ক্ৰিকেটৰ পৰা ৭ বছৰ আছিল দূৰত, এৰিছিল চাকৰিও; এতিয়া হৈ পৰিল ভাৰতৰ ভৰসা

তিনি বছৰৰ মূৰত ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তনৰ পিছৰে পৰা বৰুণ চক্ৰৱৰ্তীয়ে নিজৰ স্পীন ঘূৰ্ণীৰে লাভ কৰিছে সফলতা। এনে প্ৰদৰ্শনেৰে মিষ্ট্ৰী স্পিনাৰগৰাকী ভাৰতীয় দলৰ বাবেও এতিয়া সফলতাৰ অন্যতম প্ৰধান ভৰসা হৈ পৰিছে। পিছে ভাৰতীয় দলত স্থান লাভ আৰু তাৰ পিছত দলৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য হিচাপে পৰিগণিত হোৱালৈ বৰুণৰ এই যাত্ৰা ইমান সহজ নাছিল।

ক্ৰিকেটৰ পৰা ৭ বছৰ আছিল দূৰত, এৰিছিল চাকৰিও; এতিয়া হৈ পৰিল ভাৰতৰ ভৰসা

প্ৰত্যাৱৰ্তনৰ পিছতে উজলি উঠিছে বৰুণ

Published: 

02 Feb 2025 14:35 PM

ইংলেণ্ডৰ বিপক্ষে সম্প্ৰতি পাঁচখনীয়া মেচৰ টি-২০ শৃংখলাত ব্যস্ত ভাৰতীয় ক্ৰিকেট দল। এইপৰ্যন্ত অনুষ্ঠিত হৈ যোৱা চাৰিখন মেচৰ তিনিখনতে জয়েৰে ভাৰতীয় দলে ৩-১ ব্যৱধানত শৃংখলা নিজৰ দখললৈ আনিছে। আজি এই শৃংখলাৰ অন্তিমখন মেচ মুম্বাইত অনুষ্ঠিত হ’ব। এই শৃংখলাত ভাৰতীয় দলৰ সফলতাৰ অন্যতম নায়ক হিচাপে পৰিগণিত হৈছে মিষ্ট্ৰী স্পিনাৰ বৰুণ চক্ৰৱৰ্তী। ধাৰাবাহিক প্ৰদৰ্শনেৰে বৰুণে ইংলেণ্ডৰ সমুখত সৃষ্টি কৰিছে প্ৰত্যাহ্বানৰ। চাৰিখন মেচত বৰুণে এইপৰ্যন্ত ৯.৪২ গড়ে ১২টা উইকেট দখল কৰিছে।

শৃংখলাৰ প্ৰথমখন মেচত ৩টা, দ্বিতীয় মেচত ২টা, তৃতীয় মেচত ৫টা আৰু চতুৰ্থখন মেচত ২টা উইকেট দখল কৰিছে বৰুণে। এইদৰে তেওঁ ভাৰতৰ হৈ টি-২০ শৃংখলাত সৰ্বাধিক উইকেট দখলৰ অভিলেখ স্থাপন কৰিছে। ইয়াৰ পূৰ্বেও বৰুণ চক্ৰৱৰ্তীয়ে টি-২০ শৃংখলাত ১২টা উইকেট দখল কৰিছে। অৰ্থাৎ চলিত শৃংখলাৰ আজি অন্তিমখন মেচত বৰুণে নিজৰ এই অভিলেখ আৰু অধিক শক্তিশালী কৰাৰ সুযোগ লাভ কৰিব।

অৱশ্যে এই শৃংখলাতে নহয়, তিনি বছৰৰ মূৰত ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তনৰ পিছৰে পৰা বৰুণ চক্ৰৱৰ্তীয়ে নিজৰ স্পীন ঘূৰ্ণীৰে লাভ কৰিছে সফলতা, প্ৰতিপক্ষৰ সমুখত সৃষ্টি কৰিছে ত্ৰাসৰ। এনে প্ৰদৰ্শনেৰে মিষ্ট্ৰী স্পিনাৰগৰাকী ভাৰতীয় দলৰ বাবেও এতিয়া সফলতাৰ অন্যতম প্ৰধান ভৰসা হৈ পৰিছে। পিছে ভাৰতীয় দলত স্থান লাভ আৰু তাৰ পিছত দলৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য হিচাপে পৰিগণিত হোৱালৈ বৰুণৰ এই যাত্ৰা ইমান সহজ নাছিল।

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বৰুণ চক্ৰৱৰ্তীৰ এটা পুৰণি ভিডিঅ’। এই ভিডিঅ’টোত তেওঁ নিজৰ ক্ৰিকেট যাত্ৰাৰ বিষয়ে উল্লেখ কৰিছে। উল্লেখ যে বৰুণ চক্ৰৱৰ্তীৰ জন্ম হৈছিল কৰ্ণাটকৰ বিদাৰত। অৱশ্যে তেওঁ তামিলনাডুৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিছে। নিজৰ কেৰিয়াৰৰ প্ৰাৰম্ভিক যাত্ৰা পিছে অত্যন্ত কষ্টকৰ আছিল বৰুণৰ। জুনিয়ৰ পৰ্যায়ত দীঘলীয়া সময়ৰ চেষ্টাৰ পিছতো তেওঁ সফলতা লাভ কৰিব পৰা নাছিল।

 

এনে পৰিস্থিতিত ১৬ বছৰ বয়সত তেওঁ শিক্ষা গ্ৰহণৰ সিদ্ধান্ত লৈ ক্ৰিকেটৰ পৰা নিজকে আঁতৰাই আনে। শিক্ষা লাভৰ পিছত তেওঁ চাকৰিত নিযুক্তি লাভ কৰে। কিন্তু মনত ক্ৰিকেটাৰ হোৱাৰ উদ্যম তেতিয়াও সমাপ্ত হোৱা নাছিল বৰুণৰ আৰু চাকৰি এৰি পুনৰ ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিলে। বৰুণে ভিডিঅ’টোত সদৰী কৰা মতে তেওঁ প্ৰথমে এগৰাকী বেটাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু তাৰ পিছত উইকেটকিপিঙতো চেষ্টা কৰিছিল।

কিন্তু সফলতা লাভ নকৰাৰ পিছত তেওঁ বলাৰ হোৱাৰ সিদ্ধান্ত লয়। প্ৰথম অৱস্থাত তেওঁ আছিল এজন বেগী বলাৰ। কিন্তু আঘাতৰ বাবে তেওঁ পেচ বলাৰ হোৱাৰ আশাও ত্যাগ কৰে। ইয়াৰ পিছতহে তেওঁ স্পিনাৰ হোৱাৰ সিদ্ধান্ত লয় আৰু সফলতাৰ যাত্ৰা আৰম্ভ হয় তাৰ পিছত প্ৰথমে তেওঁ তামিলনাডু প্ৰিমিয়াৰ লীগত স্থান লাভ কৰে। ইয়াৰ পিছত তেওঁ আইপিএলত স্থান লাভ কৰে আৰু এই বৃ্হৎ মঞ্চৰ সফলতাই ভাৰতীয় দলৰ দ্বাৰ মুকলি কৰে।

দেৱী সৰস্বতী বিবাহিত নে অবিবাহিত?
সৰস্বতী পূজাৰ দিনা কি কি খাব নালাগে, জানেনে?
তীৰ্থ যাত্ৰাত হোৱা মৃত্যুই কিহৰ সংকেত দিয়ে জানেনে?
সৰস্বতী পূজাত কেনেধৰণৰ মেখেলা-চাদৰ পিন্ধিব বিচাৰি পোৱা নাই নেকি? অভিনেত্ৰীসকলৰ পৰা লওক আইডিয়া