ICC Champions Trophy 2025: একোটা টিকটৰ মূল্যত এক কিলোগ্ৰাম পনীৰো নাপায় ভাৰতত ! ইমান সস্তা কেনেকৈ ?
অহা ফেব্ৰুৱাৰী মাহৰ পৰা অনুষ্ঠিত হ'বলগীয়া আই চি চি চেম্পিয়নছ ট্ৰফীৰ টিকটৰ মূল্যৰ তালিকা প্ৰকাশ । কিমান দামৰ পৰা উপলব্ধ হ'ব টিকট জানি লওক সবিশেষ-
সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে আইচিচি পুৰুষ চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে । ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আইচিচি পুৰুষ চেম্পিয়নছ ট্ৰফী আৰু ৯ মাৰ্চত ফাইনেল অনুষ্ঠিত হ’ব । অহা ২৩ ফেব্ৰুৱাৰীত ডুবাইৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ বহু প্ৰত্যাশিত খেলখন ।
পাকিস্তান ক্ৰিকেট ব’ৰ্ডে (পিচিবি) ইতিমধ্যে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ মেচৰ টিকটৰ মূল্য ঘোষণা কৰিছে । টিকটৰ আটাইতকৈ কম মূল্য ১০০০ পাকিস্তানী টকা (পিকেআৰ), যিটো ভাৰতীয় মুদ্ৰাত ৩১০ টকাৰ সমতুল্য । ভাৰতত ১ কিলোগ্ৰাম পনীৰৰ গড় মূল্য প্ৰায় ৪০০ টকা । অৰ্থাৎ এক কিলোগ্ৰাম পনীৰৰ মূল্যতকৈও কম দৰত উপলব্ধ হৈছে চেম্পিয়নছ ট্ৰফীৰ টিকট ।
পিটিআইৰ প্ৰতিবেদন অনুসৰি কৰাচী, লাহোৰ আৰু ৰাৱালপিণ্ডিত অনুষ্ঠিত হ’বলগীয়া গ্ৰুপ পৰ্যায়ৰ খেলসমূহৰ বাবে পিচিবিয়ে ন্যূনতম টিকটৰ মূল্য ১০০০ পিকেআৰ নিৰ্ধাৰণ কৰিছে, যাৰ লক্ষ্য হৈছে প্ৰতিযোগিতাখন অনুৰাগীৰ বাবে সুলভ কৰি তোলা । ৰাৱালপিণ্ডিত পাকিস্তান বনাম বাংলাদেশৰ দৰে ডাঙৰ মেচৰ বাবে টিকটৰ মূল্য ২০০০ পাকিস্তানী টকা (৬২০ ভাৰতীয় টকা)ৰ পৰা আৰম্ভ হৈছে । ছেমি ফাইনেলৰ টিকটৰ মূল্য আৰম্ভ হৈছে ২৫০০ পাকিস্তানী টকা (৭৭৬ ভাৰতীয় টকা)ৰ পৰা ।
প্ৰিমিয়াম দৰ্শনীৰ অভিজ্ঞতা লাভ কৰিবলৈ গ্ৰুপ পৰ্যায়ৰ খেলৰ বাবে ১২০০০ পাকিস্তানী টকা (৩৭২৬ ভাৰতীয় টকা) আৰু ছেমি ফাইনেলৰ বাবে ২৫০০০ পাকিস্তানী টকা (৭৭৬৪ ভাৰতীয় টকা)ত ভিভিআইপি টিকট উপলব্ধ। প্ৰিমিয়াৰ ষ্টেণ্ডৰ টিকটৰ মূল্য স্থান অনুসৰি ৩৫০০ৰ পৰা ৭০০০ পাকিস্তানী টকা (১০৮৬–২১৭০ ভাৰতীয় টকা)ৰ ভিতৰত।
বিচিচিআইয়ে ভাৰতীয় দলটোক পাকিস্তানলৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লোৱাৰ বাবে ভাৰতৰ সকলো খেল ডুবাইত অনুষ্ঠিত হ’ব । অৱশ্যে এই মেচসমূহৰ টিকটৰ মূল্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই । বিশেষ কথাটো হ’ল ভাৰতে যদি ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰি ফাইনেলত প্ৰৱেশ কৰে, তেন্তে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰথম ছেমি ফাইনেল আৰু ফাইনেল দুয়োখন খেল ।
এইবাৰৰ চেম্পিয়নছ ট্ৰফীত আয়োজক পাকিস্তান (ডিফেণ্ডিং চেম্পিয়ন) আৰু যোৱা সংস্কৰণৰ ৰানাৰ্ছ আপ ভাৰত, ইংলেণ্ড, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড, বাংলাদেশ আৰু আফগানিস্তানকে ধৰি ৮টা দলে অংশগ্ৰহণ কৰে । এইবাৰ ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজ চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাৰ অংশ হ’ব নোৱাৰিলে ।