আশীৰ্বাদেৰে ভৰি পৰিব ৰাহুলৰ জীৱন, শীঘ্ৰেই আহিব সুখবৰঃ অনুৰাগীলৈ দিলে এই বাৰ্তা | KL Rahul and Athiya Shetty becoming parents in 2025 Rahul instagram post Assam news - Assam Tv9

আশীৰ্বাদেৰে ভৰি পৰিব ৰাহুলৰ জীৱন, শীঘ্ৰেই আহিব সুখবৰঃ অনুৰাগীলৈ দিলে এই বাৰ্তা

ভাৰতীয় দলৰ তাৰকা ক্ৰিকেটাৰ কে এল ৰাহুলে অনুৰাগীসকললৈ দিছে এক বিশেষ খবৰ। নিজ জীৱনৰ এক সুখকৰ খবৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে ৰাহুলে। সামাজিক মাধ্যম যোগে ৰাহুলে ঘোষণা কৰিছে এই আকাংক্ষিত খবৰ। খুব সোনকালেই ৰাহুল আৰু আথিয়াৰ সংসাৰলৈ আহিব এগৰাকী নতুন সদস্য।

আশীৰ্বাদেৰে ভৰি পৰিব ৰাহুলৰ জীৱন, শীঘ্ৰেই আহিব সুখবৰঃ অনুৰাগীলৈ দিলে এই বাৰ্তা

ৰাহুল আথিয়াৰ সংসাৰলৈ নতুন সদস্য

Updated On: 

08 Nov 2024 20:13 PM

আগন্তুক ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে প্ৰস্তুতিত ব্যস্ত ভাৰতীয় ক্ৰিকেট দল। এই শৃংখলাৰ বাবে নিজকে সাজু কৰি তুলিবলৈ আগতীয়াকৈ অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছে কে এল ৰাহুলে। পিছে ফৰ্মহীনতাত ভুগি থকা ৰাহুলে ভাৰত এৰ হৈ এই প্ৰস্তুতি মেচতো ব্যৰ্থ হৈছে। এনে প্ৰদৰ্শনৰ বাবে কঠোৰ সমালোচিত হৈছে তাৰকা ক্ৰিকেটাৰগৰাকী। তাৰ মাজতে আজি ৰাহুলে অনুৰাগীসকললৈ দিছে এক বিশেষ খবৰ। নিজ জীৱনৰ এক সুখকৰ খবৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে ৰাহুলে। সামাজিক মাধ্যম যোগে ৰাহুলে ঘোষণা কৰিছে এই আকাংক্ষিত খবৰ।

খুব সোনকালেই ৰাহুল আৰু আথিয়াৰ সংসাৰলৈ আহিব এগৰাকী নতুন সদস্য। আগন্তুক বৰ্ষতে ৰাহুল আৰু আথিয়াই অৰ্জন কৰিব পিতৃত্ব আৰু মাতৃত্বৰ গৌৰৱ। ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি ৰাহুলে এই সুখকৰ খবৰটো প্ৰকাশ কৰিছে। পোষ্টটোত ৰাহুলে লিখিছে- “আমাৰ সুন্দৰ আশীৰ্বাদটি অতি সোনকালে আহি আছে।২০২৫।’ পোষ্টটিত লগতে ৰাহুলে শিশুৰ ভৰিৰ চাপৰ ছবি এখনো সংযোগ কৰিছে।

ৰাহুলে এই পোষ্টটো শ্বেয়াৰ কৰাৰ পিছতে অনুৰাগীসকলে কমেণ্ট বক্সত শুভেচ্ছাৰে উপচাই পেলাইছে। উল্লেখ্য যে বিগত বৰ্ষৰ ২৩ জানুৱাৰীত ৰাহুল আৰু বলীউডৰ অভিনেত্ৰী আথিয়া শ্বেট্টী বিবাহপাশত আৱদ্ধ হৈছিল। দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কক পূৰ্ণতা দি বিয়াত বহিছিল ৰাহুল আৰু আথিয়া। এতিয়া আগন্তুক বৰ্ষত দুয়ো তেওঁলোকৰ প্ৰথমটি সন্তান আদৰিবলৈ সাজু হৈছে।

 

বৰ্তমান ৰাহুল অষ্ট্ৰেলিয়াত আগন্তুক ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ বাবে প্ৰস্তুতিত ব্যস্ত। ইণ্ডিয়া এৰ হৈ অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে মেচত অংশ লৈছে ৰাহুলে। পিছে এই মেচখনত ব্যৰ্থ হৈছে তাৰকাগৰাকী। তেনে পৰিস্থিতিত অষ্ট্ৰেলিয়াৰ বিপক্ষে মূল শৃংখলাত ৰাহুলৰ সম্ভাৱনীয়তাক লৈ প্ৰশ্নৰ উত্থাপন হৈছে। অহা ২২ নৱেম্বৰৰ পৰা পাঁচখনীয়া মেচৰ এই শৃংখলা। পাৰ্থত অনুষ্ঠিত হ’বলগীয়া প্ৰথম টেষ্টৰ পূৰ্বে ৰাহুলে ভাৰতীয় শিবিৰত যোগ দিব।

লক্ষণীয়ভাৱে পাৰ্থ টেষ্টত ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই খেলিব নে নেখেলে এইপৰ্যন্ত এই বিষয়ে নিশ্চিত হোৱা নাই। ৰোহিত আৰু ঋতৃকাৰ সংসাৰলৈ কিছুদিনৰ ভিতৰতে দ্বিতীয়টি সন্তানৰ আগমন ঘটিব পাৰে বুলি চৰ্চা চলিছে আৰু এই উপলক্ষে ৰোহিতে প্ৰথম টেষ্টত নেখেলিব পাৰে বুলি খবৰ প্ৰকাশ পাইছে। ৰোহিতৰ অনুপস্থিতিত ৰাহুলে ভাৰতৰ ইনিংছ মুকলি কৰাৰ দায়িত্বও লাভ কৰিব পাৰে।

দলত বিকল্প অপেনাৰ হিচাপে অভিমন্যু ইশ্বৰণক স্থান দিয়া হৈছে যদিও ইণ্ডিয়া এৰ হৈ প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হৈছে খেলুৱৈগৰাকী। এনে পৰিস্থিতিত অভিজ্ঞ হিচাপে ৰাহুলে জয়ছোৱালৰ সৈতে ইনিংছ মুকলি কৰিব পাৰে। অৱশ্যে এইক্ষেত্ৰত আনুষ্ঠানিকভাৱে কোনো খবৰ এইপৰ্যন্ত প্ৰকাশ পোৱা নাই।

Ayushman Vaya Vandana Cardৰ বাবে কেনেদৰে আবেদন কৰিব? সম্পূৰ্ণ প্ৰক্ৰিয়া জানক
গৰ্ভাৱস্থাত কলাখাৰৰ খোৱা উচিত নে?
Winter Skincare : শীতকালত এইদৰে লওক ছালৰ যতন
শৰীৰত প্ৰ'টিনৰ মাত্ৰা কমিলে কেনেকৈ গ'ম পাব?