KKR vs GT Live Score, IPL 2025: চূড়ান্ত ব্যৰ্থতা! ঘৰৰ মাটিত হাৰ মানিলে কলকাতাইঃ আগ্ৰাসী দৌৰ অব্যাহত গুজৰাটৰ
Kolkata Knight Riders vs Gujarat Titans, Live Score in Assamese: হতাশাজনক প্ৰদৰ্শনেৰে ঘৰৰ মাটিতে পৰাজয়ৰ সন্মুখীন হৈছে কলকাতা নাইট ৰাইডাৰ্ছ। ঘৰুৱা দলটোক ৩৯ ৰানত পৰাস্ত কৰি গুজৰাট টাইটানছে ছিজনত ষষ্ঠ জয়ৰ সোৱাদ লাভ কৰে আৰু প্লে’ অফৰ দিশত আৰু এটা খোজ আগবঢ়ায়।

আই পি এল ২০২৫ৰ আজি ৩৯ সংখ্যক মেচ। ডিফেণ্ডিং চেম্পিয়ন কলকাতাই ঘৰুৱা খেলপথাৰ ইডেন গাৰ্দেনত আজি প্ৰতিদ্বন্দিতা আগবঢ়াব চলিত ছিজনৰ শীৰ্ষস্থানৰ দল গুজৰাট টাইটানছৰ। কলকাতাই নিজৰ শেহতীয়া মেচত পৰাজয়ৰ ব্যথা লৈ আজিৰ মেচত নমাৰ পৰিৱৰ্তে গুজৰাটে নিজৰ শেহতীয়া মেচখনত এই ছিজনত ধাৰাবাহিকতা দেখুওৱা আন এটা দল দিল্লী কেপিটেলছক পৰাস্ত কৰিছিল। জ’ছ বাটলাৰৰ শতকৰ সহায়েৰে গুজৰাটে মেচখনত অতিক্ৰম কৰিছিল দুই শতাধিক ৰানৰ লক্ষ্য। অৱশ্যে কলকাতাই ঘৰুৱা খেলপথাৰত গুজৰাটক তীক্ষ্ণ প্ৰতিদ্বন্দিতা আগবঢ়াব। ছিজনত ধাৰাবাহিকতা দেখুওৱাত ব্যৰ্থ হ’লেও কলকাতাই আজি নিজৰ ঘৰত জয়ৰ পথলৈ উভতিবলৈ বিচাৰিব।
কিন্তু কলকাতাৰ এই লক্ষ্যত নিশ্চিতভাৱে বাধা হ’ব দলৰ প্ৰাক্তন সদস্য শুভমন গিল। চাৰিটা ছিজনত দলটোক প্ৰতিনিধিত্ব কৰা গিল আজি প্ৰথমবাৰৰ বাবে এগৰাকী অধিনায়ক হিচাপে নিজৰ পূৰ্বৰ দলটোৰ বিপক্ষে অৱতীৰ্ণ হ’ব। গতিকে আজি পুৰণি ঘৰৰ বাবে গিলৰো হ’ব কঠিন প্ৰতীক্ষা।
LIVE NEWS & UPDATES
-
গুজৰাটৰ সহজ জয়
বেটিঙৰ পিছত বলিঙতো উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি কলকাতাক ঘৰৰ মাটিতে পৰাস্ত কৰিছে গুজৰাটে। চলিত ছিজনত সফলতাৰ দৌৰ অব্যাহত ৰাখি শীৰ্ষস্থানৰ দলটোৱে ইডেনত অনুষ্ঠিত মেচখনত ৩৯ ৰানত জয়লাভ কৰে। জয়ৰ বাবে ১৯৯ ৰানৰ লক্ষ্য অনুসৰণ কৰি কলকাতাই ৮ উইকেটৰ বিনিময়ত ১৫৯ ৰানতে থমকি ৰয় আৰু ক্ৰমাগত দ্বিতীয়খন মেচত পৰাজয়ৰ সন্মুখীন হয়।
-
নিশ্চিত পৰাজয়ৰ গ্ৰাসত কলকাতা
পৰাজয় নিশ্চিত হৈ পৰিছে কলকাতাৰ। অন্তিম অভাৰত দলটোক জয়ৰ বাবে অভাৱনীয় ৪৮ ৰানৰ প্ৰয়োজন হয়। অভাৰটোৰ প্ৰথমটো বলতে অভিজ্ঞ ঈশান্ত শৰ্মাই বিদায় দিয়ে ৰিংকু সিঙক।
-
প্ৰসিধৰ দুই উইকেট
একেটা অভাৰতে দুটাকৈ উইকেট দখল কৰি ছিজনত নিজৰ চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত ৰাখিছে প্ৰসিধ কৃষ্ণই। তিনিটা বলৰ ব্যৱধানত প্ৰসিধে বিদায় দিছে ৰমনদীপ সিং আৰু মঈন আলীক। দুয়ো কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে ক্ৰীজ এৰে।
-
ৰাছেলৰ বিদায়
ঘৰৰ মাটিতে পৰাজয়ৰ শংকাত ভুগিছে কলকাতাই। প্ৰয়োজনীয় সময়ত দলটোৱে হেৰুৱাইছে আন্দ্ৰে ৰাছেলৰ গুৰুত্বপূৰ্ণ উইকেট। ১৫টা বলত ২১ ৰান সংগ্ৰহ কৰি ৰছিদ খানৰ বলত ষ্টাম্পিং আউট হয় ৰাছেল।
-
অন্তিম ৫ অভাৰত প্ৰয়োজন ৮৫ ৰানৰ
১৫ অভাৰৰ সমাপ্তিলৈ কলকাতাই সংগ্ৰহ কৰিছে ১৪৪ ৰান। হাতত ৬টা উইকেট বাকী থকা অৱস্থাত অন্তিম ৫ অভাৰত দলটোক এতিয়া ৮৫ ৰানৰ প্ৰয়োজন।
-
অৰ্ধশতকৰ পিছতে ৰাহানেৰ বিদায়
সতীৰ্থৰ ব্যৰ্থতাৰ মাজতো অধিনায়কোচিত বেটিঙেৰে দলৰ ইনিংছ আগুৱাই নিছিল ৰাহানেই। কিন্তু ৱাশ্বিংটন সুন্দৰে চতুৰতাৰে ৰাহানেক দেখুৱাইছে পেভিলিয়নৰ পথ। নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰিয়েই ৰাহানেই এৰিছে ক্ৰীজ।
-
আয়াৰ ব্যৰ্থ
বৃহৎ লক্ষ্য অনুসৰণ কৰি তৃতীয় আঘাতৰ সন্মুখীন হৈছে কলকাতা। ভেংকটেশ আয়াৰে ১৯টা বলত মাত্ৰ ১৪ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতিছে। ছাই কিশোৰৰ বলত সুন্দৰৰ হাতত কেচ তুলি দি বিদায় লৈছে আয়াৰে।
-
১০ অভাৰত সংগ্ৰহ ৬৮ ৰান
মন্থৰ গতিৰে আগবাঢ়িছে কলকাতাৰ ইনিংছ। ১০ অভাৰৰ অন্তত কলকাতাই ২ উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে ৬৮ ৰান। অন্তিম ১০ অভাৰত দলটোক জয়ৰ বাবে ১৩১ ৰানৰ প্ৰয়োজন।
-
ৰছিদে বিদায় দিলে নাৰাইণক
ঘৰুৱা মাটিত দলক এক আক্ৰমণাত্মক আৰম্ভণি দিয়াত বিফল হ’ল সুনীল নাৰাইণ। ১৩টা বলত মাত্ৰ ১৭ ৰান সংগ্ৰহ কৰি নাৰাইণে ৰছিদ খানৰ বলত তেৱাটিয়াৰ হাতত কেচ তুলি দি বিদায় লয়।
-
প্ৰথম মেচতে ব্যৰ্থ গুৰবাজ
চলিত ছিজনত প্ৰথমবাৰৰ বাবে আজি খেলাৰ সুযোগ লাভ কৰিছিল ৰহমনুল্লাহ গুৰবাজে। পিছে প্ৰথম মেচতে তেওঁ দেখিছে ব্যৰ্থতাৰ মুখ। ইনিংছৰ প্ৰথম অভাৰৰ পঞ্চম বলতে গুৰবাজক (১) বিদায় দিয়ে চিৰাজে।
-
গুজৰাটে দিলে ১৯৯ ৰানৰ লক্ষ্য
অন্তিম অভাৰত বাটলাৰ আৰু শ্বাহৰুখে সংগ্ৰহ কৰা ১৮ ৰানৰ সুবাদত গুজৰাটে ইনিংছৰ সমাপ্তিলৈ সংগ্ৰহ কৰে ১৯৮ ৰান। এইদৰে ঘৰুৱা দলটোৱে জয়ৰ বাবে লাভ কৰিছে ১৯৯ ৰানৰ লক্ষ্য।
-
তেৱাটিয়া ব্যৰ্থ
কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে পেভিলিয়নলৈ উভতিছে ৰাহুল তেৱাটিয়া। হৰ্ষিত ৰাণাৰ বলত ৰমনদীপ সিঙৰ হাতত কেচ তুলি দি বিদায় লয় বাওঁহতীয়া বেটাৰগৰাকীয়ে।
-
শতক বঞ্চিত গিল
নাৰ্ভাচ নাইণ্টিৰ চিকাৰ হৈছে শুভমন গিল। অধিনায়কোচিত বেটিঙেৰে গিলে ১০টা চাৰি আৰু ৩টা চাৰিৰে ৫৫টা বলত ৯০ ৰানৰ অৱদান আগবঢ়ায়। ইনিংছৰ ১৮ সংখ্যক অভাৰত গিলক বিদায় দিয়ে বৈভৱ আৰোৰাই।
-
জীৱনদান পালে বাটলাৰে
ব্যক্তিগত ১৭ ৰানত জীৱনদান পাইছে জ’ছ বাটলাৰে। হৰ্ষিত ৰাণাৰ বলত এক সহজ কেচ ড্ৰপ কৰিছে বৈভৱ আৰোৰাই। আৰম্ভণিৰ পৰা আক্ৰমণাত্মক শৈলী গ্ৰহণ কৰা বাটলাৰৰ কেচ ড্ৰপে কলকাতাৰ শিবিৰত সৃষ্টি কৰিছে চাপৰ।
-
সুদৰ্শনৰ বিদায়
দলক এক সবল স্থিতি প্ৰদান কৰাৰ পিছত বিদায় লৈছে ছাই সুদৰ্শনে। ব্যক্তিগত ৫২ ৰানৰ স্ক’ৰত সুদৰ্শনক বিদায় দিয়ে আন্দ্ৰে ৰাছেলে।
-
সুদৰ্শনৰো অৰ্ধশতক
আই পি এল ২০২৫ত স্বপ্নৰ দৌৰ অব্যাহত আছে ছাই সুদৰ্শনৰ। ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি যুৱ তাৰকাগৰাকীয়ে ৩৩টা বলত নিজৰ অৰ্ধশতক পূৰ কৰিছে। চলিত ছিজনত এয়া তেওঁৰ চতুৰ্থ অৰ্ধশতক।
-
গিলৰ অৰ্ধশতক
গিল আৰু সুদৰ্শনে পুনৰ এবাৰ দলক দৰ্শনীয় আৰম্ভণি প্ৰদান কৰিছে। তাৰ মাজতে অধিনায়ক গিলে ৩৪টা বলত সম্পূৰ্ণ কৰিছে নিজৰ অৰ্ধশতক।
-
পাৱাৰ প্লে’ত সংগ্ৰহ ৪৫ ৰান
গুজৰাটৰ বেটিং বিভাগৰ প্ৰধান শক্তি দুই অপেনাৰদ্বয় গিল আৰু সুদৰ্শনে ধৈৰ্যশীল বেটিঙেৰে আগবঢ়াই নিছে দলৰ ইনিংছ। প্ৰথম ছয় অভাৰত দুয়ো ৪৫ ৰান যোগ দিয়ে। ইয়াৰ পিছত সপ্তম অভাৰত মঈন আলীৰ প্ৰথম ৩টা বলত গিলে ক্ৰমাগতভাৱে এটা ছয় আৰু দুটা চাৰি কোবাই স্ক’ৰ ৫৯ ৰানলৈ নিয়ে।
-
বৈভৱৰ সফল আৰম্ভণি
নিয়ন্ত্ৰিত বলিঙেৰে মেচৰ আৰম্ভণি ঘটাইছে বৈভৱ অৰোৰাই। প্ৰথম অভাৰত তেওঁ খৰচ কৰিছে মাত্ৰ চাৰি ৰান। দলৰ হৈ দ্বিতীয় অভাৰত বলিং কৰিছে মঈন আলীয়ে।
-
গুজৰাট টাইটানছৰ মূল একাদশ
গুজৰাট টাইটানছ দলতো আজি দেখা গৈছে পৰিৱৰ্তন। দলৰ মূল একাদশ হ’ব এনেধৰণৰ- ছাই সুদৰ্শন, শুভমন গিল (অধিনায়ক), জ’ছ বাটলাৰ, শ্বেৰফানে ৰাডাৰফৰ্ড, ৰাহুল তেৱাটিয়া, ৱাশ্বিংটন সুন্দৰ, শ্বাহৰুখ খান, ৰছিদ খান, ৰবিশ্ৰীনিবাসন ছাই কিশোৰ, প্ৰসিধ কৃষ্ণ, মহম্মদ চিৰাজ।
-
কলকাতা নাইট ৰাইডাৰ্ছৰ মূল একাদশ
কলকাতা নাইট ৰাইডাৰ্ছৰ মূল একাদশত আজি পৰিৱৰ্তন দেখা গৈছে। ছিজনত প্ৰথমবাৰৰ বাবে খেলাৰ সুযোগ পাইছে ৰহমনুল্লাহ গুৰবাজে। দলটোে মূল একাদশ- ৰহমনুল্লাহ গুৰবাজ, সুনীল নাৰাইণ, আজিংক্যা ৰাহানে (অধিনায়ক), ভেঙ্কটেশ আয়াৰ, ৰিংকু সিং, মঈন আলী, আন্দ্ৰে ৰাছেল, ৰমনদীপ সিং, হৰ্ষিত ৰাণা, বৈভৱ অৰোৰা, বৰুণ চক্ৰৱৰ্তী।
-
ৰাহানেই ল’লে বলিঙৰ সিদ্ধান্ত
ঘৰুৱা খেলপথাৰ ইডেনত টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক আজিংক্যা ৰাহানেই। অৰ্থাৎ আজিৰ মেচত লক্ষ্য অনুসৰণৰ ৰণকৌশলেৰে আজি মেচত নামিব কলকাতা।
Published On - Apr 21,2025 7:03 PM