KKR vs RCB IPL 2025 Match Result: প্ৰথম মেচতে মুখ থেকেচা ডিফেণ্ডিং চেম্পিয়ন কলকাতাৰঃ ১৭ বছৰৰ বেদনা দূৰ আৰচিবিৰ
শক্তিশালী প্ৰদৰ্শনেৰে আজি আই পি এল ২০২৫ৰ প্ৰথমখন মেচত কলকাতা নাইট ৰাইডাৰ্ছক সহজে ৭ উইকেটত পৰাস্ত কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। নতুন অধিনায়ক ৰজত পাটিদাৰৰ নেতৃত্বত দলটোৱে আজি ঘটাইছে প্ৰত্যাশিত আৰম্ভণি।

২০০৮ চনৰ ১৮ এপ্ৰিল। ক্ৰিকেট বিশ্বত উক্ত দিনটোতে আত্মপ্ৰকাশ ঘটাইছিল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আই পি এলে। বাংগালুৰুত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচত মুখামুখি হৈছিল কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। উক্ত মেচখনত কলকাতাৰ বিপক্ষে প্ৰায় বিধ্বস্ত হৈ পৰিছিল বাংগালুৰু। কলকাতাৰ এগৰাকী বেটাৰে মেচখনত সংগ্ৰহ কৰা ৰানতকৈও কম ৰান সংগ্ৰহ কৰি বাংগালুৰু লজ্জাজনক পৰাজয়ৰ সন্মুখীন হৈছিল। এই শোচনীয় পৰাজয়ৰ ব্যথাই যেন খেদি ফুৰিছিল ফ্ৰেন্সাইজিটোক। অৱশেষত ১৭ টা বছৰৰ মূৰত এই ব্যথা দূৰ কৰাৰ সুযোগ লাভ কৰিলে আৰচিবিয়ে।
আই পি এল ২০২৫ত পুনৰ এবাৰ প্ৰথমখন মেচতে মুখামুখি হ’ল কেকেআৰ আৰু আৰচিবি। এফালে কলকাতাই ডিফেণ্ডিং চেম্পিয়ন হিচাপে মেচখনত নমাৰ পৰিৱৰ্তে বাংগালুৰুৱে প্ৰথমবাৰৰ বাবে খিতাপ জয়ৰ লক্ষ্যৰে প্ৰতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰাৰ প্ৰচেষ্টাৰে অৱতীৰ্ণ হৈছিল ইডেনত। আৰু এই প্ৰচেষ্টাকে আজি ইডেনৰ বুকুত ফলৱৰ্তী কৰি তুলিলে আৰচিবিয়ে। মচি পেলালে ১৮ বৰ্ষৰ পুৰণি গ্লানি।
শক্তিশালী প্ৰদৰ্শনেৰে আজি আই পি এল ২০২৫ৰ প্ৰথমখন মেচত কলকাতা নাইট ৰাইডাৰ্ছক সহজে ৭ উইকেটত পৰাস্ত কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। নতুন অধিনায়ক ৰজত পাটিদাৰৰ নেতৃত্বত দলটোৱে আজি ঘটাইছে প্ৰত্যাশিত আৰম্ভণি। মেচখনত টছত জয়ী হৈ পাটিদাৰে প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লোৱাৰ পিছত কলকাতাৰ হৈ ইনিংছ আৰম্ভ কৰিছিল কুইণ্টন ডে কুক আৰু সুনীল নাৰাইণে।
ইনিংছৰ মাত্ৰ দ্বিতীয়টো বলতে এটা চাৰি কোবাই কুকে এক আক্ৰমণাত্মক মনোভাৱৰ পৰিচয় দিছিল। এই শৈলীৰেই বেটিঙৰ চেষ্টা চলাই তেওঁ তৃতীয়টো বলত এটা কেচ তুলি দিছিল যদিও জীৱনদান পায়। পিছে ইয়াৰ পিছত বেছিসময় নিটিকিল কুক আৰু অভাৰটোৰ পঞ্চমটো বলতে তেওঁক বিদায় দিয়ে হেজেলউডে। ইয়াৰ পিছত কলকাতাৰ ইনিংছ গঢ় দিয়ে অধিনায়ক ৰাহানে আৰু নাৰাইণে।
নিলামত প্ৰথম অৱস্থাত আনচ’ল্ড হৈ থাকি পিছত কলকাতা দলত অন্তৰ্ভুক্ত হোৱা ৰাহানেৰ ওপৰত আস্থা প্ৰকাশ কৰি ফ্ৰেন্সাইজিটোৱে দিয়ে অধিনায়কৰ দায়িত্ব। এই দায়িত্ব নিজৰ বেটিঙেৰে ঠিকেই পালন কৰে ৰাহানেই। প্ৰথমৰ পৰাই আক্ৰমণাত্মক শৈলী গ্ৰহণ কৰি ৰাহানেই অধিনায়কোচিত বেটিঙেৰে মাত্ৰ ৩১টা ৬টা চাৰি আৰু ৪টা ছয়েৰে দললৈ ৫৬ ৰানৰ সৰ্বাধিক অৱদান আগবঢ়ায়।
ৰাহানেৰ লগতে নাৰাইণৰ বেটৰ পৰা আহে দ্বিতীয় সৰ্বাধিক ৪৪ ৰান। দুয়ো দ্বিতীয় উইকেট ১০৩ ৰানৰ যুটি বান্ধি এক শক্তিশালী স্থিতি প্ৰদান কৰিছিল যদিও তেওঁলোকৰ উইকেট পতনৰ পিছত দলৰ ছন্দপতন ঘটে আৰু ২০ অভাৰলৈ ৮উইকেটত মাত্ৰ ১৭৪ ৰান সংগ্ৰহ কৰে। ৰাহানে আৰু নাৰাইণৰ বাদে যুৱ বেটাৰ অংকৃশ ৰঘূবংশীৰ বেটৰ পৰা আহে ৩০ ৰান। তেওঁলোকৰ বাদে দলৰ আন বেটাৰসকল সম্পূৰ্ণ ব্যৰ্থ হয়।
আৰচিবিৰ হৈ ক্ৰুনাল পাণ্ডিয়াই দৰ্শনীয় বলিঙেৰে ২৯ ৰানত ৩টা উইকেট দখল কৰে। হেজেলউডে ২টা আৰু য়শ, সুয়শ, ৰাছিখে এটাকৈ উইকেট লাভ কৰে। ইফালে জয়ৰ বাবে ১৭৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি বাংগালুৰুৰ অপেনাৰদ্বয় ফিল ছল্ট আৰু বিৰাট কোহলীয়ে বিস্ফোৰক আৰম্ভণি ঘটায়। দুয়ো কলকাতাৰ বলিং আক্ৰমণক দিশহাৰা কৰি প্ৰথম উইকেটত মাত্ৰ ৮.৩ অভাৰতে ৯৫ ৰান যোগ দিয়ে।
বিগত ছিজনত কলকাতাৰ খিতাপ জয়ৰ অন্যতম এগৰাকী নায়ক ছল্টে মাত্ৰ ৩১টা বলত ৯টা চাৰি আৰু ২টা চাৰিৰে ৫৬ ৰান সংগ্ৰহ কৰি বৰুণ চক্ৰৱৰ্তীৰ বলত বিদায় লয়। অৱশ্যে তাৰ পূৰ্বে ছল্টে বৰুণৰ এটা অভাৰতে ২০ ৰান সংগ্ৰহ কৰি চমক দিয়ে। ইয়াৰ পিছত অৱশ্যে ইম্পেক্ট প্লেয়াৰৰ ৰূপত ক্ৰীজলৈ অহা পাড়িক্কাল (১০) ব্যৰ্থ হয়। অধিনায়ক পাটিদাৰেও জয়ৰ পথ চমু চপাই আনি মাত্ৰ ১৬টা বলত ৩৪ ৰান কৰি বিদায় লয়।
ইয়াৰ পিছত আৰু দলৰ ইনিংছত কোনো হানি ঘটিবলৈ নিদিলে কোহলী-লিভিংষ্ট’নে। দুয়ো খৰতকীয়াকৈ ৰান সংগ্ৰহ কৰি ১৬.২ অভাৰত দলক জয়ৰ লক্ষত উপনীত কৰায়। মাত্ৰ ৩৬টা বলত ৪টা চাৰি আৰু ৩টা ছয়েৰে কোহলীয়ে ৫৯ ৰানত আৰু লিভিংষ্ট’নে ১৫ ৰানত অপৰাজিত থাকে। মেচৰ গতি সলনি কৰি দিয়া গুৰুত্বপূৰ্ণ বলিং স্পেলৰ বাবে পাণ্ডিয়া মেচৰ শ্ৰেষ্ঠ বিবেচিত হয়।