শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ইংলেণ্ডৰ বিপক্ষে শৃংখলাত নাথাকে ৰাহুল! নাথাকিব নেকি চেম্পিয়নছ ট্ৰফীত?

ইংলেণ্ডৰ বিপক্ষে আগন্তুক এদিনীয়া শৃংখলাত চেম্পিয়নছ ট্ৰফীৰ বাবে নিৰ্বাচিত হ’বলগীয়া খেলুৱৈসকলৰ ওপৰত চকু ৰখা হ’ব বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। সেয়ে ইংলেণ্ডৰ বিপক্ষে শৃংখলাটোত কোনকেইগৰাকী খেলুৱৈয়ে স্থান পাব, তাৰ ওপৰতো দৃষ্টি ৰাখিছে সকলোৱে। পিছে এক প্ৰতিবেদন অনুসৰি দলৰ তাৰকা উইকেটকীপাৰ বেটাৰ কে এল ৰাহুলক দেখা নাযাব পাৰে এই শৃংখলাত।

ইংলেণ্ডৰ বিপক্ষে শৃংখলাত নাথাকে ৰাহুল! নাথাকিব নেকি চেম্পিয়নছ ট্ৰফীত?
ইংলেণ্ডৰ বিপক্ষে জিৰণই ৰাহুলক!
monjit-dutta
Monjit Dutta | Published: 09 Jan 2025 22:40 PM

অহা মাহত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ক্ৰিকেট অনুৰাগীয়ে। আইচিচিৰ এই প্ৰতিযোগিতাৰ বাবে খুব সোনকালেই ঘোষণা কৰা হ’ব ভাৰতীয় দল। চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দলত কোনকেইগৰাকী খেলুৱৈয়ে স্থান পাব পাৰে, সেই সন্দৰ্ভত অনুৰাগীৰ মাজত দেখা গৈছে ব্যাপক উৎকণ্ঠা। এই প্ৰতিযোগিতাৰ পূৰ্বে ভাৰতীয় দলে ইংলেণ্ডৰ বিপক্ষে সীমিত অভাৰৰ ঘৰুৱা শৃংখলাত অৱতীৰ্ণ হ’ব। চেম্পিয়নছ ট্ৰফীৰ সমান্তৰালকৈ এই শৃংখলাৰ বাবেও ভাৰতীয় দল ঘোষণা কৰা হ’ব।

ইংলেণ্ডৰ বিপক্ষে এই শৃংখলাত চেম্পিয়নছ ট্ৰফীৰ বাবে নিৰ্বাচিত হ’বলগীয়া খেলুৱৈসকলৰ ওপৰত চকু ৰখা হ’ব বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। সেয়ে ইংলেণ্ডৰ বিপক্ষে শৃংখলাটোত কোনকেইগৰাকী খেলুৱৈয়ে স্থান পাব, তাৰ ওপৰতো দৃষ্টি ৰাখিছে সকলোৱে। অনুৰাগীৰ এনে উৎকণ্ঠাৰ মাজতে আহিছে এক বিশেষ খবৰ। প্ৰতিবেদন অনুসৰি দলৰ তাৰকা উইকেটকীপাৰ বেটাৰ কে এল ৰাহুলক দেখা নাযাব পাৰে এই শৃংখলাত।

অৱশ্যে এই শৃংখলাটোত নাথাকিলেও চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দলত ৰাহুলৰ স্থান নিশ্চিত বুলিও কোৱা হৈছে। টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি ইংলেণ্ডৰ বিৰুদ্ধে ৰাহুলক জিৰণি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে ইয়াৰ পিছতো বাছনি সমিতিয়ে ৰাহুলে নিশ্চিতভাৱে চেম্পিয়নছ ট্ৰফীৰ বাবে নিৰ্বাচিত দলত স্থান লাভ কৰিব বুলি আশ্বাস দিছে। অৰ্থাৎ ইংলেণ্ডৰ বিৰুদ্ধে নাথাকিলেও ৰাহুলক চেম্পিয়নছ ট্ৰফীৰ বাবে ১৫ জনীয়া দলত অন্তৰ্ভুক্ত কৰা হ’ব।

উল্লেখ্য যে ৰাহুল দীৰ্ঘদিন ধৰি টি-২০ দলৰ পৰা আঁতৰি আছে। অৱশ্যে এদিনীয়া ফৰ্মেটত তেওঁ দলৰ অংশ হৈ আহিছে। সেয়ে চেম্পিয়নছ ট্ৰফীৰ ঠিক পূৰ্বে ৰাহুলক এদিনীয়া শৃংখলাত জিৰণি দিয়াৰ সিদ্ধান্ত কিছু ক্ষেত্ৰত আচৰিত। কিয়নো অষ্ট্ৰেলিয়া ভ্ৰমণৰ পৰা উভতি অহা ভাৰতীয় দলে প্ৰথমে টি-২০ শৃংখলা খেলিব আৰু তাৰ পিছত ৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব এদিনীয়া শৃংখলা। এনে পৰিস্থিতিত ৰাহুলৰ হাতত জিৰণিৰ বাবে পৰ্যাপ্ত সময় আছিল।

অৱশ্যে ৰাহুলে নিজেও বিচিচিআইৰ ওচৰত জিৰণিৰ বাবে আবেদন কৰাৰ সম্ভাৱনা আছে। ৰাহুলৰ আৰু পত্নী আথিয়া শ্বেট্টীৰ সংসাৰলৈ অতি সোনকালে সন্তানৰ আগমন ঘটিব বুলি প্ৰকাশ পাইছে। গতিকে এই বিশেষ সময়ত ৰাহুলে পৰিয়ালৰ লগত থাকিব বিচৰাটো স্বাভাৱিক। ৰাহুলৰ অনুপস্থিতিত এতিয়া ঋষভ পণ্টে প্ৰথম পছন্দৰ উইকেটকীপাৰ হিচাপে স্থান পোৱাটো নিশ্চিত। আনহাতে চেমচনে বিকল্প উইকেটকীপাৰ হিচাপে সুযোগ লাভ কৰিব পাৰে।

Latest News