৫ (Kho Kho World Cup 2025) ত খিতাপ দখল ভাৰতৰ। দিল্লীৰ ইন্দিৰা গান্ধী ইন্দোৰ ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল খো খো বিশ্বকাপ। এই প্ৰতিযোগিতাত ভাৰতৰ হৈ পুৰুষ আৰু মহিলা দলটোৱে শক্তিশালী প্ৰদৰ্শন কৰে আৰু দুয়োটা দলেই জয়ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়। ভাৰতীয় খো খোৰ মহিলা দলটোৱে নেপালত পৰাস্ত কৰি বিজয়ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত ভাৰতীয় পুৰুষৰ দলটোৱেও শক্তিশালী প্ৰদৰ্শন কৰে আৰু বিজয়ৰ খিতাপ দখল কৰে।
পুৰুষৰ খো-খো বিশ্বকাপৰ চূড়ান্ত খেলখন ভাৰত আৰু নেপালৰ দলৰ মাজত অনুষ্ঠিত হৈছিল। এই খেলত ভাৰতৰ পুৰুষ দলটোৱে জয়ৰ খিতাপ লাভ কৰে। উল্লেখ্য যে, প্ৰতিযোগিতাৰ প্ৰথম খেল খনো ভাৰত আৰু নেপালৰ (পুৰুষ) মাজতে অনুষ্ঠিত হৈছিল। সেই সময়তো ভাৰতে জয় লাভ কৰিছিল।
ফাইনেল খেল
এই খেলত ভাৰতীয় দলটোৱে নেপালক ৫৪-৩৬ ৰ ব্যৱধানত পৰাস্ত কৰে। ফাইনেলত নেপালে টচত জয়ী হৈ ডিফেণ্ড কৰাৰ সিদ্ধান্ত লয়। কিন্তু ভাৰতীয় দলটোৱে প্ৰথমৰ পৰাই শক্তিশালী প্ৰদৰ্শন কৰে। ১ নং টাৰ্ণত এটেক কৰি ভাৰতীয় দলটোৱে মুঠ ২৬ পইণ্ট লাভ কৰে। ২ নং টাৰ্ণত এটেক কৰিবলৈ চেষ্টা কৰাৰ সময়তে নেপালৰ দলটোৱে ১৮ পইণ্ট লাভ কৰিবলৈ সক্ষম হয়। এনে সময়চোৱাত ভাৰতীয় দলটোৱে ৮ পইন্টৰ অগ্ৰগতি লাভ কৰে। ইয়াৰ পাছত ৩ নম্বৰ টাৰ্ণত টিম ইণ্ডিয়াই ৫৪ পইণ্টৰ পৰিসংখ্যা স্পৰ্শ কৰি ২৬ পইণ্টৰ অগ্ৰগতি লাভ কৰে। শেষৰ টাৰ্ণত নেপালে ৮ পইণ্ট লাভ কৰে। এনেকৈ শেষত ভাৰতীয় দলটোৱে জয়লাভ কৰিবলৈ সক্ষম হয়।
পুৰুষৰ দল
পুৰুষৰ খো খো বিশ্বকাপৰ দলটোত মুঠ ২০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। ভাৰতীয় দলটো নেপাল, পেৰু, ব্ৰাজিল আৰু ভূটানৰ সৈতে গ্ৰুপ A ত আছিল। প্ৰতিখন মেচতে ভাৰতীয় দলটোৱে জয়লাভ কৰিবলৈ সক্ষম হৈছিল। ভাৰতীয় দলটোৱে নেপালক ৪২-৩৭ গ’লত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ আৰম্ভণি কৰে। ইয়াৰ পিছত ব্ৰাজিল ৬৪-৩৪ ত পৰাস্ত কৰে। লগতে পেৰুক ৭০-৩৮ পৰাস্ত কৰি ভূটানক ৭১-৩৪ পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে।
ইয়াৰ বিপৰীতে নকআউট মেচতো একপক্ষীয়ভাৱে জয়লাভ কৰে টিম ইণ্ডিয়াই। কোৱাৰ্টাৰ ফাইনেলত ইণ্ডিয়াই শ্ৰীলংকাক ১০০-৪০ পৰাস্ত কৰে আৰু ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৬০-১৮ গ’লত জয়লাভ কৰে। প্ৰতিখন খেলতে শক্তিশালী প্ৰদৰ্শন কৰি পুৰুষ খো খো দলটোৱে বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়।
মহিলা খো খো দল
ইয়াৰ বিপৰীতে মহিলা খো খো দলটোৱেও খো খোৰ বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। একপক্ষীয়ভাৱে ৩৮ পইণ্টত নেপালক পৰাস্ত কৰি দলটোৱে জয়লাভ কৰে। খেলৰ আৰম্ভণিৰ পৰা শক্তিশালী প্ৰদৰ্শন কৰা মহিলা দলটোৱে নেপালক ৭৮-৪০ত পৰাস্ত কৰে।
উল্লেখ্য যে, ১৩ জানুৱাৰীৰ পৰা নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল খো খো বিশ্বকাপ। প্ৰথমখন খেলতেই ভাৰতীয় মহিলা দলটোৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১৭৬ পইন্ট লাভ কৰি জয় সাব্যস্ত কৰিছিল। পৰৱৰ্তী সময়তো শক্তিশালী প্ৰদৰ্শন কৰি ফাইনেলত বিজয়ৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ভাৰতীয় মহিলা দলটো।