এয়া কি! খেলপথাৰতে সমুখ সমৰত নামিল হৰভজন-আখতাৰঃ কিয় ঘটিল এনে…

ভাৰত-পাক মেচৰ সময়ত খেলপথাৰত পাক স্পীডষ্টাৰ ছোৱেইব আখতাৰ আৰু ভাৰতীয় তাৰকা হৰভজন সিঙৰ মাজত খেলপথাৰত আক্ৰমণ-প্ৰত্যাক্ৰমণ বহুবাৰ দেখা পোৱা গৈছিল। এইবাৰ দুয়োকে পুনৰ খেলপথাৰৰ ভিতৰতে শাৰীৰিক আক্ৰমণৰ বাবে উদ্যত হোৱা দেখা পোৱা গ’ল।

এয়া কি! খেলপথাৰতে সমুখ সমৰত নামিল হৰভজন-আখতাৰঃ কিয় ঘটিল এনে…

আখতাৰ-হৰভজনৰ কাজিয়া!

Updated On: 

10 Feb 2025 11:39 AM

ভাৰত-পাকিস্তানৰ ক্ৰিকেট মেচত স্বাভাৱিকতেই থাকে এক বিশেষ ৰোমাঞ্চ। অনুৰাগীৰ পৰা খেলুৱৈলৈকে সকলোকে এই ৰোমাঞ্চে স্পৰ্শ কৰে। স্পষ্ট ৰূপত দেখা যায় ইয়াৰ প্ৰভাৱ। বৰ্তমান সময়ত খেলপথাৰত দুয়োটা দলৰ খেলুৱৈৰ মাজত কোনো অপ্ৰীতিকৰ পৰিস্থিতি দেখা পোৱা নগ’লেও পিছে এসময়ত ক্ৰিকেটীয় যুঁজৰ সমান্তৰালকৈ দুয়োটা দলৰ খেলুৱৈৰ মাজত খেলপথাৰৰ ভিতৰতে মৌখিক আক্ৰমণৰ দৃশ্য তেনেই সুলভ আছিল। বহু সময়ত এনে ঘটনা কিছু উত্তেজনাপূৰ্ণও হৈ উঠিছিল। তেনে বহু দৃশ্য প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমীৰেই স্মৃতিত যে ভাহি আছে, সেয়া নিশ্চিত।

দুই চুবুৰীয়া শক্তিৰ মেচৰ সময়ত খেলপথাৰত প্ৰায়েই আক্ৰমণাত্মক ৰূপত দেখা গৈছিল পাক স্পীডষ্টাৰ ছোৱেইব আখতাৰ। ভয়াৱহ গতিৰ সমান্তৰালকৈ মৌখিক আক্ৰমণেৰেও ভাৰতীয় দলত ব্যতিব্যস্ত কৰি তুলিছিল বিশ্বৰ আটাইতকৈ দ্ৰুতবেগী বলাৰগৰাকীয়ে। অৱশ্যে ভাৰতীয় দলৰ পৰাও শুনা বা দেখা গৈছিল প্ৰত্যুত্তৰ। এইক্ষেত্ৰত প্ৰথমেই নাম আহে হৰভজনৰ। আখতাৰ আৰু হৰভজনৰ মাজত খেলপথাৰত তেনে আক্ৰমণ-প্ৰত্যাক্ৰমণ বহুবাৰ দেখা গৈছে।

কেৱল খেলুৱৈ হিচাপেই নহয়, অৱসৰৰ পিছতো দুয়ো সামাজিক মাধ্যমত প্ৰায়ে পাৰস্পৰিক কটাক্ষপূৰ্ণ মন্তব্য কৰা দেখা যায়। অৱশ্যে দুয়োৰে মাজত থকা বন্ধুত্বৰ কথাও সকলোৱে বিদিত। দুয়ো মুকলিকৈয়ে কেইবাবাৰো তেওঁলোকৰ বন্ধুত্বৰ কথা উল্লেখ কৰিছে। পিছে শেহতীয়াকৈ হৰভজন আৰু আখতাৰক দেখা গ’ল এক আন এক ৰূপত। খেলপথাৰৰ ভিতৰতে হাত তুলি পৰস্পৰক আক্ৰমণৰ বাবে উদ্যত হোৱা অৱস্থাত দেখা গ’ল দুই প্ৰাক্তন তাৰকাক।

এই ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। আনকি পাক তাৰকা আখতাৰে হৰভজনক দুহাতেৰে গতিয়াই দিয়াও দেখা গৈছে ভিডিঅ’টোত। হৰভজনে হাতত বেট দাঙি খেদি যোৱাৰ বিপৰীতে আনফালৰ পৰা আখতাৰেও হাতত বল এটা লৈ চলায় আক্ৰমণ। এই দৃশ্যই স্বাভাৱিকতেই দৃষ্টি আকৰ্ষণ কৰে সকলোৰে। অৱশ্যে এয়া দুয়োৰে মাজত কোনো প্ৰকৃত কাজিয়া নাছিল। দুয়ো বন্ধুৱে ধেমেলীয়াভাৱেহে এইদৰে আমোদ দিয়ে অনুৰাগীক।

 

ডুবাইত অনুষ্ঠিত ILT20 ফাইনেলৰ বাবে ধাৰাভাষ্যকাৰ হিচাপে উপস্থিত আছিল দুয়োগৰাকী প্ৰাক্তন তাৰকা। এই মেচখনৰ পূৰ্বে এইদৰে ধেমেলীয়া যুঁজত দেখিবলৈ পোৱা যায় হৰভজন আৰু আখতাৰক। এই সময়ত দুয়োগৰাকী খেলুৱৈয়ে ডুবাইৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি থকা দেখা গৈছিল।

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?