শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

KKR vs PBKS Live Score, IPL 2025: বৰষুণৰ প্ৰভাৱ, পুনৰ সম্ভৱ হৈ নুঠিল খেলঃ পইণ্ট ভগালে কলকাতা-পঞ্জাৱে

Kolkata Knight Riders vs Punjab Kings Live Score in Assamese: বৰষুণৰ বাধাৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হৈছে কলকাতা নাইট ৰাইডাৰ্ছ আৰু পঞ্জাৱ কিংছৰ মেচ। ইয়াৰ ফলত দুয়োটা দলেই ১ পইণ্টকৈ ভগাই ল’বলগা হৈছে।

monjit-dutta
Monjit Dutta | Updated On: 26 Apr 2025 23:11 PM
KKR vs PBKS Live Score, IPL 2025: বৰষুণৰ প্ৰভাৱ, পুনৰ সম্ভৱ হৈ নুঠিল খেলঃ পইণ্ট ভগালে কলকাতা-পঞ্জাৱে
আই পি এলত আজি কলকাতা বনাম পঞ্জাৱৰ মেচ

আই পি এলৰ ১৮ সংখ্যক ছিজনৰ আজিৰ মেচত মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ আৰু পঞ্জাৱ কিংছ। কলকাতাৰ ঘৰুৱা খেলপথাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব এই মেচখন। ডিফেণ্ডিং চেম্পিয়ন হিচাপে প্ৰতিযোগিতাত নমা কলকাতাৰ প্ৰদৰ্শন এইবাৰ আশানুৰূপ বুলিব নোৱাৰি। ৮ খন মেচৰ ভিতৰত মাত্ৰ ৩ খনত জয়লাভ কৰি দলটো আছে পইণ্ট তালিকাৰ সপ্তম স্থানত। নিজৰ শেহতীয়া দুয়োখন মেচতে পৰাস্ত হৈছে দলটো। গতিকে আজি ঘৰৰ মাটিত জয়ৰ পথলৈ ঘূৰাৰ চেষ্টা চলাব কলকাতাই।

ইফালে চমকপ্ৰদ প্ৰদৰ্শনেৰে ছিজনৰ আৰম্ভণি ঘটায়ো ধাৰাবাহিকতা হেৰুৱাইছে পঞ্জাৱ কিংছে। সম্প্ৰতি ৫খনত জয় আৰু ৩খনত পৰাজয়েৰে পঞ্জাৱ আছে পইণ্ট তালিকাৰ পঞ্চম স্থানত। নিজৰ অন্তিম মেচখনত পঞ্জাৱেও দেখিছে পৰাজয়ৰ মুখ। গতিকে আজি পঞ্জাৱেও জয়ৰ পথলৈ উভতাৰ চেষ্টা চলাব। এনে পৰিস্থিতিত আজি দুয়ো দলৰ মাজৰ মেচখন আকৰ্ষণীয় হৈ পৰাৰ সম্ভাৱনাই অধিক।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 26 Apr 2025 11:11 PM (IST)

    পৰিত্যক্ত ঘোষণা মেচ

    বৰষুণৰ বাধাৰ বাবে ইডেনত পুনৰ আৰম্ভ কৰিব পৰা নগ’ল কলকাতা নাইট ৰাইডাৰ্ছ আৰু পঞ্জাৱ কিংছৰ মাজত অনুষ্ঠিত হোৱা মেচখন। পঞ্জাৱৰ ২০১ ৰানৰ প্ৰত্যুত্তৰত কলকাতাই বেটিং আৰম্ভ কৰি ১ অভাৰত ৭ ৰান সংগ্ৰহ কৰাৰ সময়তে বৰষুণ আহে আৰু মেচখন স্থগিত ৰখা হৈছিল। কিন্তু নেৰানেপেৰা বৰষুণৰ বাবে মেচখন অৱশেষত পৰিত্যক্ত ঘোষণা কৰিব লগা হয়। ইয়াৰ ফলস্বৰূপে দুয়োটা দলে এক পইণ্টকৈ লাভ কৰে।

  • 26 Apr 2025 10:38 PM (IST)

    কেনে স্থিতি ইডেনত

    কিছু সময়ৰ বাবে বৰষুণ বন্ধ হোৱাৰ বাবে খেল পুনৰ আৰম্ভ হোৱাৰ দিশে গতি কৰিছিল। কিন্তু এতিয়া পুনৰ দেখা গৈছে বৰষুণৰ টোপাল।

  • 26 Apr 2025 09:45 PM (IST)

    বৰষুণৰ বাবে স্থগিত খেল

    ইডেনত দেখা গৈছে বৰষুণৰ প্ৰভাৱ। পঞ্জাৱৰ ইনিংছত প্ৰথম অভাৰৰ পিছতে বৰষুণ অহাৰ বাবে স্থগিত ৰখা হৈছে খেল। ইতিমধ্যে কভাৰেৰে ঢাকি হৈছে খেলপথাৰ।

  • 26 Apr 2025 09:34 PM (IST)

    নাৰাইণৰ বেটৰ পৰা প্ৰথম বাউণ্ডেৰী

    প্ৰথম বলতে চাৰিৰে আৰম্ভণি ঘটিছিল পঞ্জাৱৰ। এতিয়া কলকাতাৰ ইনিংছত প্ৰথম বলতে নহ’লেও প্ৰথম অভাৰত আহিছে এটা বাউণ্ডেৰী। মাৰ্কো জেনচেনে কৰা ইনিংছৰ চতুৰ্থটো বলত এটা চাৰি কোবায় নাৰাইণে।

  • 26 Apr 2025 09:16 PM (IST)

    কলকাতাৰ সমুখত ২০১ ৰানৰ লক্ষ্য

    দুই অপেনাৰ প্ৰিয়াঞ্চ আৰু প্ৰভচিমৰণৰ বিস্ফোৰক অৰ্ধশতকীয় ইনিংছৰ সুবাদত ২০১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় পঞ্জাৱ। অৱশ্যে তেওঁলোকৰ বাদে বিশেষ প্ৰভাৱ পেলোৱাত ব্যৰ্থ হয় দলৰ আন বেটাৰসকল। এইদৰে ২০২ ৰানৰ লক্ষ্য লাভ কৰিছে ঘৰুৱা দল কলকাতাই।

  • 26 Apr 2025 09:07 PM (IST)

    জেনচেনো ব্যৰ্থ

    পঞ্জাৱৰ ইনিংছত আকস্মিকভাৱে ৰোধ হৈছে ৰানৰ গতি, লগতে হেৰুৱাইছে ইটোৰ পিছত সিটো উইকেট। এইবাৰ ব্যৰ্থ হৈ ক্ৰীজ এৰিছে মাৰ্কো জেনচেনে। তেওঁক পেভিলিয়নৰ পথ দেখুৱাই বৈভৱ অৰোৰাই নিজৰ দ্বিতীয়টো সফলতা লাভ কৰে।

  • 26 Apr 2025 08:57 PM (IST)

    ব্যৰ্থ মেক্সৱেল

    সফল আৰম্ভণিৰ পিছত পঞ্জাৱৰ ইনিংছত দেখা গৈছে গতিৰোধ। আজি মূল একাদশত সুযোগ পোৱাৰ পিছতো ব্যৰ্থ হৈছে গ্লেন মেক্সৱেল। তেওঁৰ বেটৰ পৰা আহে মাত্ৰ ৭ ৰান। বৰুণ চক্ৰৱৰ্তীৰ দখললৈ যায় মেক্সৱেলৰ উইকেট।

  • 26 Apr 2025 08:48 PM (IST)

    প্ৰভচিমৰণৰ বিদায়

    আক্ৰমণাত্মক বেটিঙেৰে মাত্ৰ ৪৯টা বলত ৮৩ ৰানৰ বিধ্বংসী ইনিংছ খেলি বিদায় লৈছে প্ৰভচিমৰণ সিঙে। ছয়টাকৈ চাৰি আৰু ছয়েৰে নিজৰ ইনিংছটো সজায় প্ৰভচিমৰণে। তেওঁক বিদায় দিয়ে বৈভৱ অৰোৰাই।

  • 26 Apr 2025 08:37 PM (IST)

    প্ৰভচিমৰণৰ অৰ্ধশতক

    প্ৰিয়াঞ্চে বিদায় ল’লেও আনগৰাকী অপেনাৰ প্ৰভচিমৰণে অব্যাহত ৰাখিছে আক্ৰমণ। ৩৮টা বলত তেওঁ সম্পূৰ্ণ কৰিছে অৰ্ধশতক। এটা চাৰিৰে অৰ্ধশতক পূৰ কৰাৰ পিছতে প্ৰভচিমৰণে পৰৱৰ্তী দুটা বলতো এটা চাৰি আৰু এটা ছয় কোবায়।

  • 26 Apr 2025 08:33 PM (IST)

    অন্ত পৰিল প্ৰিয়াঞ্চ শ্ব’

    শতকীয় অপেনিং যুটিৰ পিছত প্ৰথম আঘাত লাগিছে পঞ্জাৱৰ শিবিৰত। পুনৰ এবাৰ নিজ স্পেলৰ প্ৰথম অভাৰতে উইকেট দখল কৰি ৰাছেলে দিছে নিজ দলক সকাহ। বিধ্বংসী বেটিং কৰি প্ৰিয়াঞ্চে মাত্ৰ ৩৫টা বলত ৮টা চাৰি আৰু ৪টা ছয়েৰে ৬৯ ৰান সংগ্ৰহ কৰি বিদায় লয়।

  • 26 Apr 2025 08:21 PM (IST)

    প্ৰিয়াঞ্চৰ অৰ্ধশতক

    সফল আৰম্ভণিক গতি দি অৰ্ধশতক পূৰ কৰিছে প্ৰিয়াঞ্চ আৰ্যই। হৰ্ষিত ৰাণাৰ বলত একেলগে তিনিটা বলত ক্ৰমে ৪, ৬, ৪ কোবাই প্ৰিয়াঞ্চে মাত্ৰ ২৭টা বলত নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে।

  • 26 Apr 2025 07:55 PM (IST)

    ৫০ ৰান পূৰ পঞ্জাৱৰ

    প্ৰিয়াঞ্চৰ পিছত আক্ৰমণাত্মক শৈলী গ্ৰহণ কৰিছে প্ৰভচিমৰণেও। হৰ্ষিত ৰাণাৰ বলত এটা চাৰি আৰু এটা ছয় কোবাই প্ৰভচিমৰণে দলৰ স্ক’ৰ ৫০ৰ পাৰ কৰায়। মাত্ৰ ৪.৩ অভাৰতে পঞ্জাৱৰ স্ক’ৰে অতিক্ৰম কৰে ৫০ ৰানৰ সীমা।

  • 26 Apr 2025 07:51 PM (IST)

    প্ৰিয়াঞ্চৰ আক্ৰমণাত্মক আৰম্ভণি

    নিজৰ আক্ৰমণাত্মক শৈলী অব্যাহত ৰাখিছে প্ৰিয়াঞ্চ আৰ্যই। চাৰি অভাৰত পঞ্জাৱে সংগ্ৰহ কৰিছে ৪৩ ৰান আৰু ইয়াৰে ২৮ ৰান আহিছে প্ৰিয়াঞ্চৰ বেটৰ পৰা। নিজৰ ১১ বলৰ ইনিংছটোত তেওঁ এইপৰ্যন্ত ৬টা চাৰি কোবাইছে।

  • 26 Apr 2025 07:33 PM (IST)

    চাৰিৰে আৰম্ভণি

    এটা বাউণ্ডেৰীৰে মেচৰ আৰম্ভণি ঘটাইছে পঞ্জাৱ কিংছে। বৈভৱ অৰোৰাই কৰা মেচৰ প্ৰথমটো অভাৰৰ প্ৰথমটো বলতে প্ৰিয়াঞ্চ আৰ্যই এটা চাৰি কোবায় আৰু আক্ৰমণাত্মক মনোভাৱৰ ইংগিত দিয়ে।

  • 26 Apr 2025 07:26 PM (IST)

    সাজু পাৱেল

    কলকাতাৰ মূল একাদশত আজি সংযোজিত হৈছে আন এক কেৰিবিয়ান শক্তি। প্ৰথমবাৰৰ বাবে কলকাতাৰ জাৰ্চি পিন্ধি আজি খেলপথাৰত নামিব ৰ’ভমেন পাৱেল।

     

  • 26 Apr 2025 07:12 PM (IST)

    পঞ্জাৱ কিংছৰ মূল একাদশ

    পঞ্জাৱ কিংছৰ মূল একাদশতো আজি দেখা যাব পৰিৱৰ্তন। দলৰ মূল একাদশত থাকিব- প্ৰিয়াঞ্চ আৰ্য, প্ৰভচিমৰণ সিং, শ্ৰেয়স আয়াৰ (অধিনায়ক), জ’ছ ইংলিছ, নেহাল ৱাধেৰা, শশাংক সিং, গ্লেন মেক্সৱেল, আজমাতুল্লাহ ওমৰজাই, মাৰ্কো জেনচেন, অৰ্শদীপ সিং, যুজবেন্দ্ৰ চাহাল। ইফালে ইম্পেক্ট চাবৰ ৰূপত থাকিব হৰপ্ৰীত ব্ৰাৰ, মুছিৰ খান, বিজয়কুমাৰ বৈশাক, সুৰ্যশ শ্বেজ, প্ৰবীণ ডুবে।

  • 26 Apr 2025 07:10 PM (IST)

    কলকাতা নাইট ৰাইডাৰ্ছৰ মূল একাদশ

    কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ আজি আই পি এলত অভিষেক ঘটাব ৰ’ভমেন পাৱেলে। লগতে দেখা যাব চেতন চাকাৰিয়াকো। দলটোৰ মূল একাদশ হ’ব এনেধৰণৰ- ৰহমনুল্লাহ গুৰবাজ, সুনীল নাৰাইণ, আজিংক্যা ৰাহানে (অধিনায়ক), ভেঙ্কটেশ আয়াৰ, ৰিংকু সিং, আন্দ্ৰে ৰাছেল, ৰ’ভমেন পাৱেল, বৈভৱ অৰোৰা, চেতন চাকাৰিয়া, হৰ্ষিত ৰাণা, বৰুণ চক্ৰৱৰ্তী। ইফালে ইম্পেক্ট চাবৰ ৰূপত থাকিব অংকৃষ ৰঘুবংশী, মনীষ পাণ্ডে, এনৰিখ ন’কিয়া, লুৱনিথ চিছ’দিয়া, অনুকূল ৰয়।

  • 26 Apr 2025 07:05 PM (IST)

    আয়াৰৰ বেটিঙৰ সিদ্ধান্ত

    নিজৰ ‘পুৰণি দল’ কলকাতাৰ বিপক্ষে আজি শ্ৰেয়স আয়াৰৰ ওপৰত দৃষ্টি নিবদ্ধ হ’ব সকলোৰে। টছত জয়ী হৈ পঞ্জাৱ কিংছৰ অধিনায়কগৰাকীয়ে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Published On - Apr 26,2025 7:01 PM