আই পি এলতে নহয়, ব্যক্তিগত জীৱনতো ‘বিশ্বাস’ক মূল্য দিয়ে ৰাছেলেঃ জানেনে তেওঁৰ প্ৰেমজীৱনৰ কথা?
তিনিবাৰকৈ আই পি এলৰ খিতাপজয়ী কলকাতা নাইট ৰাইডাৰ্ছৰ বাবে কিংবদন্তি অলৰাউণ্ডাৰত পৰিণত হৈছে ৰাছেল। এক কথাত দলটোৰ বাবে, দলটোৰ প্ৰতিগৰাকী সমৰ্থকৰ চকুৰ মণি তেওঁ। কেকেআৰৰ বিশ্বাসক ৰাছেল যিদৰে ৰক্ষা কৰি আহিছে, ব্যক্তিগত জীৱনতো ‘বিশ্বাস’ৰ মূল্য দিয়ে ৰাছেলে।

ৰাছেলৰ প্ৰেমজীৱনৰ কথা জানেনে?
দূৰণিবটীয়া প্ৰেম বা ইংৰাজীত লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপ। বৰ্তমান সময়ত অতি পৰিচিত শব্দ। প্ৰখ্যাত কেৰিবিয়ান ক্ৰিকেটাৰ আন্দ্ৰে ৰাছেলে কেইবাবছৰ ধৰি ৰক্ষা কৰি আহিছে এনে সম্পৰ্ক। কেনেকৈ, সেয়া জানিবলৈ আপুনিও নিশ্চয় আগ্ৰহী। স্বাভাৱিকতেই আন্দ্ৰে ৰাছেলক নতুনকৈ পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নিশ্চয় নাই। ক্ৰিকেটৰ খবৰ ৰখা প্ৰতিজন লোকৰ বাবেই চিনাকি মুখ ৰাছেল। সমগ্ৰ বিশ্বতে বছৰটোত কোনো নহয় কোনো ফ্ৰেঞ্চাইজী টি-২০ লীগ অনুষ্ঠিত হয়। এই লীগসমূহত কেৰিবিয়ান ক্ৰিকেটাৰৰ চাহিদ প্ৰচুৰ। বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ফ্ৰেঞ্চাইজী টুৰ্ণামেন্ট আই পি এলতো প্ৰায় এটা যুগ ধৰি খেলিছে ৰাছেলে।
তিনিবাৰকৈ আই পি এলৰ খিতাপজয়ী কলকাতা নাইট ৰাইডাৰ্ছৰ বাবে কিংবদন্তি অলৰাউণ্ডাৰত পৰিণত হৈছে ৰাছেল। এক কথাত দলটোৰ বাবে, দলটোৰ প্ৰতিগৰাকী সমৰ্থকৰ চকুৰ মণি তেওঁ। অৱশ্যে চলিত ছিজনত ৰাছেলৰ প্ৰদৰ্শন অত্যন্ত হতাশাজনক। এইবাৰ দৰ্শকে দেখা নাই ৰাছেলৰ বাহুবল। শক্তিশালী প্ৰদৰ্শনৰ বাবে অপেক্ষাৰত ৰাছেল। সমৰ্থকৰো সেয়াই প্ৰত্যাশা ।
ক্ৰিকেটক ৰাছেলে যি অৱদান যোগাইছে, ক্ৰিকেটেও ৰাছেলক তাৰ প্ৰতিদান নিদিয়াকৈ থকা নাই। ব্যক্তিগতভাৱে পুৰস্কাৰ বুটলাৰ লগতে দলীয়ভাৱেও লাভ কৰিছে সফলতা। ক্ৰিকেটেই তেওঁক জীৱন সংগীও দিছে। সেয়া অৱশ্যে আই পি এলৰ মঞ্চত নহয়। ক্ৰিকেটত ৰাছেলৰ যিদৰে টি-২০ ফৰ্মেট বেছি পছন্দৰ, ব্যক্তিগত জীৱনতো যেন টি-২০ য়েই পছন্দ। কিন্তু কেনেকৈ?
সেয়া ২০১৪ চনৰ কথা। কেৰিবিয়ান প্ৰিমিয়াৰ লীগৰ মাজতেই ৰাছেলৰ সৈতে জেছিম লাৰাৰ চিনা-পৰিচয় হয়। জেছিমৰ ৰূপে মুগ্ধ কৰে ৰাছেলক। তেওঁলোকৰ মন-প্ৰাণ খুব সোনকালেই ৰঙীণ হৈ পৰে। পিছে এই সম্পৰ্ক যথেষ্ট গোপনীয়ভাৱে ৰাখে দুয়ো। ২০১৪ চনতেই দুয়োৰে এংগেজমেন্ট আৰু দুবছৰৰ ভিতৰত বিয়া। সেয়াও ব্যক্তিগত কৰি ৰাখিছিল দুয়ো। নিকট আত্মীয়ৰ উপস্থিতিতে সম্পন্ন হয় বিয়া। ২০২০ চনত দুয়োৰে সংসাৰ শুৱনি কৰে এটি পুত্ৰ সন্তানে।
ৰাছেলৰ সৈতে অৱশ্যেই ভৌগলিকভাৱে দূৰত্বত আছে জেছিম। তেওঁ থাকে ফ্লৰিডাত। ক্ৰিকেটাৰ ৰাছেলৰ পত্নী জেছিম পেছাত মডেল। পেছাগত দিশত দুয়ো ব্যস্ত। বছৰৰ বেছিভাগ সময় ৰাছেল ব্যস্ত থাকে ক্ৰিকেটত। বিভিন্ন দেশৰ ফ্ৰেঞ্চাইজী লীগত অংশ লয় তাৰকাগৰাকীয়ে। কিন্তু ২০১৯ চনৰ এটি মুহূৰ্ত হৈ পৰে অতি বিশেষ। আইপিএলত ইডেন গাৰ্ডেনত কলকাতাৰ এখন মেচৰ দিনাই পৰে ৰাছেলৰ জন্মদিন। মেচৰ শেষত ৰাছেলৰ সাক্ষাৎকাৰ লৈছিল জেছিমে।
জেছিমৰ শেহতীয়া ছচিয়েল মিডিয়া পোষ্টবোৰক লৈ অৱশ্যে যথেষ্ট চৰ্চা হৈছে। কেতিয়াবা সন্তানৰ সৈতে বা কেতিয়াবা অকলে ছবি শ্বেয়াৰ কৰে তেওঁ। ইয়াৰ পিছতে অনুৰাগীৰ মাজত চলিছে চৰ্চা, ৰাছেল-জেছিমৰ সম্পৰ্কত ফাট মেলিছে নেকি? অৱশ্যে জেছিমে ইনষ্টাগ্ৰামৰ ষ্ট’ৰীত সেই চৰ্চা মিছা প্ৰমাণ কৰে। আইপিএলৰ শেষত হয়তো পুনৰ দেখা যাব তেওঁলোকক একেলগে।