শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

DC vs LSG Live Score, IPL 2025: বিশাখাপট্টনমত ৰূদ্ৰ ৰূপ আশুতোষৰঃ ‘ইম্পেক্ট’ শ্ব’ৰে দিল্লীক দিলে ৰোমাঞ্চকৰ জয়

Lucknow Super Giants vs Delhi Capitals, Live Score in Assamese: বাপুৰ কান্ধত ভৰ দি এইবাৰ নিজৰ প্ৰথমটো আই পি এল খিতাপৰ সন্ধান চলাইছে দিল্লীয়ে। আনহাতে বিগত কেইবাটাও ছিজনত দিল্লীক প্ৰতিনিধিত্ব কৰাৰ পিছত প্ৰথমবাৰ আন দলৰ হৈ আই পি এলত নামিবলৈ সাজু হৈছে ঋষভ পণ্ট। এইবাৰ ছিজনৰ আটাইতকৈ দামী খেলুৱৈৰ ৰূপত পণ্টক দললৈ আনি লক্ষ্ণৌৱে তেওঁকে অৰ্পণ কৰিছে অধিনায়কৰ দায়িত্ব।

monjit-dutta
Monjit Dutta | Updated On: 24 Mar 2025 23:43 PM
DC vs LSG Live Score, IPL 2025: বিশাখাপট্টনমত ৰূদ্ৰ ৰূপ আশুতোষৰঃ ‘ইম্পেক্ট’ শ্ব’ৰে দিল্লীক দিলে ৰোমাঞ্চকৰ জয়
আজি আই পি এলত DC আৰু LSGৰ যুঁজ

আজি আই পি এল ২০২৫ত অভিযান আৰম্ভ কৰিব লক্ষ্ণৌ চুপাৰ জায়েণ্টছ আৰু দিল্লী কেপিটেলছে। দুগৰাকী নতুন অধিনায়কৰ তত্বাৱধানত আজি বিশাখপট্টনমত ছিজনৰ নিজৰ প্ৰথমখন মেচত নামিব দুয়োটা দল। প্ৰথমবাৰৰ বাবে অধিনায়কৰ গুৰুদায়িত্ব বহন কৰিবলৈ সাজু হৈছে বাপু খ্যাত অক্ষৰ পেটেল। বাপুৰ কান্ধত ভৰ দি এইবাৰ নিজৰ প্ৰথমটো আই পি এল খিতাপৰ সন্ধান চলাইছে দিল্লীয়ে। আনহাতে বিগত কেইবাটাও ছিজনত দিল্লীক প্ৰতিনিধিত্ব কৰাৰ পিছত প্ৰথমবাৰ আন দলৰ হৈ আই পি এলত নামিবলৈ সাজু হৈছে ঋষভ পণ্ট। এইবাৰ ছিজনৰ আটাইতকৈ দামী খেলুৱৈৰ ৰূপত পণ্টক দললৈ আনি লক্ষ্ণৌৱে তেওঁকে অৰ্পণ কৰিছে অধিনায়কৰ দায়িত্ব।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 24 Mar 2025 11:24 PM (IST)

    আশুতোষৰ অনন্য ‘ইম্পেক্ট‘, ১ উইকেটত জয় দিল্লীৰ

    বিধ্বংসী ইনিংছেৰে বিশাখাপট্টনমত চমক সৃষ্টি কৰিলে আশুতোষ শৰ্মাই। মাত্ৰ ৩১টা বলত ৬৬ ৰানৰ এক মেচ বিজয়ী দুৰন্ত ইনিংছ খেলি আশুতোষে দিল্লীৰ বাবে কঢ়িয়ালে এক উইকেটৰ ৰোমাঞ্চকৰ বিজয়। নিজ ইনিংছত ৬টাকৈ ছয় আৰু চাৰি কোবাই অন্তিম অভাৰত দিল্লীক জয়ৰ সোৱাদ দিয়ে ইম্পেক্ট প্লেয়াৰৰ ৰূপত ক্ৰীজলৈ অহা যুৱ বেটাৰগৰাকীয়ে।

  • 24 Mar 2025 11:14 PM (IST)

    অন্তিম অভাৰত প্ৰয়োজন ৬ ৰানৰ

    দিল্লীক অন্তিম অভাৰত জয়ী হ’বলৈ প্ৰয়োজন ৬ ৰানৰ। হাতত আছে মাত্ৰ এটা উইকেট।

  • 24 Mar 2025 11:13 PM (IST)

    দিল্লীৰ আশা আশুতোষ

    কুলদীপৰ উইকেট পতন হ’লেও দৰ্শনীয় অৰ্ধশতকীয় ইনিংছেৰে দিল্লীৰ আশা জগাই ৰাখিছে আশুতোষ শৰ্মাই।

  • 24 Mar 2025 11:05 PM (IST)

    ষ্টাৰ্কৰ উইকেট দখল বিষ্ণৈৰ

    ৰবি বিষ্ণৈয়ে দখল কৰিছে মিচেল ষ্টাৰ্কৰ উইকেট। এইদৰে দিল্লীয়ে হেৰুৱাইছে অষ্টমটো উইকেট।

  • 24 Mar 2025 11:01 PM (IST)

    অন্ত পৰিল বিপৰাজৰ যুঁজাৰু ইনিংছ

    ১৫টা বলত ৩৯ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলি বিদায় ল’লে বিপৰাজ নিগমে। এইদৰে দিল্লীয়ে হেৰুৱাইছে সপ্তমটো উইকেট। বিপৰাজ আউট হোৱাৰ পিছতে ক্ৰীজলৈ আহিল ষ্টাৰ্ক।

  • 24 Mar 2025 10:52 PM (IST)

    ১৫০ৰ সীমা পাৰ দিল্লীৰ

    ১১৩ ৰানত ষষ্ঠটো উইকেট পতনৰ পিছত যুঁজাৰু বেটিঙেৰে মেচখনত দিল্লীক প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাইছে বিপৰাজ আৰু আশুতোষে। দুয়োৰে প্ৰচেষ্টাত দিল্লীৰ স্ক’ৰ ১৫০ৰ পাৰ হৈছে।

  • 24 Mar 2025 10:40 PM (IST)

    ষ্টাবছক বিদায় দিলে সিদ্ধাৰ্থই

    ক্ৰমাগত দুটা বলত দুটা বিশাল ছয়েৰে ট্ৰিষ্টান ষ্টাবছে দিল্লীৰ অনুৰাগীক আনন্দিত কৰি তুলিছিল যদিও পিছৰটো বলতে সিদ্ধাৰ্থই ষ্টাবছক পেভিলিয়নৰ পথ দেখুৱায়। তেওঁৰ বেটৰ পৰা আহে ৩৬ ৰান।

  • 24 Mar 2025 10:34 PM (IST)

    শতক সম্পূৰ্ণ হ’ল দিল্লীৰ

    ১১.৫ অভাৰত ১০০ ৰান সম্পূৰ্ণ হৈছে দিল্লীৰ। দলটোক এতিয়া অন্তিম ৮.১ অভাৰত জয়ৰ বাবে ১১০ ৰানৰ প্ৰয়োজন।

  • 24 Mar 2025 10:16 PM (IST)

    দিল্লীয়ে হেৰুৱালে পঞ্চমটো উইকেট

    নিজ স্পেলৰ প্ৰথমটো অভাৰতে সফলতা লাভ কৰিছে ৰবি বিষ্ণৈয়ে। লেগ স্পিনাৰগৰাকীয়ে বিদায় দিয়ে অভিজ্ঞ তাৰকা ডু প্লেছিছক। তেওঁৰ বেটৰ পৰা আহে ২৯ ৰান।

  • 24 Mar 2025 10:05 PM (IST)

    অক্ষৰো উভতিল পেভিলিয়নলৈ

    দায়িত্বশীল বেটিঙেৰে অধিনায়ক অক্ষৰে দলক বিপৰ্যয়ৰ পৰা উদ্ধাৰৰ চেষ্টা চলাইছিল যদিও এই চেষ্টাও দীঘলীয়া নহ’ল। যুৱ স্পিনাৰ দিগৱেশৰ বলত পুৰাণৰ হাতত কেচ দি বিদায় লয় অক্ষৰে। তেওঁৰ বেটৰ পৰা আহে ১১ বলত ২২ ৰান।

  • 24 Mar 2025 09:47 PM (IST)

    সমীৰ ৰিজভিৰো বিদায়

    দিল্লীয়ে হেৰুৱাইছে আন এটা উইকেট। মাত্ৰ ৪ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতিছে সমীৰ ৰিজভিও।

  • 24 Mar 2025 09:43 PM (IST)

    প্ৰথম অভাৰতে চমক শ্বাৰ্দুলৰ

    ২১০ ৰানৰ লক্ষ্য অনুসৰণ কৰি প্ৰথম অভাৰতে দুটাকৈ আঘাত সহ্য কৰিবলগা হৈছে দিল্লীয়ে। ইনিংছৰ তৃতীয় আৰু পঞ্চমটো বলত শ্বাৰ্দুলে বিদায় দিয়ে ফ্ৰেজাৰ আৰু প’ৰেলক।

  • 24 Mar 2025 09:22 PM (IST)

    দিল্লীৰ সমুখত ২১০ ৰানৰ লক্ষ্য

    অন্তিম দুটা বলত দুটা ছয় কোবাই দলৰ স্ক’ৰ ২০৯ ৰানত উপনীত কৰায় ডেভিদ মিলাৰে। এইদৰে দিল্লীৰ সমুখত ২১০ ৰানৰ জয়ৰ লক্ষ্য বান্ধি দিছে লক্ষ্ণৌৱে।

  • 24 Mar 2025 09:17 PM (IST)

    ১৯ অভাৰত ষ্টাৰ্কৰ চমক

    একেটা অভাৰতে প্ৰথমে শ্বাহবাজ আহমেদ আৰু তাৰ পিছতে ৰবি বিষ্ণৈৰ উইকেট দখলেৰে নিজৰ স্পেলৰ সামৰণি পেলালে ষ্টাৰ্কে।

  • 24 Mar 2025 09:04 PM (IST)

    ৰান আউট হ’ল শ্বাৰ্দুল

    একেটা অভাৰতে দুটা উইকেট হেৰুৱাইছে লক্ষ্ণৌৱে। কোনো ৰান নকৰাকৈয়ে ৰান আউট হ’ল শ্বাৰ্দুল ঠাকুৰ।

  • 24 Mar 2025 09:02 PM (IST)

    পেভিলিয়নলৈ উভতিল বাদনি

    কুলদীপ যাদৱৰ হাতলৈ আহিছে দ্বিতীয়টো সফলতা। মাত্ৰ ৪ ৰান কৰি ক্ৰীজ এৰিলে যুৱ বেটাৰ আয়ুস বাদনি।

  • 24 Mar 2025 08:50 PM (IST)

    ষ্টাৰ্কে বিদায় দিলে পুৰাণক

    মাত্ৰ ৩০ বলত ৭৫ ৰানৰ এক মাৰমুখী ইনিংছ খেলি বিদায় ল’লে পুৰাণে। ষ্টাৰ্কে দখল কৰিলে পুৰাণৰ গুৰুত্বপূৰ্ণ উইকেট।

  • 24 Mar 2025 08:41 PM (IST)

    ৰান নকৰাকৈয়ে উভতিল পন্ট

    কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে পেভিলিয়নলৈ উভতিল লক্ষ্ণৌৰ অধিনায়ক ঋষভ পন্ট। কুলদ্বীপ যাদৱৰ বলত ডু প্লেছিছৰ হাতত কেচ আউট হয় পণ্ট।

  • 24 Mar 2025 08:34 PM (IST)

    ৭২ ৰান কৰি পেভিলিয়নমুখী মিচেল মাৰ্শ্ব

    মুকেশ কুমাৰৰ বলত ষ্টাবছৰ হাতত কেচ আউট মিচেল মাৰ্শ্ব। ৩৬ টা বলত বিস্ফোৰক ৭২ ৰাণ সংগ্ৰহ কৰে মাৰ্শ্বে। নিজৰ ইনিংছটোত মাৰ্শ্বে কোবায় ৬ টা চাৰি আৰু ৬ টা ছয়। মাৰ্শ্ব আউট হোৱাৰ পাছত ফিল্ডত নামিছে অধিনায়ক ঋষভ পন্ট।

  • 24 Mar 2025 08:15 PM (IST)

    শতক সম্পূৰ্ণ লক্ষ্ণৌৰ

    মাৰ্ক্ৰামৰ উইকেট পতন ঘটিলেও আক্ৰমণাত্মক শৈলী অব্যাহত ৰাখিছে মাৰ্শ্ব আৰু পুৰাণে। দুয়োৰে বিস্ফোৰক বেটিঙৰ ফলত মাত্ৰ ৮.১ অভাৰতে দলৰ স্ক’ৰে শতকৰ ঘৰ চুইছে।

  • 24 Mar 2025 08:03 PM (IST)

    জীৱনদান পালে পুৰাণে

    বিস্ফোৰক বেটিঙেৰে আৰম্ভণি কৰা নিক’লাছ পুৰাণে ব্যক্তিগত ১৭ ৰানত লাভ কৰিছে জীৱনদান। সমিৰ ৰিজভিয়ে ড্ৰপ কৰে পুৰাণে তুলি দিয়া এটা সহজ কেচ।

  • 24 Mar 2025 08:01 PM (IST)

    অৰ্ধশতক সম্পূৰ্ণ মাৰ্শ্বৰ

    আক্ৰমণাত্মক বেটিঙেৰে মিচেল মাৰ্শ্বে লক্ষ্ণৌক সুন্দৰ আৰম্ভণি দিয়াৰ লগতে মাত্ৰ ২১ বলতে অৰ্ধশতক সম্পূৰ্ণ কৰিছে।

  • 24 Mar 2025 07:58 PM (IST)

    মাৰ্শ্বৰ আক্ৰমণ অব্যাহত, পাৱাৰ প্লে’ত লক্ষ্ণৌৰ ৰান

    আক্ৰমণাত্মক বেটিং অব্যাহত ৰাখিছে মিচেল মাৰ্শ্বে। তেওঁৰ ৪৩ ৰানৰ সহায়ত লক্ষ্ণৌৱে পাৱাৰ প্লে’ত সংগ্ৰহ কৰিছে ৬৪ ৰান।

  • 24 Mar 2025 07:53 PM (IST)

    বিপৰাজে বিদায় দিলে মাৰ্ক্ৰামক

    নিজৰ প্ৰথমখন আই পি এল মেচ খেলা বিপৰাজ নিগমে প্ৰথমটো সফলতা ৰূপত মাৰ্ক্ৰামক বিদায় দি লক্ষ্ণৌক প্ৰথমটো আঘাত দিছে।

  • 24 Mar 2025 07:43 PM (IST)

    ষ্টাৰ্কৰ খৰচী অভাৰ

    নিজ স্পেলৰ দ্বিতীয়টো অভাৰত যথেষ্ট খৰচী বিবেচিত হয় মিচেল ষ্টাৰ্ক। অভাৰটোত ২টাকৈ ছয় আৰু চাৰিসহ মুঠ ২১ ৰান খৰচ কৰে পেচাৰগৰাকীয়ে।

  • 24 Mar 2025 07:38 PM (IST)

    অধিনায়ক অক্ষৰৰ হাতত বল

    দ্বিতীয় অভাৰতে স্পীন আক্ৰমণ আৰম্ভ কৰিছে দিল্লীয়ে। অধিনায়ক অক্ষৰ পেটেলে অভাৰটোত ৫ ৰান ব্যয় কৰে।

  • 24 Mar 2025 07:36 PM (IST)

    প্ৰথম বলতে ছয় মাৰ্শ্বৰ

    ষ্টাৰ্কৰ প্ৰথম পাঁচটা বলত মাৰ্ক্ৰামে ১ ৰান সংগ্ৰহ কৰাৰ পিছত মিচেল মাৰ্শ্বে সন্মুখীন হোৱা প্ৰথমটো বলতে এটা ছয় কোবাই নিজৰ ইনিংছ আৰম্ভ কৰে।

  • 24 Mar 2025 07:30 PM (IST)

    ক্ৰীজত মাৰ্শ্ব-মাৰ্ক্ৰাম

    লক্ষ্ণৌৰ হৈ ইনিংছ মুকলি কৰিবলৈ ক্ৰীজলৈ আহিছে মিচেল মাৰ্শ্ব আৰু এইডেন মাৰ্ক্ৰাম। আনহাতে দিল্লীৰ হৈ বলিং মুকলি কৰিছে মিচেল ষ্টাৰ্কে।

  • 24 Mar 2025 07:12 PM (IST)

    লক্ষ্ণৌৰ মূল একাদশ

    লক্ষ্ণৌৰ মূল একাদশত থাকিব এইডেন মাৰ্ক্ৰাম, মিচেল মাৰ্শ্ব, নিকোলাছ পুৰাণ, আয়ুস বাদনি, ঋষভ পণ্ট (অধিনায়ক), ডেভিড মিলাৰ, প্ৰিন্স যাদৱ, দিগৱেশ ৰাঠী, শ্বাহবাজ আহমেদ, শ্বাৰ্দুল ঠাকুৰ, ৰবি বিষ্ণৈ।

  • 24 Mar 2025 07:10 PM (IST)

    দিল্লীৰ মূল একাদশ

    দিল্লী কেপিটেলছৰ মূল একাদশত আছে জেক ফ্ৰেজাৰ-মেকগুৰ্ক, ফাফ ডু প্লেছিছ, অভিষেক পোৰেল, সমীৰ ৰিজভি, অক্ষৰ পেটেল (অধিনায়ক), ট্ৰিষ্টান ষ্টাবচ, বিপৰাজ নিগম, মিচেল ষ্টাৰ্ক, কুলদীপ যাদৱ, মোহিত শৰ্মা, মুকেশ কুমাৰ।

  • 24 Mar 2025 07:08 PM (IST)

    বিশাখাপট্টনমত আজি বন্ধুৰ বিপক্ষে বন্ধু

    কেইবাটাও ছিজনত একেলগে দিল্লীৰ হৈ খেলাৰ পিছত এইবাৰ পৰস্পৰৰ বিপক্ষে ক্ৰিকেট ৰণত নামিবলৈ সাজু হৈছে অক্ষৰ আৰু পণ্ট। দুয়ো বন্ধুৰ কান্ধত থাকিব এইবাৰ প্ৰতিপক্ষ দলৰ অধিনায়কৰ দায়িত্ব।

     

     

  • 24 Mar 2025 07:03 PM (IST)

    টছত জয়ী দিল্লী, প্ৰথমে বলিঙৰ সিদ্ধান্ত

    টছত জয়ী হৈ দিল্লী কেপিটেলছৰ অধিনায়ক অক্ষৰ পেটেলে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে। অধিনায়ক হিচাপে নিজৰ প্ৰথমখন মেচতে এইদৰে টছত সফল হৈছে অক্ষৰ।

Published On - Mar 24,2025 6:58 PM