শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এফালে দলক উৎসাহ, আনফালে দৰ্শকক আমোদঃ জানেনে চিয়েৰলিডাৰসকলৰ পাৰিশ্ৰমিক কিমান!

এফালে দলক সমৰ্থন, আনফালে দৰ্শকৰ মনত আমোদ সৃষ্টি কৰা চিয়েৰলিডাৰসকলৰ সৌন্দৰ্যই অধিকাংশ লোকৰে হৃদয় জয় কৰে। প্ৰতিখন খেলতে চিয়েৰলিডাৰসকলে নিজৰ সৌন্দৰ্য, মন জয় কৰা হাঁহি আৰু নৃত্যৰে মেচখনলৈ আনি দিয়ে অতিৰিক্ত গ্লেমাৰ। পিছে এই চিয়েৰলিডাৰসকলক প্ৰতিখন মেচত কিমান দৰমহা দিয়া হয় সেই কথা কেতিয়াবা ভাবিছেনে?

এফালে দলক উৎসাহ, আনফালে দৰ্শকক আমোদঃ জানেনে চিয়েৰলিডাৰসকলৰ পাৰিশ্ৰমিক কিমান!
কিমান দৰমহা পায় চিয়েৰলিডাৰসকলে!
monjit-dutta
Monjit Dutta | Published: 30 Mar 2025 18:02 PM

আই পি এল মানেই উন্মাদনা। এফালে যদি বেটাৰৰ ছয়-চাৰিৰ ফুলজাৰি, আনফালে আকৌ বলাৰৰ নিখুঁত বলেৰে ষ্টাম্পত কৰা আঘাত অথবা ফিল্ডাৰৰ উৰন্ত চমক- খেলপথাৰৰ এই সকলো দৃশ্যই দৰ্শকৰ মনলৈ আনি দিয়ে অনন্য ৰোমাঞ্চ। মুঠৰ ওপৰত ধনাঢ্য ক্ৰিকেট লীগ আই পি এল ক্ৰিকেটপ্ৰেমীৰ বাবে ক্ৰিকেট আৰু মনোৰঞ্জনৰ সফল সংমিশ্ৰণ। সেয়ে খেলপথাৰৰ পৰা আৰম্ভ কৰি যিকোনো আড্ডাস্থলীতে আই পি এলে দখল কৰে নিজৰ স্থান। এয়া সকলোৰে বাবে চিনাকি দৃশ্য।

কোনটো দলৰ ট্ৰাম্প কাৰ্ড কোন? কোনটো দলে ভাল খেলিছে? কোনটো দলে বলিঙৰ ওপৰত গুৰুত্ব দিব লাগে? কোনটো দলে বেটিঙত গুৰুত্ব দিব লাগে? এই সকলোবোৰৰ বিষয়ে ক্ৰিকেট প্ৰেমীসকলে অতি বিশদভাৱে আলোচনা কৰে নিজৰ আড্ডাত। এই আলোচনাত চিয়েৰলিডাৰসকলেও কোনো সময়ত উলিয়াই লয় সুকীয়া স্থান। আলোচনা নোহোৱাকৈ থাকিবনো কিয়, আই পি এলৰ প্ৰতিখন মেচতে চোন দেখা যায় তেওঁলোকৰ চমক।

এফালে দলক সমৰ্থন, আনফালে দৰ্শকৰ মনত আমোদ সৃষ্টি কৰা চিয়েৰলিডাৰসকলৰ সৌন্দৰ্যই অধিকাংশ লোকৰে হৃদয় জয় কৰে। চাৰি-ছয়, উইকেট পতনৰ সময়ত তেওঁলোকৰ নৃত্যই যিদৰে খেলপথাৰত দৰ্শকৰ চকু কপালত তোলে, সেইদৰে টেলিভিছন-মোবাইলৰ পৰ্দাতো জিলিকি উঠে তেওঁলোক। পিছে এই চিয়েৰলিডাৰসকলক প্ৰতিখন মেচত কিমান দৰমহা দিয়া হয় সেই কথা কেতিয়াবা ভাবিছেনে?

প্ৰতি বছৰে আই পি এলৰ সময়ত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ থাকে চিয়েৰলিডাৰসকল। বিগত সময়ত এই চিয়েৰলিডাৰসকলক কেন্দ্ৰ কৰি কিছু বিতৰ্কও অৱশ্যে নোহোৱাকৈ থকা নাই। প্ৰতিখন খেলতে চিয়েৰলিডাৰসকলে নিজৰ সৌন্দৰ্য, মন জয় কৰা হাঁহি আৰু নৃত্যৰে মেচখনলৈ আনি দিয়ে অতিৰিক্ত গ্লেমাৰ। প্ৰতিবেদন অনুসৰি ইউৰোপৰ বিভিন্ন সৰু-বৰ চহৰৰ এজেন্সীৰ জৰিয়তে আই পি এলৰ মঞ্চত উপস্থিত হয় চিয়েৰলিডাৰসকল।

এই প্ৰতিবেদনসমূহৰ মতেই, চিয়েৰলিডাৰসকলে ভাৰতীয় মুদ্ৰা হিচাপত কমেও ১৭ লাখ টকাৰ দৰমহাৰ পেকেজ লাভ কৰে। সাধাৰণতে তেওঁলোকে প্ৰতিখন মেচতে ১৪-১৭ হাজাৰ টকা পাৰিশ্ৰমিক পায়। জানিব পৰা মতে, কলকাতা নাইট ৰাইডাৰ্ছে সৰ্বাধিক দৰমহা দিয়ে চিয়েৰলিডাৰসকলক। কেকেআৰে তেওঁলোকৰ চিয়েৰলিডাৰসকলক প্ৰতিখন মেচত ২৪ হাজাৰ টকাকৈ প্ৰদান কৰে।

আনহাতে মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু দলৰ চিয়েৰলিডাৰসকলে প্ৰতিখন মেচতে ২০ হাজাৰ টকাকৈ লাভ কৰে। ইফালে চেন্নাই ছুপাৰ কিংছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ, দিল্লী কেপিটেলছ আৰু পঞ্জাব কিংছে নিজৰ চিয়েৰলিডাৰসকলক প্ৰতিখন মেচত ১২ হাজাৰ টকাকৈ প্ৰদান কৰে। ইফালে মেচৰ পাছত পাৰ্টিলৈ গ’লে তেওঁলোকে অধিক ধন পায়। ইয়াৰ উপৰিও তেওঁলোকে বিনামূলীয়াকৈ থকাৰ আৰু খোৱাৰ সুবিধা পায়।