শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আই পি এলত দৰ্জী পুত্ৰৰ চমকঃ এযোৰ জোতাৰ বাবে হাহাকাৰ কৰা এগৰাকী যুৱকে দেখিছে সাফল্যৰ পথ

আই পি এলৰ জৰিয়তে সফলতাৰ ৰঙীন পৃষ্ঠাত নিজৰ নাম সংযোজিত কৰিছে বহুকেইগৰাকী ক্ৰিকেট তাৰকাই; উন্মেষ ঘটিছে বহু যুৱ ক্ৰিকেট প্ৰতিভাৰ। এই ধাৰা বহন কৰিয়েই এতিয়া চৰ্চালৈ আহিছে এগৰাকী যুৱ খেলুৱৈ। দৰিদ্ৰতাই আনি দিয়া কঠিন সময় নেওচি সফলতাৰ বাট বুলিছে চৰ্চিত এই খেলুৱৈজনে। নাম তেওঁৰ জিছান আনচাৰী।

আই পি এলত দৰ্জী পুত্ৰৰ চমকঃ এযোৰ জোতাৰ বাবে হাহাকাৰ কৰা এগৰাকী যুৱকে দেখিছে সাফল্যৰ পথ
উন্মেষ ঘটিছে আন এক প্ৰতিভাৰ
monjit-dutta
Monjit Dutta | Published: 31 Mar 2025 17:42 PM

বিশ্বৰ আটাইতকৈ ধনাঢ্য আৰু জনপ্ৰিয় ক্ৰিকেট লীগ আই পি এল। পিছে কেৱল এই দিশৰ পৰাই আই পি এলৰ বিচাৰ কৰা উচিত নহ’ব, কিয়নো এই ক্ৰিকেট লীগৰ পৰাই সফলতাৰ ৰঙীন পৃষ্ঠাত নিজৰ নাম সংযোজিত কৰিছে বহুকেইগৰাকী ক্ৰিকেট তাৰকাই; উন্মেষ ঘটিছে বহু যুৱ ক্ৰিকেট প্ৰতিভাৰ। এই ধাৰা অব্যাহত আছে প্ৰতিযোগিতাৰ চলিত ছিজনতো। ভিগনেশ পুথুৰৰ পিছত এতিয়া আন এগৰাকী খেলুৱৈয়ে আই পি এলত অভিষেকতে সৃষ্টি কৰিছে আলোড়নৰ। পুথুৰৰ দৰেই এইগৰাকী যুৱ খেলুৱৈয়েও নিজৰ স্পীন চমকৰে বেটাৰক ফান্দত পেলাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।

নাম তেওঁৰ জিছান আনচাৰী। দেওবাৰে দিল্লী কেপিটেলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হৈছিল আই পি এলৰ চলিত ছিজনৰ দশম মেচখন। হায়দৰাবাদৰ অধিনায়ক পেট কামিন্সে মূল একাদশত পৰিৱৰ্তন ঘটাই দিল্লীৰ বিপক্ষে জিছানক দলত স্থান দিয়ে। হাতলৈ অহা এই সুযোগ অথলে যাবলৈ নিদিলে জিছানে। অভিষেক আই পি এল মেচখনতে চমকপ্ৰদ বলিঙেৰে জিছানে দখল কৰে দিল্লীৰ ইনিংছৰ ৩টা উইকেট।

বিগত বৰ্ষৰ শেষৰফালে অনুষ্ঠিত হোৱা মেগা নিলামত ছানৰাইজাৰ্ছ হায়দৰাবাদে জিছানক ৪০ লাখ টকাত ক্ৰয় কৰিছিল। প্ৰথম দুখন মেচত সুযোগ নাপালেও কালি দিল্লীৰ বিপক্ষে জিছানে খেলাৰ সুযোগ পায় আৰু উইকেটৰ বাবে হাহাকাৰ কৰা ছানৰাইজাৰ্ছ হায়দৰাবাদক সফলতা প্ৰদান কৰে। নিজৰ প্ৰথমটো আই পি এল উইকেট হিচাপে ৰিয়ানে দখল কৰিছিল দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন তাৰকা ফাফ ডু প্লেছিছৰ উইকেট।

একেটা অভাৰতে জিছানৰ চিকাৰ হয় দিল্লীৰ আনগৰাকী অপেনাৰ জেক ফ্ৰেজাৰ মেকগুৰ্ক। ইয়াৰ পিছতে ভাৰতীয় দলৰ তাৰকা বেটাৰ কে এল ৰাহুলকো পেভিলিয়নৰ পথ দেখুৱায় জিছানে। এইদৰে মাত্ৰ ৮টা বলতে ৩টা উইকেট দখল কৰি জিছানে কিছু সময়ৰ বাবে দিল্লীৰ শিবিৰত চিন্তাৰ পৰিৱেশেই সৃষ্টি কৰিছিল। অৱশ্যে এনে পৰিস্থিতিৰ পৰা ওলাই অৱশেষত দিল্লীয়ে ৭ উইকেটত জয় লাভ কৰে মেচখনত।

অৰ্থাৎ মেচখনত দিল্লীৰ মাত্ৰ ৩টা উইকেট পতন হয় আৰু এই আটাইকেইটা উইকেট আহে জিছানৰ হাতলৈ। এইদৰে প্ৰথম মেচত পৰাস্ত হ’লেও ব্যক্তিগতভাৱে জিছানে আই পি এলত ঘটায় প্ৰত্যাশিত অভিষেক। উল্লেখ্য যে লক্ষ্ণৌত জন্মগ্ৰহণ কৰা জিছান আনচাৰীয়ে ১৯ অনুৰ্ধ বিশ্বকাপত ঋষভ পণ্ট আৰু ঈষান কিষাণৰ সৈতে একেলগে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল। ঘৰুৱা ক্ৰিকেটত ২৫ বৰ্ষীয় জিছানে প্ৰতিনিধিত্ব কৰে গৃহ ৰাজ্য উত্তৰ প্ৰদেশক।

উত্তৰ প্ৰদেশৰ হৈ হৈ তেওঁ চৈয়দ মুস্তাক আলী ট্ৰফীত ১খন মেচ খেলাৰ লগতে ৫ খন প্ৰথম শ্ৰেণীৰ মেচ খেলি ১৭ টা উইকেট দখল কৰিছে। ইউ পি টি-২০ লীগৰ সময়ত মীৰাট মেভেৰিক্সৰ হৈ খেলি তেওঁ ২৪টা উইকেট দখল কৰি প্ৰতিযোগিতাখনত সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছিল। ইয়াৰ পিছতহে তেওঁ আহিছিল লাইমলাইটলৈ। টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি শ্বেন ৱাৰ্ণ, অনিল কুম্বলে আৰু পিযুষ চাওলাৰ দৰে কিংবদন্তি লেগ স্পিনাৰ জীশন আনছাৰীৰ প্ৰেৰণাৰ উৎস।

অৱশ্যে ক্ৰিকেটীয় যাত্ৰাত সফলতাৰ খোজ দিয়াৰ ক্ষেত্ৰত ইমান সহজ পথ নাছিল জিছানৰ সমুখত। তেওঁৰ শৈশৱ পাৰ হৈছিল দৰিদ্ৰতাৰ মাজেৰে। জিছানৰ পিতৃয়ে লক্ষ্ণৌত এগৰাকী দৰ্জী হিচাপে জীৱন নিৰ্বাহ কৰি আহিছে। দৰ্জী কামৰ উপাৰ্জনেৰে পৰিয়াল চলোৱা তেওঁৰ বাবে কঠিন হৈ পৰিছিল। এনে পৰিস্থিতিত জিছানৰ একাডেমীৰ বাবে ৩০০ টকাৰ মাচুলো দিব পৰা নাছিল।

কেৱল এয়াই নহয়, খেল খেলাৰ বাবে প্ৰয়োজনীয় জোতা আৰু কিট কিনিবলৈও তেওঁৰ হাতত নাছিল প্ৰয়োজনীয় ধন। কিন্তু জিছানৰ খুড়াক, দেউতাকৰ বন্ধু আৰু প্ৰশিক্ষকে তেওঁৰ প্ৰতিভা দেখি সহায়ৰ বাবে আগবাঢ়ি আহে প্ৰয়োজনীয় সকলো সঁজুলি ক্ৰয় কৰি দিয়ে। ইয়াৰ পিছতহে আৰম্ভ হয় জিছানৰ ক্ৰিকেট যাত্ৰা। জিছানৰ পিতৃয়ে জানিবলৈ দি্যা মতে জিছানক ক্ৰিকেট একাডেমীলৈ পঠিয়াওঁতে আত্মীয়ৰ পৰা তেওঁ যথেষ্ট ঠাট্টা-মস্কৰাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

তেওঁলোকে আনকি জিছানৰ পিতৃক সামৰ্থতকৈ ডাঙৰ সপোন দেখিছে’ বুলিও বিদ্ৰুপ কৰিছিল। অৱশ্যে জিছানৰ কঠোৰ পৰিশ্ৰম দেখি পিতৃয়ে তেওঁক নিজৰ ভৱিষ্যত নিজে গঢ়ি তোলাত পূৰ্ণ সমৰ্থন আগবঢ়ায় আৰু এই সমৰ্থনৰ বলতে আজি জিছানে পৰিয়াললৈ কঢ়িয়াই আনিছে অনন্য গৌৰৱময় ক্ষণ। এতিয়া সকলো ক্ৰিকেটপ্ৰেমীৰে আশা, ইয়াতে থমকি নৰওক সফলতাৰ পথত জিছানৰ এই যাত্ৰা।