KKR vs LSG Predicted Playing XI IPL 2025: আজি ঘৰৰ মাটিত কলকাতাৰ সমুখত লক্ষ্ণৌঃ চলিবনে ’২৭ কোটি’ৰ পণ্টৰ বেট! চাওক সম্ভাৱ্য একাদশ

Kolkata Knight Riders vs Lucknow Super Giants Preview: আই পি এলৰ আজিৰ মেচত মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছ। এই মেচখন অনুষ্ঠিত হ’ব কলকাতাৰ ঘৰুৱা খেলপথাৰ ইডেন গাৰ্ডেনত। গতিকে আজি লক্ষ্ণৌৰ সমুখত ৰাহানে নেতৃত্বাধীন কলকাতা কিছু হ’লেও শক্তিশালী স্থিতিত থাকিব।

KKR vs LSG Predicted Playing XI IPL 2025: আজি ঘৰৰ মাটিত কলকাতাৰ সমুখত লক্ষ্ণৌঃ চলিবনে ’২৭ কোটি’ৰ পণ্টৰ বেট! চাওক সম্ভাৱ্য একাদশ

ইডেনত আজি কলকাতা বনাম লক্ষ্ণৌ

Published: 

08 Apr 2025 14:15 PM

আই পি এলত আজি ক্ৰিকেটপ্ৰেমীয়ে উপভোগ কৰিব পাৰিব দুখনকৈ হাইভল্টেজ মেচ। ইয়াৰে প্ৰথমখনত আজি মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছ। এই মেচখন অনুষ্ঠিত হ’ব কলকাতাৰ ঘৰুৱা খেলপথাৰ ইডেন গাৰ্ডেনত। গতিকে আজি লক্ষ্ণৌৰ সমুখত ৰাহানে নেতৃত্বাধীন কলকাতা কিছু হ’লেও শক্তিশালী স্থিতিত থাকিব। লগতে দলটোৰ বেটিং বিভাগেও শেহতীয়া মেচখনত আশা কৰাৰ দৰে বেটত ৰান ঘূৰাই পাইছে। বলিং বিভাগেও আগবঢ়াইছে দুৰন্ত প্ৰদৰ্শন।

আনহাতে লক্ষ্ণৌ চুপাৰ জায়েণ্টছেও নিজৰ শেহতীয়া মেচখনত দুৰন্ত প্ৰদৰ্শনেৰে মুম্বাইক পৰাস্ত কৰিছিল। দলৰ সামগ্ৰিক প্ৰদৰ্শন উন্নত হ’লেও পিছে এইপৰ্যন্ত সফল হোৱা নাই অধিনায়ক ঋষভ পণ্ট। আই পি এল ইতিহাসৰে আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হোৱা পণ্টে এইপৰ্যন্ত চাৰিখন মেচত সংগ্ৰহ কৰিছে মাত্ৰ ১৯ ৰান। ইয়াৰে ১৫ ৰানৰ সৰ্বাধিক স্ক’ৰ আহিছিল হায়দৰাবাদৰ বিপক্ষে।

পণ্টৰ এই ফৰ্মহীনতা লক্ষ্ণৌৰ বাবে চিন্তনীয় সমস্যা হৈ পৰিছে। অৱশ্যে অধিনায়ক হিচাপে সিদ্ধান্ত গ্ৰহণত পণ্টে দেখুৱাইছে বুদ্ধিমত্তা। মুম্বাইৰ বিপক্ষে বিগত মেচখনতো পণ্টৰ এনে সিদ্ধান্ত গ্ৰহণৰ স্পষ্ট প্ৰভাৱ দেখা গৈছিল। এতিয়া ইডেনত আজি কলকাতাৰ আক্ৰমণাত্মক বেটিং বিভাগৰ সমুখত পণ্টৰ নেতৃত্ব গুণৰো এক পৰীক্ষা হ’ব। ইফালে আজিংক্যা ৰাহানেই অধিনায়ক হিচাপে সফল হোৱাৰ লগতে বেটাৰ হিচাপেও বেটত ৰান পাইছে ৰাহানেই।

উল্লেখ্য যে ইডেনত অনুষ্ঠিত হ’বলগীয়া এই মেচখন পূৰ্বৰ সময়সূচী অনুসৰি ৬ এপ্ৰিলত নিৰ্ধাৰণ কৰা হৈছিল যদিও ৰাম নৱমীৰ বাবে মেচখন পিছুৱাবলগা হৈছিল। প্ৰথম অৱস্থাত মেচখন বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামলৈ স্থানান্তৰিত কৰা হ’ব পাৰে চৰ্চা চলিছিল যদিও পিছত কেৱল মেচৰ দিন আৰু সময় সলনি কৰি ইডেন গাৰ্ডেনতে আয়োজনৰ সিদ্ধান্ত লোৱা হয়।

চাওঁ আহক আজিৰ মেচত দুয়োটা দলৰ সম্ভাৱ্য একাদশ-

কলকাতা নাইট ৰাইডাৰ্ছৰ সম্ভাৱ্য একাদশ আৰু ইম্পেক্ট চাবঃ কুইন্টন ডি কক/ৰহমানুল্লাহ গুৰবাজ, সুনীল নাৰাইণ, আজিংক্যা ৰাহানে (অধিনায়ক), অংকৃষ ৰঘুবংশী, ভেঙ্কটেশ আয়াৰ, ৰিংকু সিং, আন্দ্ৰে ৰাছেল, ৰমনদীপ সিং, মঈন আলী, হৰ্ষিত ৰাণা, বৰুণ চক্ৰৱৰ্তী, বৈভৱ অৰোৰা।

লক্ষ্ণৌ ছুপাৰজায়েন্টছৰ সম্ভাৱ্য একাদশ আৰু ইম্পেক্ট চাবঃ এইডেন মাৰ্ক্ৰাম, মিচেল মাৰ্শ্ব, নিকোলাছ পুৰাণ, ঋষভ পণ্ট (অধিনায়ক), আয়ুস বাডনি, ডেভিড মিলাৰ, আব্দুল চামাদ, শ্বাৰ্দুল ঠাকুৰ, আকাশ দীপ, আভেশ খান, দিগৱেশ ৰাঠী, ৰবি বিষ্ণৈ।

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক