KKR vs LSG Live Score, IPL 2025: ইডেনৰ বুকুত ‘নৱাবী’ জয় লক্ষ্ণৌৰ: বিফল হ’ল ৰিংকুৰ চেষ্টা
Kolkata Knight Riders vs Lucknow Super Giants Live Score in Assamese: ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মাজত আজি অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ ২১ সংখ্যক মেচ। কিছু সময় পিছতে বিয়লি ৩.৩০ বজাৰ পৰা কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব এই মেচখন। দুয়োটা দলে ছলিত ছিজনত এইপৰ্যন্ত চাৰিখনকৈ মেচ খেলিছে আৰু দুখন মেচত জয়ী হোৱাৰ বিপৰীতে সমসংখ্যক মেচত পৰাস্ত হৈছে।

ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মাজত আজি অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ ২১ সংখ্যক মেচ। কিছু সময় পিছতে বিয়লি ৩.৩০ বজাৰ পৰা কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব এই মেচখন। দুয়োটা দলে ছলিত ছিজনত এইপৰ্যন্ত চাৰিখনকৈ মেচ খেলিছে আৰু দুখন মেচত জয়ী হোৱাৰ বিপৰীতে সমসংখ্যক মেচত পৰাস্ত হৈছে। অৱশ্যে উন্নত ৰান ৰেটৰ বাবে লক্ষ্ণৌতকৈ এটা স্থান ওপৰত আছে কলকাতা। লক্ষ্ণৌ ষষ্ঠ স্থানত থকাৰ বিপৰীতে কলকাতা আছে পইণ্ট তালিকাৰ পঞ্চম স্থানত। দুয়োটা দলে শেহতীয়া মেচখনত জয়ৰ মনোবলেৰে আজিৰ মেচত নামিব। গতিকে আজিৰ মেচখনত জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে প্ৰতিদ্বন্দিতাত নামিব কলকাতা আৰু লক্ষ্ণৌ।
LIVE NEWS & UPDATES
-
লক্ষ্ণৌৱে ৪ ৰানত পৰাস্ত কৰে কলকাতাক
লক্ষ্ণৌৱে ৪ ৰানত পৰাস্ত কৰে কলকাতাক । ২০ অভাৰত ৭ উইকেট হেৰুৱা ২৩৪ ৰান সংগ্ৰহ কৰে কেকেআৰে ।
-
৬ টা বলত ২৪ ৰানৰ প্ৰয়োজন
কেকেআৰক জয়ৰ বাবে ৬ টা বলত ২৪ ৰানৰ প্ৰয়োজন । ৭ টা উইকেট হেৰুৱা ২১৫ ৰান সংগ্ৰহ কেকেআৰৰ ।
-
১০ টা বল লাগে ২৮ ৰান
কেকেআৰক জয়ৰ বাবে ১০ টা বল লাগে ২৮ ৰান । ষ্টাইকত ৰিংকু সিং ।
-
ৰাছেল আউট
আন্দ্ৰে ৰাছেল আউট। শাৰদুল ঠাকুৰে ৭ ৰানৰ স্ক’ৰত তেওঁক আউট কৰে।
-
বিজয়ৰ পূৰ্বে কেকেআৰত দুৰ্যোগ
একেৰাহে উইকেট হেৰুৱাইছে কেকেআৰে। দলটোৱে যি গতিৰে আগবাঢ়িছিল, তাৰ লগে লগে নাইটছ জয়ৰ প্ৰায় ওচৰ চাপিছিল । ১৫ অভাৰৰ অন্তত ৫ উইকেট হেৰুৱাই ১৭৩ ৰান সংগ্ৰহ কৰে কেকেআৰে। ৩০টা বল বাকী থকা অৱস্থাত কেকেআৰে জয়ী হ’বলৈ ৬৬ ৰান সংগ্ৰহ কৰিব লাগিব। ১৫ অভাৰৰ অন্তিম বলত অংগকৃষ ৰঘুবংশীৰ উইকেট দখল কৰে আৱেশ খানে। ঋষভ পন্তৰ এক উজ্জ্বল কেচ।
-
আৱেশ খানৰ বাবে ডাঙৰ সফলতা
৫ ৰানত আউট ৰঘুবংশী। আৱেশ খানৰ বাবে ডাঙৰ সফলতা। এতিয়া কেকেআৰক পাঁচ অভাৰত ৬৬ ৰানৰ প্ৰয়োজন।
-
কলকাতাৰ তৃতীয় আঘাত
১৩ নং অভাৰত শাৰদুল ঠাকুৰে ৫টা ৱাইডেৰে ১১টা বল কৰে। কিন্তু অভাৰৰ অন্তিম বলত তেওঁ অজিংক্য ৰাহানেৰ উইকেট দখল কৰে। তৃতীয়টো বিপৰ্যয়ৰ সন্মুখীন হৈছে কলকাতা। ৰাহানে ৩৫টা বলত ৬১ ৰান সংগ্ৰহ কৰে। কলকাতাই ৩টা উইকেট হেৰুৱাই ১৬২ ৰান সংগ্ৰহ কৰিছে।
-
একেৰাহে ৫ টা ৱাইড
১৩ অভাৰত বেয়া আৰম্ভণি কৰিছে শাৰদুল ঠাকুৰে। তেওঁ একেৰাহে ৫টা ৱাইড বল কৰিছে। ১২ অভাৰৰ পিছত কলকাতাৰ স্ক’ৰ ২ উইকেট হেৰুৱাই ১৫৪ ৰান।
-
১০ অভাৰৰ অন্তত কলকাতাৰ ৰান
১০ অভাৰৰ খেল সম্পূৰ্ণ হৈছে। ২টা উইকেট হেৰুৱাই ১২৯ ৰান সংগ্ৰহ কৰিছে কলকাতাই। ১৩টা বলত ২৪ ৰান আৰু ২৫টা বলত ৪৭ ৰান সংগ্ৰহ কৰি ক্ৰীজত উপস্থিত ভেংকটেশ-আয়াৰ।
-
ৰাহানেৰ অৰ্ধশতক
অধিনায়কোচিত বেটিঙেৰে কলকাতাৰ ইনিংছ আগুৱাই নিছে আজিংক্যা ৰাহানেই। আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক শৈলী গ্ৰহণ কৰা ৰাহানেই মাত্ৰ ২৬ বলতে ৭টা চাৰি আৰু ২টা ছয়েৰে অৰ্ধশতক পূৰ কৰে।
-
দিগৱেশে বিদায় দিলে নাৰাইণক
লক্ষ্ণৌৰ বিগত মেচখনৰ মেচৰ শ্ৰেষ্ঠ দিগৱেশ সিং ৰাঠীয়ে আজি বল হাতত লৈ দ্বিতীয়টো বলতে সফলতা লাভ কৰিছে। ৰাঠীয়ে বিদায় দিয়ে সুনীল নাৰাইণক (৩০)।
-
ছয় অভাৰত ৯০ ৰান কলকাতাৰ
আক্ৰমণাত্মক শৈলী অব্যাহত ৰাখি মাত্ৰ ছয় অভাৰতে ৯০ ৰান সংগ্ৰহ কৰিছে কলকাতাই। ক্ৰীজত নাৰাইণে ১২টা বলত ৩০ ৰান আৰু ৰাহানেই ১৫টা বলত ৩৫ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ আছে।
-
ক’কৰ বিদায়
নিজ স্পেলৰ দ্বিতীয় অভাৰত সফলতা লাভ কৰিছে আকাশ দীপে। অভাৰৰ তৃতীয় বলত তেওঁ পেভিলিয়নৰ পথ দেখুৱাইছে কুইণ্টন ডি ক’কৰ। ক’কে সংগ্ৰহ কৰে ৯টা বলত ১৫ ৰান।
-
কলকাতাৰো বিস্ফোৰক আৰম্ভণি
বিস্ফোৰক আৰম্ভণি ঘটাইছে কলকাতাৰ অপেনাৰদ্বয় নাৰাইণ আৰু ক’কে। দুয়ো মাত্ৰ দুটা অভাৰতে সংগ্ৰহ কৰিছে ৩১ ৰান।
-
ক্ৰীজত ক’ক-নাৰাইণ
২৩৯ ৰানৰ বিশাল লক্ষ্য অনুসৰণ কৰি কলকাতাৰ হৈ ক্ৰীজত নামিছে অপেনাৰদ্বয় কুইণ্টন ডি ক’ক আৰু সুনীল নাৰাইণ। আনহাতে লক্ষ্ণৌৰ হৈ বলিং আৰম্ভ কৰিছে আকাশ দীপে।
-
২৩৯ ৰানৰ লক্ষ্য দিলে লক্ষ্ণৌৱে
ঘৰৰ মাটিত লক্ষ্ণৌৰ বেটিং বিক্ৰমত বিধ্বস্ত হৈ পৰিল কলকাতাৰ বেটিং লাইন আপ। ছয়-চাৰিৰ বৰষুণ তুলি লক্ষ্ণৌৱে ৩টা উইকেট হেৰুৱাই ২৩৮ ৰানৰ বিশাল স্ক’ৰ থিয় কৰায়। মাত্ৰ ৩৬টা বলত ৮৭ ৰান সংগ্ৰহেৰে অপৰাজিত থাকে নিকোলাছ পুৰাণ।
-
ৰাণাৰ হাতলৈ দ্বিতীয় সফলতা
আন বেটাৰে ৰান পালেও ব্যৰ্থ হৈছে আব্দুল ছামাদ। হৰ্ষিত ৰাণাই কৰা ইনিংছৰ ১৯ সংখ্যক অভাৰৰ প্ৰথমটো বলতে ছামাদে এটা বাউণ্ডেৰী কোবাই যদিও পৰৱৰ্তী বলতে ৰাণাই তেওঁক পেভিলিয়নৰ পথ দেখুৱায়।
-
ৰাছেল বিধ্বস্ত
নিজৰ দ্বিতীয় অভাৰত সতীৰ্থ পুৰাণৰ তাণ্ডৱত বিধ্বস্ত হৈ পৰিছে আন্দ্ৰে ৰাছেল। পুৰাণে ৰাছেলে কৰা ইনিংছৰ ১৮ সংখ্যক অভাৰত ২টা ছয় আৰু ৩টা চাৰিৰে ২৪ ৰান সংগ্ৰহ কৰে।
-
পুৰাণৰ অৰ্ধশতক
স্বভাৱসিদ্ধ বেটিঙেৰে ইডেনত বাউণ্ডেৰীৰ বৰষুণ তুলিছে নিকোলাছ পুৰাণে। মাত্ৰ ২১টা বলতে পুৰাণে দুটা চাৰি আৰু ছয়টা ছয়েৰে নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে।
-
মাৰ্শ্বক বিদায় দিলে ৰাছেলে
বল হাতত লৈয়ে সফলতা লাভ কৰিলে আন্দ্ৰে ৰাছেলে। নিজৰ দ্বিতীয়টো বলতে ৰাছেলে বিদায় দিয়ে মাৰ্শ্বক। মাত্ৰ ৪৮টা বলত ৬টা চাৰি আৰু ৫টা ছয়েৰে মাৰ্শ্বে সংগ্ৰহ কৰে ৮১ ৰান।
-
মাৰ্শ্বৰ আন এক অৰ্ধশতক
আই পি এল ২০২৫ত অব্যাহত আছে মাৰ্শ্বৰ উন্নত প্ৰদৰ্শন। ছিজনৰ চতুৰ্থটো অৰ্ধশতক সম্পূৰ্ণ কৰিছে মাৰ্শ্বে। ৩৬টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰি মাৰ্শ্বে দলৰ ইনিংছক গতি প্ৰদান কৰিছে।
-
ভংগ হ’ল অপেনিং যুটি
দলক এক শক্তিশালী আৰম্ভণি দিয়াৰ পিছত হৰ্ষিত ৰাণাৰ বলত নিজৰ উইকেট হেৰুৱাইছে এইডেন মাৰ্ক্ৰামে। মাৰ্শ্ব-মাৰ্ক্ৰাম অপেনিং যুটিয়ে ১০.২ অভাৰত ৯৯ ৰান যোগ দিয়ে। মাৰ্ক্ৰামৰ বেটৰ পৰা আহে ২৮টা বলত ৪৭ ৰানৰ অৱদান।
-
পাৱাৰ প্লে’ত ৫৯ ৰান সংগ্ৰহ লক্ষ্ণৌৰ
লক্ষ্ণৌৰ ইনিংছৰ প্ৰথম পাৱাৰ প্লে’ অৰ্থাৎ প্ৰথম ছয় অভাৰৰ অন্ত পৰিছে। এই ছয় অভাৰত দলটোৱে কোনো উইকেট নেহেৰুৱাকৈ ৫৯ ৰান সংগ্ৰহ কৰিছে।
-
জনচনৰ খৰচী অভাৰ
এক প্ৰত্যাশিত আৰম্ভণি ঘটাইছে লক্ষ্ণৌৱে। দলটোৱে ৪ অভাৰৰ সমাপ্তিত ৩৮ ৰান সংগ্ৰহ কৰিছে। লক্ষণীয়ভাৱে ইয়াৰে ৩০ ৰান স্পেনচাৰ জনচনৰ দুই অভাৰত সংগ্ৰহ কৰিছে মাৰ্ক্ৰাম আৰু মাৰ্শ্বে।
-
ক্ৰীজত মাৰ্শ্ব-মাৰ্ক্ৰাম, বৈভৱৰ হাতত বল
লক্ষ্ণৌৰ অপেনাৰদ্বয় মিচেল মাৰ্শ্ব আৰু এইডেন মাৰ্ক্ৰাম ইতিমধ্যে ক্ৰীজত প্ৰৱেশ কৰিছে। দুয়োৰে কান্ধত থাকিব দলক এক শক্তিশালী আৰম্ভণি দিয়াৰ দায়িত্ব। আনহাতে কলকাতাৰ হৈ বলি আৰম্ভ কৰিছে বৈভৱ আৰোৰাই।
-
দুয়ো দলৰ মাজত পূৰ্বৰ ৰেকৰ্ড
এইপৰ্যন্ত লক্ষ্ণৌ আৰু কলকাতা মুঠ পাঁচবাৰ পৰস্পৰৰ মুখামুখি হৈছে। ইয়াৰে ভিতৰত লক্ষ্ণৌৱে ৩ খন মেচত জয়লাভেৰে আগবাঢ়ি থকাৰ বিপৰীতে কলকাতাই দুখন মেচত জয়লাভ কৰিছে। আনহাতে ইডেনত দুয়োটা দল দুবাৰ মুখামুখি হৈ এখনকৈ মেচত জয়ী হৈছে।
-
কলকাতাৰ মূল একাদশ
কলকাতা নাইট ৰাইডাৰ্ছৰ মূল একাদশত আজি এটা স্থানৰ পৰিৱৰ্তন দেখা যাব। মঈন আলীৰ স্থানত দলত স্থান পাইছে স্পেনচাৰ জনচনে। দলৰ মূল একাদশ হ’ব এনেধৰণৰ- কুইন্টন ডি কক, সুনীল নাৰাইণ, আজিংক্যা ৰাহানে (অধিনায়ক), ভেঙ্কটেশ আয়াৰ, ৰিংকু সিং, আন্দ্ৰে ৰাছেল, ৰমনদীপ সিং, মঈন আলী, হৰ্ষিত ৰাণা, বৰুণ চক্ৰৱৰ্তী, বৈভৱ অৰোৰা, স্পেনচাৰ জনচন।
-
লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মূল একাদশ
বিগত মেচৰ মূল একাদশৰ সৈতেই আজিৰ মেচত নামিব লক্ষ্ণৌ চুপাৰ জায়েণ্টছ। দলত থাকিব- মিচেল মাৰ্শ্ব, এইডেন মাৰ্ক্ৰাম, নিকোলাছ পুৰাণ, ঋষভ পণ্ট (অধিনায়ক), আয়ুস বাডনি, ডেভিড মিলাৰ, আব্দুল চামাদ, শ্বাৰ্দুল ঠাকুৰ, আকাশ দীপ, আভেশ খান, দিগৱেশ সিং ৰাঠী।
-
প্ৰথমে বলিঙৰ সিদ্ধান্ত ৰাহানেৰ
ইতিমধ্যে দুয়ো দলৰ অধিনায়কদ্বয় আজিংক্যা ৰাহানে আৰু ঋষভ পণ্টৰ মাজত টছ হৈ গৈছে। টছত জয়ী হৈ কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক ৰাহানে প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
Published On - Apr 08,2025 2:59 PM