আথিয়া-ৰাহুলৰ সংসাৰলৈ আহিল অমূল্য উপহাৰঃ সামাজিক মাধ্যম যোগে অনুৰাগীলৈ দিলে সুখবৰ…
ৰাহুল আৰু আথিয়াৰ সংসাৰলৈ আহিল দুয়োৰে সাংসাৰিক জীৱনৰ অমূল্য উপহাৰ। আজি ৰাহুল আৰু আথিয়াৰ সংসাৰলৈ আগমন ঘটিল এগৰাকী নতুন সদস্যৰ। প্ৰথমবাৰৰ বাবে পিতৃ-মাতৃ হোৱাৰ আনন্দ লাভ কৰিছে ৰাহুল আৰু আথিয়াই।

ৰাহুল আৰু আথিয়াৰ সংসাৰলৈ নতুন সদস্য
বিশাখাপট্টনমত চলি আছে আই পি এল ২০২৫ৰ দিল্লী কেপিটেলছ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ ৰোমাঞ্চকৰ যুঁজ। এই মেচখনত অংশ লোৱা নাই দিল্লীৰ গুৰুত্বপূৰ্ণ সদস্য কে এল ৰাহুলে। ফ্ৰেন্সাইজিটোৰ ছিজনৰ প্ৰথমখন মেচৰ পূৰ্বে পত্নী আথিয়া শেট্টীক সংগ দিয়াৰ উদ্দেশ্যে নিজ গৃ্হলৈ উভতিছিল তাৰকা খেলুৱৈগৰাকী। আৰু আজি মেচ চলি থকাৰ সময়তে ৰাহুল আৰু আথিয়াৰ সংসাৰলৈ আহিল দুয়োৰে সাংসাৰিক জীৱনৰ অমূল্য উপহাৰ। আজি ৰাহুল আৰু আথিয়াৰ সংসাৰলৈ আগমন ঘটিল এগৰাকী নতুন সদস্যৰ।
প্ৰথমবাৰৰ বাবে পিতৃ-মাতৃ হোৱাৰ আনন্দ লাভ কৰিছে ৰাহুল আৰু আথিয়াই। দুয়ো সামাজিক মাধ্যম যোগে অনুৰাগীৰ আগত প্ৰকাশ কৰিছে এই খবৰ। ৰাহুল আৰু আথিয়াই প্ৰকাশ কৰা মতে আজি এগৰাকী কন্যা সন্তানৰ পিতৃ-মাতৃ হৈছে তেওঁলোক। অৱশ্যে ৰাহুল আৰু আথিয়াই এতিয়ালৈকে তেওঁলোকৰ কন্যাৰ নাম প্ৰকাশ কৰা নাই। এই সুখবৰ প্ৰকাশ পোৱাৰ পিছতে অনুৰাগীৰ লগতে ক্ৰিকেট আৰু চলচ্চিত্ৰ জগতৰ বহুকেইজন লোকেও অভিনন্দন জনায়।
উল্লেখ্য যে ২০২৩ চনত দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত বৈবাহিক বান্ধোনেৰে বান্ধ খাইছিল ৰাহুল আৰু আথিয়া। কিছুদিন পূৰ্বে সামাজিক মাধ্যম যোগেই দুয়ো প্ৰকাশ কৰিছিল যে তেওলোকৰ সংসাৰলৈ আহিবলগীয়া নতুন সদস্যৰ কথা। ইয়াৰ পিছত দুয়োৰে মাজৰ কিছু সুখকৰ সময়ৰ ছবিও পোহৰলৈ আহিছিল। কন্যাৰ জন্মৰ পিছত এতিয়া ৰাহুলে আগন্তুক কেইটামান দিন পৰিয়ালৰ সৈতে সময় কটাব।
এই মুহূৰ্তত তেওঁ কেতিয়া আই পি এললৈ ঘূৰি আহিব সেয়া স্পষ্ট হোৱা নাই যদিও ৩০ মাৰ্চত দিল্লী কেপিটেলছৰ দ্বিতীয়খন মেচত তেওঁ ঘূৰি আহিব পাৰিব বুলি আশা কৰা হৈছে। দিল্লীৰ পৰৱৰ্তী মেচখন হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে বিশাখাপট্টনমত। যদি এই মেচত ৰাহুল ঘূৰি নাহে, তেন্তে ৫ এপ্ৰিলত দলৰ তৃতীয়খন মেচত নিশ্চিতভাৱে তেওঁ দিল্লীৰ শিবিৰত যোগ দিব। এই মেচখন অনুষ্ঠিত হ’ব চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে।