আৰ্শীবাদ আৰু সাহস দিয়াৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে লাভলীনাই
দায়বদ্ধতাৰে সমৰ্থন জনোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে অসম গৌৰৱ লাভলীনা বৰগোহাঁয়ে। ইয়াৰ লগতে মুখ্যমন্ত্ৰী গৰাকীৰ আৰ্শীবাদ আৰু সাহস লাভ কৰি ধন্য হোৱাৰ কথাও উল্লেখ কৰিছে অসম গৌৰৱ বক্সাৰ লাভলীনা বৰগোহাঁয়ে ।
ক্ৰীড়া ক্ষেত্ৰত দায়বদ্ধতাৰে সমৰ্থন জনোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে অসম গৌৰৱ লাভলীনা বৰগোহাঁয়ে। ইয়াৰ লগতে মুখ্যমন্ত্ৰী গৰাকীৰ আৰ্শীবাদ আৰু সাহস লাভ কৰি ধন্য হোৱাৰ কথাও উল্লেখ কৰিছে অসম গৌৰৱ বক্সাৰ লাভলীনা বৰগোহাঁয়ে । উল্লেখ্য যে, ৩ ছেপ্টেম্বৰ ৰাজ্যিক ক্ৰীড়া দিৱসৰ দিনা লাভলীনা বৰগোহাঁইৰ সাক্ষাৎ লাভ কৰাৰ পাছতে বক্সাৰ লাভলীনাক অভিনন্দন জ্ঞাপন কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই এটা পোষ্টা শ্বেয়াৰ কৰি কয় যে, পেৰিছ অলিম্পিক ২০২৪ চনত অসাধাৰণ প্ৰদৰ্শনৰ বাবে অসমবাসীৰ হৈ লাভলীনা বৰগোহাঁইক অভিনন্দন জ্ঞাপন কৰিলো । ইয়াৰ লগতে ৰাজ্যিক ক্ৰীড়া দিৱসৰ উপলক্ষে মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘এই ৰাজ্যিক ক্ৰীড়া দিৱসত আহক আমি আমাৰ সকলো ক্ৰীড়াবিদৰ অসাধাৰণ সাফল্য আৰু নিষ্ঠাক উদযাপন কৰোঁ।’
On behalf of the people of Assam, I congratulated @LovlinaBorgohai for her outstanding performance at the #ParisOlympics2024. On this #StateSportsDay, let’s celebrate the inspiring dedication of all our exceptional sportsmen and sportswomen. pic.twitter.com/Q0bvgY18w8
— Himanta Biswa Sarma (@himantabiswa) September 3, 2024
মুখ্যমন্ত্ৰী গৰাকীৰ অভিনন্দন লাভ কৰা পাছতে সামাজিক মাধ্যমৰ জৰিয়তে লাভলীনা বৰগোহাঁয়ে কয়,’আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াৰ মোৰ প্ৰতি থকা সমৰ্থনৰ বাবে আন্তৰিক ধন্যবাদ জনাইছো । আপোনাক লগ পাই সঁচাকৈয়ে সন্মানিত হৈছো আৰু আপোনাৰ আশীৰ্বাদ আৰু সাহস পাই ধন্য হৈছো।’
উল্লেখ্য যে,পেৰিছ অলিম্পিক ২০২৪ৰ কোৱাৰ্টাৰ ফাইনেলত চীনা প্ৰতিদ্বন্দ্বীৰ লি কিয়ানৰ হাতত পৰাস্ত হৈছিল ভাৰতীয় বক্সাৰ লাভলীনা বৰগোহাঁই । যদিও তেওঁ পৰাস্ত হৈছিল তথাপিও ক্ৰীড়া ক্ষেত্ৰত তেওঁৰ অসাধাৰণৰ যাত্ৰাৰ বাবে দেশৰ লগতে ৰাজ্যবাসীয়ে অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁক লৈ গৌৰৱ অনুভৱ কৰিছিল ।
মনকৰিবলগীয়া যে, ২০১৬ চনৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে লাভলীনাই । তেওঁ ২০১৭ চনত ভিয়েটনামৰ হো চি মিন চিটিত অনুষ্ঠিত হোৱা মহিলাৰ এছিয়ান চেম্পিয়নশ্বিপ বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক আৰু ২০১৮ চনৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা লগতে ২০২১ চনত অনুষ্ঠিত টকিঅ’ অলিম্পিকত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে ।
২০২০ চনত লাভলীনাক ভাৰত চৰকাৰে অৰ্জুন বঁটা প্ৰদান কৰে। ২০২১ বৰ্ষত লাভলীনাক ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ‘মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা’ৰ বক্সিঙৰ শিতানৰ বাবে মনোনীত কৰা হৈছিল।