শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দুবাৰকৈ পিছুৱাবলগা হৈছিল বিয়াৰ দিন! জানেনে আৰচিবিৰ অধিনায়ক ৰজতৰ জীৱনৰ এই কাহিনী?

ভাৰতীয় ক্ৰিকেটত সাম্প্ৰতিক সময়ত ৰজত পাটিদাৰৰ নাম অচিনাকি নহয়। আই পি এলত বৰ্তমান আৰচিবিৰ অধিনায়ক হিচাপে দায়িত্ব বহন কৰিলেও পিছে প্ৰতিযোগিতাত ৰজতৰ উত্থানৰ কাহিনী সাধুকথাৰ দৰে। একেদৰেই আলোচনাৰ আধাৰ তেওঁৰ ব্যক্তিগত জীৱনো।

দুবাৰকৈ পিছুৱাবলগা হৈছিল বিয়াৰ দিন! জানেনে আৰচিবিৰ অধিনায়ক ৰজতৰ জীৱনৰ এই কাহিনী?
আৰচিবিৰ অধিনায়ক ৰজত পাটিদাৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 22 Apr 2025 23:27 PM

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আটাইতকৈ জনপ্ৰিয় দলটো কোনটো? ভিন্ন দিশৰ পৰা এই প্ৰশ্নৰ সঠিক উত্তৰ দিয়া কিছু কঠিন। অৱশ্যে অনুৰাগীৰ আনুগত্যৰ কথা আহিলে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ কথা নিশ্চিতভাৱে উল্লেখ কৰিব পাৰি। আই পি এলৰ জন্মৰ পৰাই অৰ্থাৎ ২০০৮ চনৰ পৰা আৰ চি বিয়ে এই প্ৰতিযোগিতাত খেলি আহিছে। প্ৰতিবাৰেই তেওঁলোকে এটা শক্তিশালী দল গঠন কৰে আৰু জয়ৰ আশা লৈ প্ৰতিযোগিতাত নামে। পিছে খিতাপ জয়ৰ দৌৰত প্ৰতিবাৰেই বিমুখ হ’বলগা হয় ফ্ৰেন্সাইজিটো। কিন্তু তাৰ পাছতো সমৰ্থন অলপো হ্ৰাস পোৱা নাই আাৰচিবিৰ। প্ৰতিটো ছিজনতে একেদৰেই দলৰ কাষত থাকে অনুৰাগী। এনে এটা দলৰ অধিনায়ক হ’ব পৰাটো স্বাভাৱিকতেই প্ৰতিজন খেলুৱৈৰ বাবে গৌৰৱৰে কথা।

অৱশ্যে সকলোৰে ভাগ্যত নাথাকে এনে এক সুযোগ। বহু তাৰকা ক্ৰিকেটাৰে ইতিমধ্যে আৰচিবিৰ হৈ খেলি গৈছে। তাৰে একাংশই দলটোক নেতৃত্বও দিছিল। অৱশ্যে বৰ্তমানৰ অধিনায়ক ৰজত পাটিদাৰৰ বাবে এই সুযোগ ঠিক যেন সাধুকথাৰ দৰে। ভাৰতীয় ক্ৰিকেটত সাম্প্ৰতিক সময়ত ৰজত পাটিদাৰৰ নাম অচিনাকি নহয়। কিন্তু ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকতাৰ পিছতো তেওঁ আন্তঃৰাষ্ট্ৰীয় বা আই পি এলৰ মঞ্চত পোৱা নাছিল সুযোগ।

২০২১ চনত পোন প্ৰথমবাৰৰ বাবে আৰচিবিৰ জাৰ্চি পিন্ধি খেলাৰ সুযোগ পাইছিল পাটিদাৰে। অৱশ্যে ২০২২ চনতহে তেওঁ সকলোৰে দৃষ্টিগোচৰ হৈছিল। আৰচিবিৰ হৈ উক্ত ছিজনৰ এলিমিনেটৰ মেচত তেওঁ এক চকমপ্ৰদ অপৰাজিত শতক অৰ্জন কৰিছিল। কিন্তু সেইবাৰ তেওঁৰ আই পি এল যাত্ৰা আছিল কল্পকথাৰ দৰে। উক্ত ছিজনৰ নিলামত বিক্ৰী হোৱা নাছিল ৰজত পাতিদাৰ। গতিকে সেই সময়তে ৰজতৰ বাবে পাত্ৰীৰ সন্ধান চলাইছিল পৰিয়ালে।

বিয়াৰ বাবে স্থান, কাল, পাত্ৰ সকলো ঠিক হ’ল। কিন্তু সলনি হ’ল পৰিকল্পনা। নিলামত বিক্ৰী নোহোৱাত প্ৰথমতে দীপাৱলীৰ আশে-পাশে বিয়া অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। পিছে বিশেষ কাৰণত পিছুৱাবলগা হয় বিয়া। ইয়াৰ পিছত ৯ মে’ত তেওঁৰ গৃহ চহৰ ইন্দোৰত বিবাহৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কিন্তু ভাগ্যই অনা গুৰুত্বপূৰ্ণ ‘টাৰ্ণিং’ৰ বাবে এইবাৰো স্থগিত ৰাখিবলগা হয় বিবাহ।

বৰ্তমান কলকাতা নাইট ৰাইডাৰ্ছৰ সদস্য লাভনীত চিছ’ডিয়া ২০২২ চনত আছিল আৰচিবিৰ শিবিৰত। কিন্তু আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে আঘাতপ্ৰাপ্ত হৈছিল লাভনীত আৰু এই আঘাতেই দ্বাৰ মুকলি কৰিলে ৰজতৰ। হঠাৎ আৰচিবিৰ টিম মেনেজমেণ্টৰ পৰা ৰজতলৈ ফোন আহিল। তেওঁক সাজু থাকিবলৈ কোৱা হ’ল। আৰু ইয়াৰ পিছতে লাভনীতৰ স্থানত ৰজতে যোগ দিলে আৰচিবিত।

হাতলৈ অহা এই সুযোগ অথলে যাবলৈ নিদি কেইবাটাও আকৰ্ষণীয় ইনিংছৰ লগতে এলিমিনেটৰত ১১২ ৰানৰ সেই অপৰাজিত ইনিংছ খেলে ৰজতে। কেৱল সেয়াই নহয়, বিকল্প হিচাপে দলত সুযোগ পোৱা ৰজত সেই সময়ত আৰচিবিৰ তৃতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী আছিল। অৱশ্যে পিছৰ ছিজনত গোৰোহাৰ আঘাতৰ বাবে খেলিব নোৱাৰিলে ৰজতে। পিছে দুবাৰকৈ বিবাহ পিছুওৱা ৰজতে তৰিলেনে সংসাৰ!

ৰজতৰ বিবাহ সন্দৰ্ভত এইপৰ্যন্ত ৰাজহুৱাকৈ প্ৰকাশ পোৱা নাই কোনো তথ্য। সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমতো তেওঁৰ বিবাহ সন্দৰ্ভত কোনো খবৰ পোহৰলৈ অহা নাই। কিন্তু তাৰ মাজতো ৰজত পাটিদাৰে ২০২২ বৰ্ষৰে জুলাই মাহত বিবাহপাশত আৱদ্ধ হোৱা বুলি কিছু প্ৰতিবেদনত প্ৰকাশ পাইছে। তেওঁৰ পত্নীক লৈও দেখা গৈছে কিছু চৰ্চা। কিছু প্ৰতিবেদনত তেওঁৰ পত্নীৰ নাম ঐশ্বৰ্য বুলি উল্লেখ কৰাৰ বিপৰীতে আন কিছুমানত আকৌ গুঞ্জন বুলি প্ৰকাশ পাইছে।

এই ‘সম্ভাৱ্য’ পত্নীৰ সৈতে ৰজতৰ কেইখনমান ফটোহে উপলব্ধ। এক কথাত তেওঁৰ ক্ৰিকেট কেৰিয়াৰৰ দৰেই ব্যক্তিগত জীৱনটোও বিশেষ লাইমলাইটত নাই। এইবাৰ পিছে অধিনায়ক হিচাপে কিছু সফলতাৰে আগবাঢ়িছে ৰজত। তেওঁৰ নেতৃত্বত আৰচিবি সম্প্ৰতি পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে। এতিয়া ৰজতৰ নেতৃত্বতে প্ৰথমবাৰৰ বাবে আৰচিবিৰ খিতাপ জয়ৰ আশাত অপেক্ষাৰত অনুৰাগীও।